--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰু বিহাৰত গ্ৰীষ্ম প্ৰবাহৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। বিগত কিছুদিন ধৰি তীব্ৰ গৰম দহিছে উত্তৰ ভাৰত। যাৰ ফলত ৰাজ্য দুখনৰ অধিকাংশ ষাঠিৰ উৰ্দ্ধৰ লোকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, যোৱা ৩ দিনত উত্তৰ প্ৰদেশ আৰু বিহাৰত তীব্ৰ গৰমৰ বাবে মুঠ ৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৫৪জন উত্তৰ প্ৰদেশৰ আৰু ৪৪জন বিহাৰৰ।

উত্তৰ প্ৰদেশৰ বালিয়া জিলা চিকিৎসালয়ত যোৱা ৩ দিনত ৪০০ৰো অধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ ভৰ্তি হৈছে। অধিকাংশ লোকেই জ্বৰ, উশাহ লোৱাত কষ্টৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰে ৫৪ জনৰ বিগত তিনিদিনত মৃত্যু হৈছে। বেছিভাগেই হাৰ্ট এটেক, ষ্ট্ৰোক আৰু ডায়েৰিয়াত মৃত্যুবৰণ কৰে।

মৌচম ভৱনৰ মতে, বালিয়া জিলাৰ তাপমাত্ৰা বিগত কিছুদিন ধৰি ৪২ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে। আনহাতে, বিহাৰত বিগত ২৪ ঘন্টাত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৩৫জন পাটনাৰ বাসিন্দা। বাকী ৯ গৰাকী অন্য জিলাৰ।

মৌচম ভৱনৰ তথ্য অনুসৰি, শনিবাৰে বিহাৰৰ ১১খন জিলাত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৪ ডিগ্ৰী চেলছিয়াছ। আনহাতে, পাটনাত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰী চেলছিয়াছ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ