--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দেশৰ ৰাজনৈতিক দলসমূহে৷ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ব্যস্ত থকাৰ সমান্তৰালভাৱে লোকসভা নিৰ্বাচনলৈও কুচকাৱাজ চলাইছে প্ৰতিটো ৰাজনৈতিক দলে৷ এনে সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু শাসকীয় বিজেপিৰ বিৰুদ্ধে হঠাৎ সক্ৰিয়া হৈ উঠিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে বিৰোধী ঐক্য গঢ়ি দিবলৈ যত্নপৰ হৈছে৷ শিৱসেনা আৰু কংগ্ৰেছৰ সৈতে বৈঠকত মিলিত হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকী৷ মমতা বেনাৰ্জীৰ পাছত এইবাৰ বিৰোধী ঐক্য গঠনৰ বাবে উঠিপৰি লাগিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছে যে, বিজেপি আৰু এনডিএ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক দলক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে তেওঁ শীঘ্ৰেই তেওঁৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বৈঠকত মিলিত হ’ব। তেওঁ কয় যে, তেওঁ ঠাকৰেক লগ কৰিবলৈ যিকোনো সময়তে মুম্বাইলৈ যাবলৈ সাজু হৈ আছে৷ আনহাতে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে চন্দ্ৰশেখৰ ৰাওক লগ কৰিবলৈ হায়দৰাবাদলৈ আহিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন এনডিএ চৰকাৰখনক জনবিৰোধী নীতিৰ বাবে সমুলঞ্চে প্ৰত্যাখ্যান কৰা উচিত বুলি অভিযোগ কৰি তেওঁ কয় যে, তেওঁ বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কে চন্দ্ৰশেখৰ ৰাওৱে বিৰোধী দলসমূহক নেতৃত্ব দিব নে নাই বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাওৱে কোনো পোনপটীয়া উত্তৰ দিয়া নাছিল৷ অৱশ্যে তেওঁ কৈছিল, এটা কথা মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমুখত থাকো বা নাথাকো, কিন্তু, মই ইয়াত মুখ্য ভূমিকা পালন কৰিম৷ ইপিনে, বিৰোধী ঐক্যৰ বাবে হাত উজান দিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও৷ ষ্টেলিনে কয়, মমতা বেনাৰ্জীৰ প্ৰচেষ্টাৰ অংশ হিচাপে শীঘ্ৰে দেশৰ বিৰোধী দলৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ তামিলনাডুৰ এইগৰাকী মুখ্যমন্ত্ৰীয়ে অলপতে দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দেশৰ কেইবাগৰাকীও ৰাজনীতিবিদলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ আনহাতে, কে চন্দ্ৰশেখৰ ৰাওৱে আদৰণি জনোৱা নাছিল প্ৰধানমন্ত্ৰীক৷ অৱশ্যে, গণতান্ত্ৰিক দিশৰ পৰা চাবলৈ গ’লে ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি নজনোৱাতোও শুভ লক্ষণ নহয় বুলি দেশত চৰ্চা চলিছে৷ কে চন্দ্ৰশেখৰ ৰাও, ষ্টেলিন, মমতা বেনাৰ্জী আৰু উদ্ধৱ থাকৰেৰ প্ৰচেষ্টাত দেশৰ বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাৰ আশা কৰা হৈছে৷ এইক্ষেত্ৰত এতিয়াও আঁকোৰগোজ হৈ ৰৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ৷ যিসময়ত দেশৰ বিৰোধী দলৰ মুখ্যমন্ত্ৰীয়ে বিৰোধী ঐক্যৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে, সেই সময়ত কংগ্ৰেছে ৰাহুল গান্ধীকে প্ৰধানমন্ত্ৰী পগৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰি আছে৷ যদি কংগ্ৰেছেও বিৰোধী ঐক্য গঠনত সহযোগিতা আগবঢ়ায়, তেন্তে সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এটি শক্তিশালী বিৰোধী ঐক্য গঢ়ি উঠাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ