--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে আধ্যাত্মিকতাত মন বহুৱাইছে। বৃন্দাবনৰ নিম কৰোলি বাবাৰ আশ্ৰমত প্ৰাৰ্থনা কৰি এই বছৰটো আৰম্ভ কৰিলে। এইবাৰ উজ্জয়িনৰ মহাকালেশ্বৰ মন্দিৰত দেখা গ’ল দম্পতীহালক। দেৱদীদেৱ মহাদেৱক উপাসনা কৰে তেওঁলোকে। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইন্দোৰত অনুষ্ঠিত তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া টেষ্টৰ অন্তত তেওঁলোক যায় এই মহাকালেশ্বৰ মন্দিৰলৈ। অনুষ্কা শৰ্মাই পাতল গোলাপী ৰঙৰ শাৰী পিন্ধি থকা দেখা গৈছে। মুখত মেকআপ একেবাৰেই নাই। বিৰাটে ধূতি পিন্ধি ডিঙিত উত্তৰিয় লৈছে। মন্দিৰত আন ভক্তৰ সৈতে সাধাৰণভাৱেই প্ৰাৰ্থনা কৰা দেখা গৈছে দম্পতীহালক। মন্দিৰৰ পুৰোহিতসকলৰ সৈতে তেওঁলোকে শিৱলিংগৰ মূৰত গাখীৰ ঢালে।

অনুষ্কা আৰু বিৰাটে এমাহ পূৰ্বে হৃষিকেশৰ স্বামী দয়ানন্দ গিৰিৰ আশ্ৰমলৈ গৈছিল। তাতে দুয়োজনে স্বামীজীৰ সমাধিস্থলত প্ৰণাম কৰি আশীৰ্বাদ লৈছিল। সেই ছবিখনো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তাৰকা যুটিটোৱে হৃষিকেশৰ আশ্ৰমলৈ গৈ তাত কেইবাটাও আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

কেৱল হৃষিকেশতে নহয়, বিৰুষ্কাই বছৰৰ আৰম্ভণিতে কন্যা ভামিকাক লৈ বৃন্দাবনত নিম কাৰোলি বাবাৰ আশ্ৰমলৈ গৈছিল। দম্পতীহালে তাত ধ্যান আৰু প্ৰাৰ্থনা কৰিছিল। আশ্ৰমৰ দৰিদ্ৰ লোকসকলকো কম্বল বিতৰণ কৰে।

ইয়াৰ লগে লগে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীক এইবাৰ তৃতীয়বাৰৰ বাবে আধ্যাত্মিক স্থানত দেখা গ’ল। কোনো বিশেষ কাৰণত বাৰে বাৰে মন্দিৰলৈ গৈ আছে নেকি বিৰুষ্কা বুলি ছচিয়েল মিডিয়াত প্ৰশ্ন কৰে কৌতুহলী অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন