--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, এটা বিশেষ ভিডিঅ’ য’ত এটা কুকুৰ মন্দিৰৰ ভিতৰত ভগৱানৰ ভক্তিত মগ্ন হৈ থকা দেখা গৈছে। যিয়ে সকলোৰে হৃদয় জয় কৰিছে।

মন্দিৰত পূজা-অৰ্চনা কৰা আৰু ভক্তি-ভক্তিত মগ্ন হৈ সন্ধিয়া প্ৰাৰ্থনা কৰা আমি প্ৰায়ে দেখিছোঁ। কোৱা হয় যে পৃথিৱীৰ প্ৰত্যেক অংশতে ঈশ্বৰ বাস কৰে, গতিকে আজিকালি মানুহৰ বাহিৰেও কিছুমান প্ৰাণীও ঈশ্বৰ ভক্তিত মগ্ন হৈ থকা দেখা যায়। যিবোৰ ভিডিঅ' প্ৰায়ে ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহে। এতিয়া এনে এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত দেখা গৈছে এটা কুকুৰে মানুহৰ সৈতে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছে।



সচাকৈয়ে কুকুৰ যেন‌ প্ৰভু ভক্ত, ছ’চিয়েল মিডিয়াত উন্মোচিত হোৱা এই ভিডিঅ’টোত একাংশ লোকে এটা মন্দিৰৰ ভিতৰত বাদ্যযন্ত্ৰৰে ভগৱানৰ পূজা আৰু জপ কৰা দেখা গৈছে। ইফালে ভক্তসকলে তেওঁৰ মাত শুনি অহা এটা কুকুৰকো ভগৱানৰ ভক্তিত মগ্ন হোৱা দেখা যায়। ভিডিঅ’টোত কুকুৰটোৱে মানুহখিনিৰ লগত একান্তভাৱে সংযোগ হ’বলৈ চেষ্টা কৰাও দেখা গৈছে।

বিশাল নামৰ এজন ব্বহাৰকাৰীয়ে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টো মহাৰাষ্ট্ৰৰ এখন চহৰ বা গাঁৱৰ। এটা মন্দিৰত এদল ভক্তই ভজন গোৱা দেখা গ’ল। এই সময়ছোৱাত এটা কুকুৰকো ভগৱানৰ ভক্তিৰ ৰসত মগ্ন হোৱা দেখা গৈছিল।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’। এই বাতৰি লিখা পৰ্যন্ত ই ৩০ লাখতকৈ অধিক ভিউ লাভ কৰিছে। ৩ লাখ ৫০ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে লাইক কৰিছে। কুকুৰটোৰ প্ৰতি সকলোৱে প্ৰেমৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’