--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দিল্লীৰ ভজনপুৰা অঞ্চলত চৰকাৰী পৃষ্ঠপোষকতাত ভাঙি পেলোৱা হৈছে এটা হনুমান মন্দিৰ। শান্তি বজাই ৰাখিবলৈ দিল্লী আৰক্ষী আৰু চি আৰ পি এফ জোৱানক সেই ঠাইত মোতায়েন কৰা হৈছে৷পি ডব্লিউ ডি বিভাগৰ নিৰ্দেশ অনুসৰি দিল্লীৰ যিবোৰ ধৰ্মীয় স্থান অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বা ধৰ্মীয় সংগঠনৰ দ্বাৰা বেদখল হৈছে সেইসমূহ স্থানত উচ্ছেদ চলোৱা হৈছে। বেদখল বিৰোধী অভিযানৰ অংশ হিচাপে পি ডব্লিউ ডি বিভাগৰ বিষয়াই ভজনপুৰা হনুমান মন্দিৰ সম্পূৰ্ণৰূপে ভাঙি পেলায়। এই বাবে ৰাইজে এই কাৰ্যৰ বিৰোধিতা কৰিছিল যদিও থিতাতে উপস্থিত থকা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদী ৰাইজক নিজৰ নিয়ন্ত্ৰণত আনি এই কাৰ্য অব্যাহত ৰাখিছিল।

উত্তৰ-পূব দিল্লীৰ ডিচিপি জয় এন তিৰ্কীয়ে কয় যে ভজনপুৰা চ’কত চলা উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলি আছে। উল্লেখযোগ্য যে সহাৰানপুৰ ঘাইপথলৈ যোৱা পথটো বহল কৰিবলৈ এটা হনুমান মন্দিৰ আৰু এটা সমাধিস্থল আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল। 

উল্লেখ্য যে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ নিৰ্দেশত দিল্লীৰ মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আৰু গীৰ্জাবোৰৰ বিৰুদ্ধে ব্যৱস্থা চলি আছে, যিবোৰ হয়টো অবৈধভাৱে নিৰ্মাণ কৰা হৈছে অথবা ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰা বেদখল কৰা হৈছে। আজিৰ কাৰ্যসূচীৰ পূৰ্বে ভজনপুৰাত অৰ্থাৎ ২২ জুনতো দিল্লীৰ মাণ্ডাৱলী অঞ্চলৰ শনি মন্দিৰৰ বাহিৰত অবৈধ ৰেলিং ভাঙিবলৈ আগবঢ়া দলটোৱে স্থানীয় ৰাইজৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বেদখল বিৰোধী অভিযানৰ সময়ত বেদখল বিৰোধী দলটোৱে ৰাইজৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এটা মছজিদৰ সৈতে জড়িত লোকৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে।

এই ঘটনাত স্থানীয় বিজেপিৰ কাউন্সিলাৰ ৰবি নেগীও প্ৰতিবাদত জড়িত আছিল। শনি মন্দিৰৰ গ্ৰীল আঁতৰোৱাৰ প্ৰক্ৰিয়াত নিৰাপত্তাৰক্ষীৰ পুৰুষ-মহিলাৰ মাজত কাজিয়া সংঘটিত হয়। এই সময়ত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ বিৰুদ্ধেও বহু অভিযোগ উত্থাপন কৰিছিল মহিলাকেইগৰাকীয়ে। আনকি এই প্ৰতিবাদত জড়িত মহিলাসকলৰ কাপোৰো ফালি পেলোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলাসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ