--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে ২৯ সংখ্যক কলকাতা চলচ্চিত্ৰ মহোৎসৱত কেইবাগৰাকীও তাৰকাই শোভাবৰ্ধন কৰে। সৌৰভ গংগোপাধ্যায়, শত্ৰুঘন সিনহা, সোনাক্ষী সিনহা, মহেশ ভাট, অনিল কাপুৰে বক্তব্য ৰাখে। কিন্তু ছলমান খানৰ বক্তব্যই দৰ্শকৰ মাজত ব্যাপক হৈ চৈৰ সৃষ্টি কৰিছে।

সাধাৰণতে চলচ্চিত্ৰ মহোৎসৱলৈ অহা বিশিষ্ট অতিথিৰ গম্ভীৰ ভাষণ শুনাত দৰ্শক অভ্যস্ত। কিন্তু ছলমান খানে স্বভাৱসুলভ ব্যংগভৰা কথাৰে কয়- "মোৰ আগতে যিসকলে কথা কৈ গ’ল, তেওঁলোকে মোলৈ একো নাৰাখিলে।’’

যোৱা ১৩ মে’ত কলকাতাৰ ইষ্ট বেংগল খেলপথাৰত কনচাৰ্ট কৰিছিল ছলমানে। সেইবাৰ তেওঁ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰে। সেই বিষয়টো স্মৰণ কৰি ছলমানে কয় যে- ''যোৱাবাৰ দিদীয়ে অনুৰোধ কৰিছিল। প্ৰতিশ্ৰুতি দি আজি ইয়ালৈ আহিছো।'' তাৰপাছত নিজৰ ছবিৰ এটা বিখ্যাত সংলাপ আঁওৰায়-, "কাৰণ এবাৰ কাৰোবাক কথা দিলে মই নিজৰ কথাও নুশুনো।’’

যোৱাবাৰ ছলমান কলকাতালৈ আহি মমতাৰ ঘৰলৈ গৈছিল। মঙলবাৰে অভিনেতাগৰাকীয়ে কয়- ''মই মাত্ৰ চাব বিচাৰিছিলো যে দিদি মোতকৈও সৰু ঘৰত থাকে নেকি। কিন্তু মই গৈ দেখিলোঁ যে সেয়া সঁচা।'' উল্লেখ্য যে দেশৰ এগৰাকী ছুপাৰষ্টাৰ হোৱাৰ পিছতো ছলমানে মুম্বাইৰ বান্দ্ৰাৰ গেলাক্সি ৰেচিডেন্সৰ এটা কোঠাৰ ফ্লেটত থাকে।

হাঁহি হাঁহি অভিনেতাজনে কয়, ‘দিদীক দেখি সঁচাকৈয়ে মোৰ ঈৰ্ষা হয়। কাৰণ মই দেখিলোঁ যে তেওঁ সঁচাকৈয়ে মোতকৈ সৰু ঘৰ এটাত থাকে। আচলতে মোৰ আৰু দিদিৰ দৰে সৰল মনৰ মানুহবোৰক জীয়াই থাকিবলৈ বেছি প্ৰয়োজন নাই।"

মঙলবাৰে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ কাষত মঞ্চত বহিছিল ছলমান। মমতাৰ লগত কথা পতাও দেখা যায়। কিন্তু কেৱল হিন্দী নহয়, ছলমানে দৰ্শকৰ সৈতে বাংলা ভাষাতো কথা পাতিলে। মূখ্যমন্ত্ৰীয়ে যেতিয়া ছলমানক পুনৰ কলকাতালৈ আহিবলৈ অনুৰোধ কৰিছিল তেতিয়া ছলমানে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ পুনৰ এই চহৰলৈ আহি ছবিৰ শ্বুটিং কৰিব। বংগৰ প্ৰতিভাক সন্মান জনাই ভাষণৰ শেষত তেওঁ কয়, "এতিয়াও বলীউড জীয়াই আছে কাৰণ বাঙালী আছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান