--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰু বিহাৰত গ্ৰীষ্ম প্ৰবাহৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। বিগত কিছুদিন ধৰি তীব্ৰ গৰম দহিছে উত্তৰ ভাৰত। যাৰ ফলত ৰাজ্য দুখনৰ অধিকাংশ ষাঠিৰ উৰ্দ্ধৰ লোকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা ৩ দিনত উত্তৰ প্ৰদেশ আৰু বিহাৰত তীব্ৰ গৰমৰ বাবে মুঠ ৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৫৪জন উত্তৰ প্ৰদেশৰ আৰু ৪৪জন বিহাৰৰ।

উত্তৰ প্ৰদেশৰ বালিয়া জিলা চিকিৎসালয়ত যোৱা ৩ দিনত ৪০০ৰো অধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ ভৰ্তি হৈছে। অধিকাংশ লোকেই জ্বৰ, উশাহ লোৱাত কষ্টৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰে ৫৪ জনৰ বিগত তিনিদিনত মৃত্যু হৈছে। বেছিভাগেই হাৰ্ট এটেক, ষ্ট্ৰোক আৰু ডায়েৰিয়াত মৃত্যুবৰণ কৰে।

মৌচম ভৱনৰ মতে, বালিয়া জিলাৰ তাপমাত্ৰা বিগত কিছুদিন ধৰি ৪২ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে। আনহাতে, বিহাৰত বিগত ২৪ ঘন্টাত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৩৫জন পাটনাৰ বাসিন্দা। বাকী ৯ গৰাকী অন্য জিলাৰ।

মৌচম ভৱনৰ তথ্য অনুসৰি, শনিবাৰে বিহাৰৰ ১১খন জিলাত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৪ ডিগ্ৰী চেলছিয়াছ। আনহাতে, পাটনাত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰী চেলছিয়াছ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে