--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণৰ বলি হোৱা ১৪ বছৰীয়া কিশোৰী এগৰাকীক অৱশেষত সকাহ দিলে আদালতে।  কিশোৰীক গৰ্ভপাতৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে । ভাৰতৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে ১৪ বছৰীয়া ধৰ্ষণৰ বলি হৈ গৰ্ভৱতী হোৱা কিশোৰীগৰাকীক  তেনে অনুমতি প্ৰদান কৰি  এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা  কৰে। উচ্চতম ন্যায়ালয়ৰ এনে   সিদ্ধান্তই  বোম্বাই উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ সিদ্ধান্তক বাতিল কৰে।

  বোম্বাই উচ্চ ন্যায়ালয়ে কিশোৰীগৰাকীক  গৰ্ভপাতৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰি  মুম্বাইৰ লোকমান্য তিলক চিকিৎসালয়ৰ ডীনক গৰ্ভপাত কৰাৰ বাবে এটা চিকিৎসা দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।ছোৱালীজনীৰ মাতৃয়ে বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁৰ সন্তানৰ  গৰ্ভপাত  কৰিবলৈ অস্বীকাৰ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিছিল। ১৯  এপ্ৰিলত আদালতে নাবালিকাগৰাকীক  চিকিৎসা পৰীক্ষা কৰাবলৈ নিৰ্দেশ দিছিল। মুম্বাইৰ  চিকিৎসালয়খনক ছোৱালীজনীৰ সাম্ভাব্য শাৰীৰিক আৰু মানসিক প্ৰভাৱৰ বিষয়ে প্ৰতিবেদন দিয়াৰ দায়িত্ব দিয়া হৈছিল ।

'মেডিকেল টাৰ্মিনেচন আইন' (এমটিপি)ৰ অধীনত, গৰ্ভপাতৰ সৰ্বাধিক গৰ্ভধাৰণৰ  সময় হৈছে ২৪ সপ্তাহ, কেৱল বিবাহিতা মহিলাৰ বাবেই নহয়, লগতে ধৰ্ষণৰ পৰা বাচি যোৱা লোক, বিকলাঙ্গ লোক আৰু নাবালিকাৰ দৰে লোকৰ ক্ষেত্ৰতো এই নিয়ম খাটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ