--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ পৰা আৰম্ভ হ'ল ভাৰতীয় ক্ৰিকেটৰ এটা নতুন যুগ । মহিলা  প্ৰিমিয়াৰ লীগৰ প্ৰথম খন খেল আজি অনুষ্ঠিত  হ’ব।  প্ৰতিযোগিতাখনকলৈ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। আজি গুজৰাট জায়ান্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত  প্ৰতিযোগিতাখনৰ প্ৰথম খন  অনুষ্ঠিত  হ'ব। এই টি-২০ লীগত মুঠ ২০ খন লীগ মেচ, ১খন এলিমিনেটৰ মেচ আৰু এখন চূড়ান্ত মেচকে ধৰি   মুঠ ২২ খন মেচ অনুষ্ঠিত হ'ব।  লীগৰ অন্তিম খন খেল ২৬ মাৰ্চত ব্ৰোবোৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

ভাৰতীয় সময় অনুসৰি লীগ মেচ  আবেলি ৩.৩০  বজাত আৰু সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত  হ'ব। মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়াম আৰু ব্ৰেবোৰ্ণ ষ্টেডিয়ামত ১১-১১ খন মেচ খেলা হ'ব। প্ৰতিটো দলে আন ৪ টা দলৰ বিৰুদ্ধে ২-২ খন মেচ খেলিব৷ অৰ্থাৎ প্ৰতিটো দলে ৮-৮ খন মেচ খেলিব। লীগৰ শীৰ্ষ দলটো পোনপটীয়াকৈ ফাইনেললৈ যাব, আনহাতে এলিমিনেটৰ মেচবোৰ পইণ্ট তালিকাৰ দ্বিতীয় আৰু তৃতীয় দলৰ মাজত খেলোৱা হ'ব। বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব।উল্লেখ্য ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মহিলাৰ আইপিএল৷ ইয়াকেলৈ দেশৰ ক্ৰীড়াপ্ৰেমাসকলৰ মাজত কৌতূহলৰ অন্ত নাই৷ শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) মহিলা প্ৰিমিয়াৰ লীগৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰিছে। প্ৰতিযোগিতাখন ৪ মাৰ্চত আৰম্ভ হ'ব। প্ৰথমখন খেল মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট জায়ান্টছৰ মাজত অনুষ্ঠিত হ'ব। 

ফাইনেলখন ২৬ মাৰ্চত অনুষ্ঠিত হ'ব।মহিলাৰ প্ৰথমখন আই পি এল ২৩ দিন ধৰি চলিব। পাঁচটা দলে লীগ পৰ্যায়ত ইটোৱে-সিটোৰ বিৰুদ্ধে দুখনকৈ খেল খেলিব। প্ৰথমখন খেল মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ফাইনেলখন ব্ৰেবোৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। মুম্বাইৰ এই দুখন ষ্টেডিয়ামে প্ৰথম মহিলা প্ৰিমিয়াৰ লীগৰ ২২ খন খেল আয়োজন কৰিব। প্ৰতিখন ষ্টেডিয়ামত ১১ খন খেল অনুষ্ঠিত হ'ব। ২১ মাৰ্চত লীগ পৰ্যায়ৰ অন্তিমখন খেলত দিল্লী কেপিটেলছে ইউপি ৱাৰিয়ৰ্ছৰ সৈতে মুখামুখি হ'ব।

৫ মাৰ্চ, ১৮ মাৰ্চ, ২০ মাৰ্চ আৰু ২১ মাৰ্চত দুখনকৈ মেচ অনুষ্ঠিত হ'ব। এই চাৰিদিনীয়া প্ৰথমখন খেল আবেলি ৩:৩০ বজাত আৰম্ভ হ'ব। দ্বিতীয় খন খেল সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। লীগ পৰ্যায়ৰ দ্বিতীয় আৰু তৃতীয় দলবোৰে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ইটোৱে-সিটো দলৰ  মুখামুখি হ'ব। লীগ পৰ্যায়ৰ শীৰ্ষত থকা দলটোৱে পোনপটীয়াকৈ ফাইনেলত খেলিব।

মহিলাৰ আই পি এলৰ নিলাম দেওবাৰে অনুষ্ঠিত হৈছিল। পাঁচটা ফ্ৰেঞ্চাইজীয়ে মুঠ ৮৭ জন ক্ৰিকেটাৰ ক্ৰয় কৰিছে। বিদেশী ক্ৰিকেটাৰৰ সংখ্যা ৩০। স্মৃতি মান্ধানাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ভাৰতীয় মহিলা দলৰ উপ-অধিনায়কগৰাকীক ৩.৪ ০ কোটি টকাত ক্ৰয় কৰিছে।এইবাৰ মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত আন এগৰাকী অসম কন্যাই অসমক ধন্য কৰিলে৷ নাম তেওঁৰ জিণ্টিমণি কলিতা৷

সুদক্ষ বলাৰ হিচাবে জনাজাত  জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত নিয়মীয়াকৈ  ক্ৰিকেট অনুশীলন কৰি গৈছিল৷ জিণ্টিমণিয়ে এটা সময়ত  অসম দলত স্থান লাভ কৰিছিল৷  কেৱল সেয়াই নহয়, পিছলৈ তেওঁ  ভাৰতীয় মহিলা  বি টীমত স্থান লাভ কৰে৷ ইপিনে মুম্বাই ইণ্ডিয়ানছ দলে অসম কন্যা  জিণ্টিমণি কলিতাক উষ্ম আদৰণি জনাইছে৷ 

উল্লেখ্য মহিলাৰ আই পি এলৰ বাবে  সোমবাৰে ভাৰতীয় তাৰকাসকলৰ বাবে  মুম্বাইত নিলাম অনুষ্ঠিত হয়৷  নিলামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ভাৰতীয় বেটছমেন স্মৃতি মান্ধানাক ৩ কোটি ৪০  লাখ টকাত ক্ৰয় কৰে। মান্ধানাই নিলামত  সৰ্বাধিক মূল্যৰ তাৰকা হিচাবে পৰিগণিত হয়। হৰমনপ্ৰীত কৌৰক মুম্বাই ইণ্ডিয়ানছে ১.৮ কোটি টকাত ক্ৰয় কৰিছে৷ অলৰাউণ্ডাৰ পূজা ভষ্ট্ৰাকাৰ  দৰ উঠে ১.৯ কোটি টকা।ভাৰতীয় অলৰাউণ্ডাৰ দীপ্তি শৰ্মাক   ইউপি ৱাৰিয়ৰ্ছে ২.৬ কোটি টকাত ক্ৰয় কৰে।  ১.৯০  কোটি টকাত উইকেট-ৰক্ষক আৰু বেংগলৰ কন্যা ৰিচা ঘোষ নিলাম হয়।  শ্বেফালী বাৰ্মাক   দিল্লীয়ে তেওঁক ২ কোটি টকাত ক্ৰয় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক