--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ আলৱাৰৰ পৰা পাকিস্তানত উপস্থিত হোৱা অঞ্জুৱে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে। তালৈ যোৱাৰ পাছত মহিলাগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি ফাতিমা হয় আৰু লগতে প্ৰেমিক নছৰুলাহক বিয়া কৰায়। এতিয়া অঞ্জুৰ এটা অডিঅ’ ভাইৰেল হৈ আছে য’ত তেওঁ স্বামী অৰবিন্দৰ সৈতে কথা পাতিছে, এই কথা-বতৰাত অঞ্জুৱে অৰবিন্দক অবিৰতভাৱে গালি-গালাজ কৰা শুনা গৈছে।

শেহতীয়াকৈ অঞ্জুৱে ভাৰতত বাস কৰা স্বামী অৰবিন্দক ফোন কৰিছিল। যাৰ অডিঅ’ ভাইৰেল হৈ পৰিল। ভাইৰেল অডিঅ’ত তেওঁ অৰবিন্দক বেয়াকৈ কৈছিল, তাৰ পিছত দুয়োৰে মাজত যথেষ্ট তৰ্ক হৈছিল। অঞ্জুৱে অৰবিন্দক ক’লে যে আপুনি সংবাদ মাধ্যমত কি কথা কৈ আছে। নিজৰ কথাও কওকচোন, যে আপুনি কেনেকুৱা মানুহ।

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অঞ্জুৱে সংবাদ মাধ্যমকো তীব্ৰ সমালোচনা কৰিছিল। উল্লেখ্য যে পূৰ্বতে ৰাজস্থানত বাস কৰা অৰবিন্দৰ সৈতে অঞ্জুৰ বিবাহ হৈছিল। তেওঁৰ এগৰাকী ১৫ বছৰীয়া কন্যা আৰু এজন ছবছৰীয়া ল’ৰা আছে। অঞ্জুৰ স্বামীয়ে অভিযোগ কৰিছে যে মহিলাগৰাকীয়ে মিছা কথা কৈ পাকিস্তানলৈ গৈছে। অৱশ্যে এতিয়ালৈকে ভিডিঅ’টিৰ কোনো আনুষ্ঠানিক শুদ্ধতাৰ নিশ্চিতি প্ৰদান কৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু