--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি পুত্ৰই হত্যা কৰিলে মাতৃক৷ হয়, এই নিদাৰুণ ঘটনা সংঘটিত হৈছে এইখন ভাৰতত৷ মূলত: চিকিৎসা সেৱাৰ অচলাৱস্থা আৰু ব্যৱস্থা সুচল নোহোৱাৰ পৰিপ্ৰেক্ষিতত সংঘটিত হ’ল এনে চাঞ্চল্যকৰ হত্যাকাণ্ড! 

ঘটনাৰ স্থান ৰাজস্থানৰ ভিলৱাৰা জিলা৷ দেওবাৰে ৰাজস্থানৰ শ্বাহপুৰা আৰক্ষীয়ে সদৰী কৰামতে, ৰাজস্থানৰ ভিলৱাৰা জিলাৰ শ্বাহপুৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰাহাদ গাঁৱত অঞ্চলত এজন ২১ বছৰীয়া যুৱকে তেওঁৰ মাতৃক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, ৰাহাদ গাঁৱৰ বাসিন্দা ২১ বছৰীয়া ৰুস্তমে বৃহস্পতিবাৰে তেওঁৰ মাতৃ শ্বাহনাজ বানোক (৪০) শ্বাসৰুদ্ধ কৰি হত্যা কৰে৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত মৃত মহিলাগৰাকীৰ ভাতৃৰ হৈ অভিযুক্তজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত ৰুস্তমক শনিবাৰে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে৷

প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্ত পুত্ৰই প্ৰকাশ কৰিছিল যে দেউতাকে ১৫-২০ বছৰ ধৰি কোনো কাম কৰা নাছিল আৰু ঘৰতে থাকিব লগা হৈছিল আৰু তেওঁৰ অসুস্থ মাতৃৰ ঔষধৰ বাবে অধিক ব্যয় কৰিব লগা হৈছিল৷ পৰিয়ালটো ক্ৰমে আৰ্থিকভাবে দুৰ্বল হৈ পৰিছিল আৰু চৰম অৰ্থ সংকটত ভুগি দিগবিদিগ হেৰুৱাই ৰুস্তমে এনে ঘটনা সংঘটিত কৰিলে বুলি ধাৰণা কৰা হৈছে৷

আৰক্ষীক অভিযুক্ত পুত্ৰগৰাকীয়ে কৈছিল যে তেওঁৰ মাকক সাপে কামুৰিছিল, সেই বাবেহে তেওঁ প্ৰাণ হেৰুৱাইছিল৷ কিন্তু অভিযুক্তৰ ভাতৃয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

পুত্ৰই তেওঁৰ মাকক চিকিৎসালয়লৈ লৈ গৈছিল আৰু কৈছিল যে তেওঁৰ মাকক সাপে কামুৰিছিল৷ যদিও চিকিৎসকে আৰক্ষীক কৈছিল যে তেওঁৰ মাতৃৰ শৰীৰত কোনো সৰ্পদংশনৰ চিন দেখা যোৱা নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস