--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় হাৰ্দিক আৰু নাটাছা। তাৰপাছত এতিয়া নাটাছাৰ জন্মদিন উপলক্ষে সামাজিক মাধ্যমত বিয়াৰ ফটো শ্বেয়াৰ কৰে হাৰ্দিকে। নাটাছাক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে, “জন্মদিনৰ শুভেচ্ছা থাকিল মোৰ প্ৰিয়। দিনবোৰ বাগৰি যোৱাৰ লগে লগে তোমাক আৰু অধিক ভাল পাব বিচাৰে।’’

উল্লেখ্য যে হাৰ্দিকৰ পত্নী  নাটাছা ষ্টানকোভিচ এগৰাকী অভিনেত্ৰী আৰু মডেল। মুম্বাইত বাস কৰা ৩১ বৰ্ষীয়া নাটাছাৰ জন্ম ছাৰ্বিয়াত। প্ৰকাশ ঝাৰ পৰিচালিত ৰাজনৈতিক ছৱি 'সত্যগ্ৰহ’ৰ জৰিয়তে বলীউড ছবিত অভিষেক ঘটায় নাটাছাই। ২০১৪ চনত বিগ বছ ৮ত অংশগ্ৰহণ কৰিছিল। নাচ বালিয়ে ৯তো অংশগ্ৰহণ কৰিছিল। তাৰপাছতে সম্পৰ্ক হয় হাৰ্দিকৰ স’তে।

হাৰ্দিকে ৰাজহুৱাভাৱে পত্নীক আদৰেৰে ভৰাই পেলাইছে। ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ প্ৰেম দিৱসত প্ৰথমে দিল্লীত খ্ৰীষ্টান ৰীতি অনুযায়ী বিবাহপাশত আবদ্ধ হয় এই দম্পতীহালে। ইয়াৰ পিছত ৰাজস্থানৰ উদয়পুৰত হিন্দু ৰাজকীয় বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।

২০২০ চনৰ মে’ মাহত হাৰ্দিক আৰু নাটাছাৰ বিবাহ হয়। সেই সময়ত covid ৰ বাবে কেৱল বৈধভাৱে বিয়া কৰাইছিল। কোনো অনুষ্ঠান নাছিল। সেয়ে হাৰ্দিকে পত্নীৰ অনুৰোধ অনুযায়ী পুনৰ আনুষ্ঠানিক বিয়াৰ আয়োজন কৰিলে। এটি পুত্ৰৰ পিতৃ-মাতৃ দুয়ো।

যোৱা তিনি বছৰত তেওঁলোকে ব্যস্ততাৰ নিজৰ বাবে বিশেষ সময় ৰাখিব নোৱাৰিলে। নাটাছাৰ ইচ্ছামতে হাৰ্দিকে পুনৰ বিয়া পতাৰ সিদ্ধান্ত ল’লে। ১৪ ফেব্ৰুৱাৰী তাৰিখে বাছি ল’লে বিয়াৰ অনুষ্ঠান। ৰাজস্থানৰ উদয়পুৰত তেওঁলোকৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক