--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি পুত্ৰই হত্যা কৰিলে মাতৃক৷ হয়, এই নিদাৰুণ ঘটনা সংঘটিত হৈছে এইখন ভাৰতত৷ মূলত: চিকিৎসা সেৱাৰ অচলাৱস্থা আৰু ব্যৱস্থা সুচল নোহোৱাৰ পৰিপ্ৰেক্ষিতত সংঘটিত হ’ল এনে চাঞ্চল্যকৰ হত্যাকাণ্ড! 

ঘটনাৰ স্থান ৰাজস্থানৰ ভিলৱাৰা জিলা৷ দেওবাৰে ৰাজস্থানৰ শ্বাহপুৰা আৰক্ষীয়ে সদৰী কৰামতে, ৰাজস্থানৰ ভিলৱাৰা জিলাৰ শ্বাহপুৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰাহাদ গাঁৱত অঞ্চলত এজন ২১ বছৰীয়া যুৱকে তেওঁৰ মাতৃক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, ৰাহাদ গাঁৱৰ বাসিন্দা ২১ বছৰীয়া ৰুস্তমে বৃহস্পতিবাৰে তেওঁৰ মাতৃ শ্বাহনাজ বানোক (৪০) শ্বাসৰুদ্ধ কৰি হত্যা কৰে৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত মৃত মহিলাগৰাকীৰ ভাতৃৰ হৈ অভিযুক্তজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত ৰুস্তমক শনিবাৰে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে৷

প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্ত পুত্ৰই প্ৰকাশ কৰিছিল যে দেউতাকে ১৫-২০ বছৰ ধৰি কোনো কাম কৰা নাছিল আৰু ঘৰতে থাকিব লগা হৈছিল আৰু তেওঁৰ অসুস্থ মাতৃৰ ঔষধৰ বাবে অধিক ব্যয় কৰিব লগা হৈছিল৷ পৰিয়ালটো ক্ৰমে আৰ্থিকভাবে দুৰ্বল হৈ পৰিছিল আৰু চৰম অৰ্থ সংকটত ভুগি দিগবিদিগ হেৰুৱাই ৰুস্তমে এনে ঘটনা সংঘটিত কৰিলে বুলি ধাৰণা কৰা হৈছে৷

আৰক্ষীক অভিযুক্ত পুত্ৰগৰাকীয়ে কৈছিল যে তেওঁৰ মাকক সাপে কামুৰিছিল, সেই বাবেহে তেওঁ প্ৰাণ হেৰুৱাইছিল৷ কিন্তু অভিযুক্তৰ ভাতৃয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

পুত্ৰই তেওঁৰ মাকক চিকিৎসালয়লৈ লৈ গৈছিল আৰু কৈছিল যে তেওঁৰ মাকক সাপে কামুৰিছিল৷ যদিও চিকিৎসকে আৰক্ষীক কৈছিল যে তেওঁৰ মাতৃৰ শৰীৰত কোনো সৰ্পদংশনৰ চিন দেখা যোৱা নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান