--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কেইজনমান কণ্ঠশিল্পীৰ ভিতৰত অন্যতম হৈছে ইয়োহানি ডি ছিলভা। এবছৰমান আগতে ছ’চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰিছিল তেওঁৰ ‘মানিকে মাগে হিটে’ (মণিকে মাগে হিঠে) গীতটো। শ্ৰীলংকাৰ কণ্ঠশিল্পীগৰাকীৰ এই গীতটোৱে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছিল। লাহে লাহে তেওঁৰ ভাইৰেল গীতটোৰ উন্মাদনা কম হ’লেও ইয়োহানীয়ে বলিউডত খ্যাতি লাভ কৰিলে আৰু পুনৰ এবাৰ ‘মানিকে আকৌ মাগে হিট’লৈ আনিবলৈ ওলাইছে। কিন্তু সম্পূৰ্ণ নতুন ৰূপত। তেওঁ সিংহলী ভাষাৰ সলনি হিন্দীত ভাষাত গানটো গাব। ইয়াৰ পূৰ্বে বহুতে বিভিন্ন ভাষাত মানিকে মাগে হিটে গীতটোৰ পুননিৰ্মাণ কৰিছিল। অৱশ্যে গীতটোৰ হিন্দী সংস্কৰণ প্ৰথমবাৰৰ বাবে শুনা যাব ইয়োহানীৰ কণ্ঠত।

 ইয়োহানীয়ে কয় যে গোটেই বিষয়টো তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক। কাৰণ প্ৰথমে তেওঁ এটা সম্পূৰ্ণ নতুন ভাষা শিকিবলগীয়া হৈছিল। সৰুৰে পৰা হিন্দী সংগীত শুনি ডাঙৰ-দীঘল হোৱা বুলিও সংগীতজ্ঞগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু চিনেমাৰ বাবে গীত গোৱাটো সম্পূৰ্ণ বেলেগ কথা। ৰেকৰ্ডিঙৰ সময়ত উচ্চাৰণকে ধৰি আন সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ছবিখনত এগৰাকী অভিনেত্ৰীৰ বাবে কণ্ঠদান কৰিছে ইযোহানীয়ে। তদুপৰি তেওঁ প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰা বুলিও উল্লেখ কৰে।

 ইযোহানীয়ে গীতটোৰ একাধিকবাৰ শ্বুট কৰি নিখুঁত উচ্চাৰণ আৰু কণ্ঠৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁ কয় যে সকলোৱে তেওঁক বহুত উৎসাহিত কৰিছিল। অজয় দেৱগন আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ আগন্তুক ছবি ‘থেংক গড’ত ইয়োহানীৰ কণ্ঠত হিট হিট ছবিৰ হিন্দী সংস্কৰণ প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে টি ছিৰিজত যোগদান কৰিছে ইযোহানীয়ে। ভূষণ কুমাৰে কয় যে ইয়োহানীৰ দৰে গায়ক পালে টি ছিৰিজৰ সফলতা বাঢ়িব বুলি কোৱাৰ প্ৰয়োজন নাই। মাথোঁ সময়ৰ কথা দৰ্শকে ডাঙৰ ডাঙৰ গীত, মিউজিক ভিডিঅ’ লাভ কৰাটো। নিজকে সুখী বুলি ব্যক্ত কৰি ইযোহানিয়ে কয় যে ‘এটা গীতে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি দিলে। গানটোৱে ইমান প্ৰভাৱ পেলাব বুলি ভবা নাছিলোঁ। যিকোনো শিল্পীৰ বাবে টি ছিৰিজৰ দৰে ডাঙৰ বেনাৰত চহী কৰাটো এটা সপোন। মই আপ্লুত আৰু কৃতজ্ঞ হৈছো।’

 ইয়াৰ পূৰ্বে ইযোহানীয়ে ‘সিদ্দাত’ ছবিৰ টাইটেল ট্ৰেক গাইছিল। বলীউডত প্ৰথমবাৰৰ বাবে গান গোৱাৰ বাবে তেওঁ ইমানেই উৎসাহিত হৈছিল যে গীতটোৰ ৰেকৰ্ডিং ভিডিঅ’টোও তেওঁৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেলত শ্বেয়াৰ কৰিছিল। এই গীতটিৰে বলিউডত আত্মপ্ৰকাশ কৰিছিল ইযোহানীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?