--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে আধ্যাত্মিকতাত মন বহুৱাইছে। বৃন্দাবনৰ নিম কৰোলি বাবাৰ আশ্ৰমত প্ৰাৰ্থনা কৰি এই বছৰটো আৰম্ভ কৰিলে। এইবাৰ উজ্জয়িনৰ মহাকালেশ্বৰ মন্দিৰত দেখা গ’ল দম্পতীহালক। দেৱদীদেৱ মহাদেৱক উপাসনা কৰে তেওঁলোকে। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইন্দোৰত অনুষ্ঠিত তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া টেষ্টৰ অন্তত তেওঁলোক যায় এই মহাকালেশ্বৰ মন্দিৰলৈ। অনুষ্কা শৰ্মাই পাতল গোলাপী ৰঙৰ শাৰী পিন্ধি থকা দেখা গৈছে। মুখত মেকআপ একেবাৰেই নাই। বিৰাটে ধূতি পিন্ধি ডিঙিত উত্তৰিয় লৈছে। মন্দিৰত আন ভক্তৰ সৈতে সাধাৰণভাৱেই প্ৰাৰ্থনা কৰা দেখা গৈছে দম্পতীহালক। মন্দিৰৰ পুৰোহিতসকলৰ সৈতে তেওঁলোকে শিৱলিংগৰ মূৰত গাখীৰ ঢালে।

অনুষ্কা আৰু বিৰাটে এমাহ পূৰ্বে হৃষিকেশৰ স্বামী দয়ানন্দ গিৰিৰ আশ্ৰমলৈ গৈছিল। তাতে দুয়োজনে স্বামীজীৰ সমাধিস্থলত প্ৰণাম কৰি আশীৰ্বাদ লৈছিল। সেই ছবিখনো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তাৰকা যুটিটোৱে হৃষিকেশৰ আশ্ৰমলৈ গৈ তাত কেইবাটাও আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

কেৱল হৃষিকেশতে নহয়, বিৰুষ্কাই বছৰৰ আৰম্ভণিতে কন্যা ভামিকাক লৈ বৃন্দাবনত নিম কাৰোলি বাবাৰ আশ্ৰমলৈ গৈছিল। দম্পতীহালে তাত ধ্যান আৰু প্ৰাৰ্থনা কৰিছিল। আশ্ৰমৰ দৰিদ্ৰ লোকসকলকো কম্বল বিতৰণ কৰে।

ইয়াৰ লগে লগে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীক এইবাৰ তৃতীয়বাৰৰ বাবে আধ্যাত্মিক স্থানত দেখা গ’ল। কোনো বিশেষ কাৰণত বাৰে বাৰে মন্দিৰলৈ গৈ আছে নেকি বিৰুষ্কা বুলি ছচিয়েল মিডিয়াত প্ৰশ্ন কৰে কৌতুহলী অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক