--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুদা আৰু মণিপুৰৰ জীয়ৰী তথা মডেল, অভিনেত্ৰী লিন লাইশ্ৰামৰ বিবাহে সমগ্ৰ ভাৰততে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সকলোৰে হৃদয় জিনিছে ৰণদীপ-লিনৰ বিবাহে। মানুহে শুভকামনা, আশীৰ্বাদেৰে উপচাই দিছে তেওঁলোকৰ যুগ্ম জীৱন।

কিয় ইমান আদৰ আৰু সন্মান পাইছে ৰণদীপ-লিনৰ বিবাহে? একেবাৰে সাধাৰণভাৱে উত্তৰ দিবলৈ গ'লে এটা কথাই কব লাগিব যে মানুহে যেতিয়া সন্মানীয় কাম কৰে তেতিয়া মানুহৰ মৰম,সন্মান লাভ কৰে আৰু যদিহে দৃষ্টিকটু কাম কৰে তেন্তে মানুহৰ গৰিহণা খোৱাটোৱেই স্বাভাৱিক। 

বিবাহ এক সামাজিক বান্ধোন৷ বিবাহ অনুষ্ঠানৰ জৰিয়তে এখন সমাজৰ ৰীতি-নীতি, আচাৰ, পৰম্পৰা আদি প্ৰতিফলিত হয়৷ এখন বিয়াৰ জৰিয়তে গম পাব পাৰি তেওঁৰ ৰাজ্য কি, তেওঁৰ জাতিৰ পৰিচয় কি, তেওঁৰ সংস্কৃতি কি...

ৰণদীপ হুদা বলীউডৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা। তেওঁ নিজৰ বিয়াখন পাতিবলৈ কইনাক বিদেশলৈ লৈ গৈ খুব ধুমধামেৰে পাতিব পাৰিলেহেঁতেন। কিন্তু ৰণদীপে তেনে নকৰিলে কাৰণ তেওঁ যে মাটিৰ মানুহ নিজৰ বিয়াৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱালে। ৰণদীপে প্ৰমাণ কৰি দেখুৱালে তেওঁৰ পত্নীৰ পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা-ভক্তি কিমান। ৰণদীপে মণিপুৰলৈ আহি কইনাৰ পৰিয়ালৰ মেইটেই পৰম্পৰা অনুসৰি সকলোখিনি ৰীতি-নীতি, লোকাচাৰ, পৰম্পৰা পালন কৰি লিনক একেবাৰে নিজৰ কৰি ল'লে। ৰণদীপে সকলো ৰীতি-নীতি আন্তৰিকতাৰে গ্ৰহণ কৰি দৰা সাজত বহিছিল।

প্ৰচুৰ টকা থকাৰ পাছতো নিজৰ শিপাক খামুচি ধৰি ৰখাৰ বাবে ৰণদীপ হুদা আৰু লিন লাইশ্ৰামৰ প্ৰতি মানুহৰ আপোনা-আপুনি সন্মান জাগিছে। কৃষ্টি, সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আয়োজন কৰা ৰণদীপ-লিনৰ জৰিয়তে সমগ্ৰ দেশবাসীয়ে মণিপুৰৰ মেইটেই সমাজৰ ৰীতি-নীতি আৰু পৰম্পৰাক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ল। সমগ্ৰ দেশবাসীয়ে দেখিলে নিজৰ সংস্কৃতিৰ শিপা খামুচি ৰখাত কিমান শক্তিশালী মণিপুৰী জাতি!

কেৱল ৰণদীপেই নহয় ৰণদীপৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকেও মেইটেই সাজপাৰ পৰিধান কৰি বিবাহকাৰ্য্যত অংশ ল'লে। নানা ৰং-ঢং-চঙৰ বিপৰীতে গৈ জাতীয় পৰম্পৰা অক্ষুণ্ণ ৰখা বাবে সকলোৰে প্ৰশংসা লাভ কৰিছে ৰণদীপ আৰু লিনে।

আনৰখিনি অণুকৰণ কৰোতে কৰোতে নিজৰ শিপা পাহৰি ফফৌ-ফৌ হোৱা লোকসকলক যেন এক শিক্ষা দি থৈ গল বলীউড তাৰকা ৰণদীপ হুদাই। এই বিয়াৰ জৰিয়তে আমাৰ নিজৰ অসমীয়া মানুহখিনিয়ে কিবা শিকিলেনে নাই সেয়া এক লাখটকীয়া প্ৰশ্ন..

ৰণদীপে মণিপুৰী পৰম্পৰাগত বিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ সন্দৰ্ভত কয় যে এয়া লিনৰ ঐতিহ্যৰ প্ৰতি থকা মোৰ সন্মানৰ প্ৰতীক।

এইখন কেৱল মাত্ৰ বিবাহেই নাছিল..আছিল সমাজলৈ প্ৰেৰণ কৰা এক শক্তিশালী আৰু আদৰ্শগত বাৰ্তা।

- কস্তুৰী বৰঠাকুৰ













FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement