--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কেইজনমান কণ্ঠশিল্পীৰ ভিতৰত অন্যতম হৈছে ইয়োহানি ডি ছিলভা। এবছৰমান আগতে ছ’চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰিছিল তেওঁৰ ‘মানিকে মাগে হিটে’ (মণিকে মাগে হিঠে) গীতটো। শ্ৰীলংকাৰ কণ্ঠশিল্পীগৰাকীৰ এই গীতটোৱে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছিল। লাহে লাহে তেওঁৰ ভাইৰেল গীতটোৰ উন্মাদনা কম হ’লেও ইয়োহানীয়ে বলিউডত খ্যাতি লাভ কৰিলে আৰু পুনৰ এবাৰ ‘মানিকে আকৌ মাগে হিট’লৈ আনিবলৈ ওলাইছে। কিন্তু সম্পূৰ্ণ নতুন ৰূপত। তেওঁ সিংহলী ভাষাৰ সলনি হিন্দীত ভাষাত গানটো গাব। ইয়াৰ পূৰ্বে বহুতে বিভিন্ন ভাষাত মানিকে মাগে হিটে গীতটোৰ পুননিৰ্মাণ কৰিছিল। অৱশ্যে গীতটোৰ হিন্দী সংস্কৰণ প্ৰথমবাৰৰ বাবে শুনা যাব ইয়োহানীৰ কণ্ঠত।

 ইয়োহানীয়ে কয় যে গোটেই বিষয়টো তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক। কাৰণ প্ৰথমে তেওঁ এটা সম্পূৰ্ণ নতুন ভাষা শিকিবলগীয়া হৈছিল। সৰুৰে পৰা হিন্দী সংগীত শুনি ডাঙৰ-দীঘল হোৱা বুলিও সংগীতজ্ঞগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু চিনেমাৰ বাবে গীত গোৱাটো সম্পূৰ্ণ বেলেগ কথা। ৰেকৰ্ডিঙৰ সময়ত উচ্চাৰণকে ধৰি আন সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ছবিখনত এগৰাকী অভিনেত্ৰীৰ বাবে কণ্ঠদান কৰিছে ইযোহানীয়ে। তদুপৰি তেওঁ প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰা বুলিও উল্লেখ কৰে।

 ইযোহানীয়ে গীতটোৰ একাধিকবাৰ শ্বুট কৰি নিখুঁত উচ্চাৰণ আৰু কণ্ঠৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁ কয় যে সকলোৱে তেওঁক বহুত উৎসাহিত কৰিছিল। অজয় দেৱগন আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ আগন্তুক ছবি ‘থেংক গড’ত ইয়োহানীৰ কণ্ঠত হিট হিট ছবিৰ হিন্দী সংস্কৰণ প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে টি ছিৰিজত যোগদান কৰিছে ইযোহানীয়ে। ভূষণ কুমাৰে কয় যে ইয়োহানীৰ দৰে গায়ক পালে টি ছিৰিজৰ সফলতা বাঢ়িব বুলি কোৱাৰ প্ৰয়োজন নাই। মাথোঁ সময়ৰ কথা দৰ্শকে ডাঙৰ ডাঙৰ গীত, মিউজিক ভিডিঅ’ লাভ কৰাটো। নিজকে সুখী বুলি ব্যক্ত কৰি ইযোহানিয়ে কয় যে ‘এটা গীতে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি দিলে। গানটোৱে ইমান প্ৰভাৱ পেলাব বুলি ভবা নাছিলোঁ। যিকোনো শিল্পীৰ বাবে টি ছিৰিজৰ দৰে ডাঙৰ বেনাৰত চহী কৰাটো এটা সপোন। মই আপ্লুত আৰু কৃতজ্ঞ হৈছো।’

 ইয়াৰ পূৰ্বে ইযোহানীয়ে ‘সিদ্দাত’ ছবিৰ টাইটেল ট্ৰেক গাইছিল। বলীউডত প্ৰথমবাৰৰ বাবে গান গোৱাৰ বাবে তেওঁ ইমানেই উৎসাহিত হৈছিল যে গীতটোৰ ৰেকৰ্ডিং ভিডিঅ’টোও তেওঁৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেলত শ্বেয়াৰ কৰিছিল। এই গীতটিৰে বলিউডত আত্মপ্ৰকাশ কৰিছিল ইযোহানীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’