--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতিনি ৰাজ্যত শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ পিছতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰগেই বুধবাৰ, অৰ্থাৎ কাইলৈ নতুন দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক আহ্বান কৰিছিল যদিও শেষ মুহূৰ্তত সেই বৈঠক স্থগিত ৰখা হৈছে।  মমতা বেনাৰ্জীৰ লগতে নীতিশ কুমাৰ আৰু অখিলেশ যাদৱে বুধবাৰে দিল্লীত কংগ্ৰেছে আহ্বান কৰা বিৰোধীৰ ইণ্ডিয়া  মিত্ৰজোঁটৰ বৈঠকত উপস্থিত নাথাকে বুলি জনাৰ পিছতে বৈঠক স্থগিত ৰখা হয়।বৈঠকৰ পৰৱৰ্তী তাৰিখ পিছত নিৰ্ধাৰণ কৰা হ'ব বুলি কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰিছে।  


উল্লেখ্য তেলেংগানা বাদ দি তিনিখন ৰাজ্যত দলৰ বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৬ ডিচেম্বৰত ভাৰত মিত্ৰজোঁটৰ এখন বৈঠক আহ্বান কৰিছিল। কিন্তু বৈঠকলৈ মাজত মাত্ৰ এদিন থকাৰ সময়তে  মিত্ৰজোঁটৰ অংশীদাৰসকলৰ  সমীকৰণৰ পৰিৱৰ্তন হৈছে। টিএমচিয়ে তিনিখন ৰাজ্যৰ নিৰ্বাচনত হোৱা বিপৰ্যয়ৰ বাবে কংগ্ৰেছৰ 'দাদাগিৰি'কে দোষাৰোপ কৰিছে। অন্যান্য বিৰোধী আঞ্চলিক দলসমূহেও মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰি সকলো ঠাইতে অকলে যুঁজিবলৈ কংগ্ৰেছে গ্ৰহণ কৰা  সিদ্ধান্তক  দোষাৰোপ কৰিছে। এনে পৰিস্থিতিত মিত্ৰজোঁটৰ ভিতৰত সমন্বয়কলৈ  প্ৰশ্ন উত্থাপন হৈছে।

সোমবাৰে ভাৰত মিত্ৰজোঁটৰ বৈঠকৰ বিষয়ে সোধাত মমতা বেনাৰ্জীয়ে কয়, "মোৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই। মোক আনকি ফোনতো একো কোৱা হোৱা নাই। তাৰোপৰি, মই উত্তৰ বংগলৈ গৈ আছো। মই ৬ তাৰিখৰ সন্ধিয়া উভতি  আহিব পাৰো। মই তাত কেইদিনমান থাকিম।  যদি মই জানিলোহেঁতেন, মই কাৰ্যসূচী  বেলেগ ধৰণে হাতত ল’লোহেঁতেন । মই এই মুহূৰ্তত কেনেকৈ কাৰ্যসূচী  সলনি কৰিব পাৰোঁ?" জেডি(ইউ)ৰ নীতিশ কুমাৰ আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱেও বৈঠকখন এৰাই চলিছে।ইয়াৰ  পিছতে বৈঠকখন স্থগিত ৰখা হয়। এয়া  স্পষ্ট হৈ পৰিছে  যে ২০২৩ ৰ শেষত তিনিখন ৰাজ্যত কংগ্ৰেছৰ বিপৰ্যয়ে ২৪ ৰ পূৰ্বে  বিৰোধী মিত্ৰজোঁটত এক ডাঙৰ বিভেদৰ সৃষ্টি কৰিব পাৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক