--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় হাৰ্দিক আৰু নাটাছা। তাৰপাছত এতিয়া নাটাছাৰ জন্মদিন উপলক্ষে সামাজিক মাধ্যমত বিয়াৰ ফটো শ্বেয়াৰ কৰে হাৰ্দিকে। নাটাছাক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে, “জন্মদিনৰ শুভেচ্ছা থাকিল মোৰ প্ৰিয়। দিনবোৰ বাগৰি যোৱাৰ লগে লগে তোমাক আৰু অধিক ভাল পাব বিচাৰে।’’

উল্লেখ্য যে হাৰ্দিকৰ পত্নী  নাটাছা ষ্টানকোভিচ এগৰাকী অভিনেত্ৰী আৰু মডেল। মুম্বাইত বাস কৰা ৩১ বৰ্ষীয়া নাটাছাৰ জন্ম ছাৰ্বিয়াত। প্ৰকাশ ঝাৰ পৰিচালিত ৰাজনৈতিক ছৱি 'সত্যগ্ৰহ’ৰ জৰিয়তে বলীউড ছবিত অভিষেক ঘটায় নাটাছাই। ২০১৪ চনত বিগ বছ ৮ত অংশগ্ৰহণ কৰিছিল। নাচ বালিয়ে ৯তো অংশগ্ৰহণ কৰিছিল। তাৰপাছতে সম্পৰ্ক হয় হাৰ্দিকৰ স’তে।

হাৰ্দিকে ৰাজহুৱাভাৱে পত্নীক আদৰেৰে ভৰাই পেলাইছে। ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ প্ৰেম দিৱসত প্ৰথমে দিল্লীত খ্ৰীষ্টান ৰীতি অনুযায়ী বিবাহপাশত আবদ্ধ হয় এই দম্পতীহালে। ইয়াৰ পিছত ৰাজস্থানৰ উদয়পুৰত হিন্দু ৰাজকীয় বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।

২০২০ চনৰ মে’ মাহত হাৰ্দিক আৰু নাটাছাৰ বিবাহ হয়। সেই সময়ত covid ৰ বাবে কেৱল বৈধভাৱে বিয়া কৰাইছিল। কোনো অনুষ্ঠান নাছিল। সেয়ে হাৰ্দিকে পত্নীৰ অনুৰোধ অনুযায়ী পুনৰ আনুষ্ঠানিক বিয়াৰ আয়োজন কৰিলে। এটি পুত্ৰৰ পিতৃ-মাতৃ দুয়ো।

যোৱা তিনি বছৰত তেওঁলোকে ব্যস্ততাৰ নিজৰ বাবে বিশেষ সময় ৰাখিব নোৱাৰিলে। নাটাছাৰ ইচ্ছামতে হাৰ্দিকে পুনৰ বিয়া পতাৰ সিদ্ধান্ত ল’লে। ১৪ ফেব্ৰুৱাৰী তাৰিখে বাছি ল’লে বিয়াৰ অনুষ্ঠান। ৰাজস্থানৰ উদয়পুৰত তেওঁলোকৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন