--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে ২৯ সংখ্যক কলকাতা চলচ্চিত্ৰ মহোৎসৱত কেইবাগৰাকীও তাৰকাই শোভাবৰ্ধন কৰে। সৌৰভ গংগোপাধ্যায়, শত্ৰুঘন সিনহা, সোনাক্ষী সিনহা, মহেশ ভাট, অনিল কাপুৰে বক্তব্য ৰাখে। কিন্তু ছলমান খানৰ বক্তব্যই দৰ্শকৰ মাজত ব্যাপক হৈ চৈৰ সৃষ্টি কৰিছে।

সাধাৰণতে চলচ্চিত্ৰ মহোৎসৱলৈ অহা বিশিষ্ট অতিথিৰ গম্ভীৰ ভাষণ শুনাত দৰ্শক অভ্যস্ত। কিন্তু ছলমান খানে স্বভাৱসুলভ ব্যংগভৰা কথাৰে কয়- "মোৰ আগতে যিসকলে কথা কৈ গ’ল, তেওঁলোকে মোলৈ একো নাৰাখিলে।’’

যোৱা ১৩ মে’ত কলকাতাৰ ইষ্ট বেংগল খেলপথাৰত কনচাৰ্ট কৰিছিল ছলমানে। সেইবাৰ তেওঁ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰে। সেই বিষয়টো স্মৰণ কৰি ছলমানে কয় যে- ''যোৱাবাৰ দিদীয়ে অনুৰোধ কৰিছিল। প্ৰতিশ্ৰুতি দি আজি ইয়ালৈ আহিছো।'' তাৰপাছত নিজৰ ছবিৰ এটা বিখ্যাত সংলাপ আঁওৰায়-, "কাৰণ এবাৰ কাৰোবাক কথা দিলে মই নিজৰ কথাও নুশুনো।’’

যোৱাবাৰ ছলমান কলকাতালৈ আহি মমতাৰ ঘৰলৈ গৈছিল। মঙলবাৰে অভিনেতাগৰাকীয়ে কয়- ''মই মাত্ৰ চাব বিচাৰিছিলো যে দিদি মোতকৈও সৰু ঘৰত থাকে নেকি। কিন্তু মই গৈ দেখিলোঁ যে সেয়া সঁচা।'' উল্লেখ্য যে দেশৰ এগৰাকী ছুপাৰষ্টাৰ হোৱাৰ পিছতো ছলমানে মুম্বাইৰ বান্দ্ৰাৰ গেলাক্সি ৰেচিডেন্সৰ এটা কোঠাৰ ফ্লেটত থাকে।

হাঁহি হাঁহি অভিনেতাজনে কয়, ‘দিদীক দেখি সঁচাকৈয়ে মোৰ ঈৰ্ষা হয়। কাৰণ মই দেখিলোঁ যে তেওঁ সঁচাকৈয়ে মোতকৈ সৰু ঘৰ এটাত থাকে। আচলতে মোৰ আৰু দিদিৰ দৰে সৰল মনৰ মানুহবোৰক জীয়াই থাকিবলৈ বেছি প্ৰয়োজন নাই।"

মঙলবাৰে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ কাষত মঞ্চত বহিছিল ছলমান। মমতাৰ লগত কথা পতাও দেখা যায়। কিন্তু কেৱল হিন্দী নহয়, ছলমানে দৰ্শকৰ সৈতে বাংলা ভাষাতো কথা পাতিলে। মূখ্যমন্ত্ৰীয়ে যেতিয়া ছলমানক পুনৰ কলকাতালৈ আহিবলৈ অনুৰোধ কৰিছিল তেতিয়া ছলমানে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ পুনৰ এই চহৰলৈ আহি ছবিৰ শ্বুটিং কৰিব। বংগৰ প্ৰতিভাক সন্মান জনাই ভাষণৰ শেষত তেওঁ কয়, "এতিয়াও বলীউড জীয়াই আছে কাৰণ বাঙালী আছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement