--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দিল্লীৰ ভজনপুৰা অঞ্চলত চৰকাৰী পৃষ্ঠপোষকতাত ভাঙি পেলোৱা হৈছে এটা হনুমান মন্দিৰ। শান্তি বজাই ৰাখিবলৈ দিল্লী আৰক্ষী আৰু চি আৰ পি এফ জোৱানক সেই ঠাইত মোতায়েন কৰা হৈছে৷পি ডব্লিউ ডি বিভাগৰ নিৰ্দেশ অনুসৰি দিল্লীৰ যিবোৰ ধৰ্মীয় স্থান অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বা ধৰ্মীয় সংগঠনৰ দ্বাৰা বেদখল হৈছে সেইসমূহ স্থানত উচ্ছেদ চলোৱা হৈছে। বেদখল বিৰোধী অভিযানৰ অংশ হিচাপে পি ডব্লিউ ডি বিভাগৰ বিষয়াই ভজনপুৰা হনুমান মন্দিৰ সম্পূৰ্ণৰূপে ভাঙি পেলায়। এই বাবে ৰাইজে এই কাৰ্যৰ বিৰোধিতা কৰিছিল যদিও থিতাতে উপস্থিত থকা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদী ৰাইজক নিজৰ নিয়ন্ত্ৰণত আনি এই কাৰ্য অব্যাহত ৰাখিছিল।

উত্তৰ-পূব দিল্লীৰ ডিচিপি জয় এন তিৰ্কীয়ে কয় যে ভজনপুৰা চ’কত চলা উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলি আছে। উল্লেখযোগ্য যে সহাৰানপুৰ ঘাইপথলৈ যোৱা পথটো বহল কৰিবলৈ এটা হনুমান মন্দিৰ আৰু এটা সমাধিস্থল আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল। 

উল্লেখ্য যে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ নিৰ্দেশত দিল্লীৰ মন্দিৰ, মছজিদ, গুৰুদ্বাৰ আৰু গীৰ্জাবোৰৰ বিৰুদ্ধে ব্যৱস্থা চলি আছে, যিবোৰ হয়টো অবৈধভাৱে নিৰ্মাণ কৰা হৈছে অথবা ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰা বেদখল কৰা হৈছে। আজিৰ কাৰ্যসূচীৰ পূৰ্বে ভজনপুৰাত অৰ্থাৎ ২২ জুনতো দিল্লীৰ মাণ্ডাৱলী অঞ্চলৰ শনি মন্দিৰৰ বাহিৰত অবৈধ ৰেলিং ভাঙিবলৈ আগবঢ়া দলটোৱে স্থানীয় ৰাইজৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বেদখল বিৰোধী অভিযানৰ সময়ত বেদখল বিৰোধী দলটোৱে ৰাইজৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এটা মছজিদৰ সৈতে জড়িত লোকৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে।

এই ঘটনাত স্থানীয় বিজেপিৰ কাউন্সিলাৰ ৰবি নেগীও প্ৰতিবাদত জড়িত আছিল। শনি মন্দিৰৰ গ্ৰীল আঁতৰোৱাৰ প্ৰক্ৰিয়াত নিৰাপত্তাৰক্ষীৰ পুৰুষ-মহিলাৰ মাজত কাজিয়া সংঘটিত হয়। এই সময়ত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ বিৰুদ্ধেও বহু অভিযোগ উত্থাপন কৰিছিল মহিলাকেইগৰাকীয়ে। আনকি এই প্ৰতিবাদত জড়িত মহিলাসকলৰ কাপোৰো ফালি পেলোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলাসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস