--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুদা আৰু মণিপুৰৰ জীয়ৰী তথা মডেল, অভিনেত্ৰী লিন লাইশ্ৰামৰ বিবাহে সমগ্ৰ ভাৰততে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সকলোৰে হৃদয় জিনিছে ৰণদীপ-লিনৰ বিবাহে। মানুহে শুভকামনা, আশীৰ্বাদেৰে উপচাই দিছে তেওঁলোকৰ যুগ্ম জীৱন।

কিয় ইমান আদৰ আৰু সন্মান পাইছে ৰণদীপ-লিনৰ বিবাহে? একেবাৰে সাধাৰণভাৱে উত্তৰ দিবলৈ গ'লে এটা কথাই কব লাগিব যে মানুহে যেতিয়া সন্মানীয় কাম কৰে তেতিয়া মানুহৰ মৰম,সন্মান লাভ কৰে আৰু যদিহে দৃষ্টিকটু কাম কৰে তেন্তে মানুহৰ গৰিহণা খোৱাটোৱেই স্বাভাৱিক। 

বিবাহ এক সামাজিক বান্ধোন৷ বিবাহ অনুষ্ঠানৰ জৰিয়তে এখন সমাজৰ ৰীতি-নীতি, আচাৰ, পৰম্পৰা আদি প্ৰতিফলিত হয়৷ এখন বিয়াৰ জৰিয়তে গম পাব পাৰি তেওঁৰ ৰাজ্য কি, তেওঁৰ জাতিৰ পৰিচয় কি, তেওঁৰ সংস্কৃতি কি...

ৰণদীপ হুদা বলীউডৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা। তেওঁ নিজৰ বিয়াখন পাতিবলৈ কইনাক বিদেশলৈ লৈ গৈ খুব ধুমধামেৰে পাতিব পাৰিলেহেঁতেন। কিন্তু ৰণদীপে তেনে নকৰিলে কাৰণ তেওঁ যে মাটিৰ মানুহ নিজৰ বিয়াৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱালে। ৰণদীপে প্ৰমাণ কৰি দেখুৱালে তেওঁৰ পত্নীৰ পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা-ভক্তি কিমান। ৰণদীপে মণিপুৰলৈ আহি কইনাৰ পৰিয়ালৰ মেইটেই পৰম্পৰা অনুসৰি সকলোখিনি ৰীতি-নীতি, লোকাচাৰ, পৰম্পৰা পালন কৰি লিনক একেবাৰে নিজৰ কৰি ল'লে। ৰণদীপে সকলো ৰীতি-নীতি আন্তৰিকতাৰে গ্ৰহণ কৰি দৰা সাজত বহিছিল।

প্ৰচুৰ টকা থকাৰ পাছতো নিজৰ শিপাক খামুচি ধৰি ৰখাৰ বাবে ৰণদীপ হুদা আৰু লিন লাইশ্ৰামৰ প্ৰতি মানুহৰ আপোনা-আপুনি সন্মান জাগিছে। কৃষ্টি, সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আয়োজন কৰা ৰণদীপ-লিনৰ জৰিয়তে সমগ্ৰ দেশবাসীয়ে মণিপুৰৰ মেইটেই সমাজৰ ৰীতি-নীতি আৰু পৰম্পৰাক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ল। সমগ্ৰ দেশবাসীয়ে দেখিলে নিজৰ সংস্কৃতিৰ শিপা খামুচি ৰখাত কিমান শক্তিশালী মণিপুৰী জাতি!

কেৱল ৰণদীপেই নহয় ৰণদীপৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকেও মেইটেই সাজপাৰ পৰিধান কৰি বিবাহকাৰ্য্যত অংশ ল'লে। নানা ৰং-ঢং-চঙৰ বিপৰীতে গৈ জাতীয় পৰম্পৰা অক্ষুণ্ণ ৰখা বাবে সকলোৰে প্ৰশংসা লাভ কৰিছে ৰণদীপ আৰু লিনে।

আনৰখিনি অণুকৰণ কৰোতে কৰোতে নিজৰ শিপা পাহৰি ফফৌ-ফৌ হোৱা লোকসকলক যেন এক শিক্ষা দি থৈ গল বলীউড তাৰকা ৰণদীপ হুদাই। এই বিয়াৰ জৰিয়তে আমাৰ নিজৰ অসমীয়া মানুহখিনিয়ে কিবা শিকিলেনে নাই সেয়া এক লাখটকীয়া প্ৰশ্ন..

ৰণদীপে মণিপুৰী পৰম্পৰাগত বিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ সন্দৰ্ভত কয় যে এয়া লিনৰ ঐতিহ্যৰ প্ৰতি থকা মোৰ সন্মানৰ প্ৰতীক।

এইখন কেৱল মাত্ৰ বিবাহেই নাছিল..আছিল সমাজলৈ প্ৰেৰণ কৰা এক শক্তিশালী আৰু আদৰ্শগত বাৰ্তা।

- কস্তুৰী বৰঠাকুৰ












FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন