--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, এটা বিশেষ ভিডিঅ’ য’ত এটা কুকুৰ মন্দিৰৰ ভিতৰত ভগৱানৰ ভক্তিত মগ্ন হৈ থকা দেখা গৈছে। যিয়ে সকলোৰে হৃদয় জয় কৰিছে।

মন্দিৰত পূজা-অৰ্চনা কৰা আৰু ভক্তি-ভক্তিত মগ্ন হৈ সন্ধিয়া প্ৰাৰ্থনা কৰা আমি প্ৰায়ে দেখিছোঁ। কোৱা হয় যে পৃথিৱীৰ প্ৰত্যেক অংশতে ঈশ্বৰ বাস কৰে, গতিকে আজিকালি মানুহৰ বাহিৰেও কিছুমান প্ৰাণীও ঈশ্বৰ ভক্তিত মগ্ন হৈ থকা দেখা যায়। যিবোৰ ভিডিঅ' প্ৰায়ে ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহে। এতিয়া এনে এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত দেখা গৈছে এটা কুকুৰে মানুহৰ সৈতে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছে।



সচাকৈয়ে কুকুৰ যেন‌ প্ৰভু ভক্ত, ছ’চিয়েল মিডিয়াত উন্মোচিত হোৱা এই ভিডিঅ’টোত একাংশ লোকে এটা মন্দিৰৰ ভিতৰত বাদ্যযন্ত্ৰৰে ভগৱানৰ পূজা আৰু জপ কৰা দেখা গৈছে। ইফালে ভক্তসকলে তেওঁৰ মাত শুনি অহা এটা কুকুৰকো ভগৱানৰ ভক্তিত মগ্ন হোৱা দেখা যায়। ভিডিঅ’টোত কুকুৰটোৱে মানুহখিনিৰ লগত একান্তভাৱে সংযোগ হ’বলৈ চেষ্টা কৰাও দেখা গৈছে।

বিশাল নামৰ এজন ব্বহাৰকাৰীয়ে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টো মহাৰাষ্ট্ৰৰ এখন চহৰ বা গাঁৱৰ। এটা মন্দিৰত এদল ভক্তই ভজন গোৱা দেখা গ’ল। এই সময়ছোৱাত এটা কুকুৰকো ভগৱানৰ ভক্তিৰ ৰসত মগ্ন হোৱা দেখা গৈছিল।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’। এই বাতৰি লিখা পৰ্যন্ত ই ৩০ লাখতকৈ অধিক ভিউ লাভ কৰিছে। ৩ লাখ ৫০ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে লাইক কৰিছে। কুকুৰটোৰ প্ৰতি সকলোৱে প্ৰেমৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ