--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লংকাপতি ৰাৱণৰ পত্নী মন্দোদৰী পৌৰাণিক আখ্যানৰ এগৰাকী উল্লেখনীয় নাৰী। দানৱৰ পত্নী হৈও শিৱৰ মহান ভক্ত আছিল মন্দোদৰী। স্বামী ৰাৱণৰ দৰে তেঁৱো পুৱা-গধূলি ভগৱান শংকৰক পূজা কৰিছিল। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, কোমল অন্তৰৰ আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।

মন্দোদৰীয়ে জানিছিল যে তেওঁৰ স্বামীয়ে সীতাক অপহৰণ কৰি অধৰ্ম কৰিছে, গতিকে ৰাৱণৰ ধ্বংস নিশ্চিত। সেয়ে তেওঁ বাৰে বাৰে ৰাৱণক বুজাইছিল যে সীতাক ৰামৰ ওচৰলৈ উভতাই পঠিয়াবলৈ কিন্তু মন্দোদৰীৰ হাজাৰ বুজনিৰ পাছতো ৰাৱণে কোণো কাণষাৰ দিয়া নাছিল।

মন্দোদৰীয়ে ধৰ্ম পালন কৰি ৰাৱণক সৎ কি অসৎ কি বুজাবলৈ চেষ্টা কৰিছিল। আনহাতে পত্নীৰ ধৰ্ম পালন কৰি তেওঁ জীৱনৰ শেষলৈকে স্বামী ৰাৱণক সংগ দিছিল। 

পৌৰাণিক কাহিনীত বৰ্ণনা কৰা হৈছে যে মন্দোদৰী অসুৰৰাজ মায়াসুৰ আৰু অপ্সৰা হেমাৰ কন্যা। মায়াসুৰে ব্ৰহ্মৰ পৰা এটা বৰ ভাল পাইছিল যে তেওঁ যিকোনো ঠাইতে এখন সুন্দৰ বাগিচা নিৰ্মাণ কৰিব পাৰিব আৰু এই বৰৰ পাছতে মায়াসুৰে বৰ্তমান ৰাজস্থানত থকা মন্দোৰ নগৰ নিৰ্মাণ কৰিছিল। এই নগৰৰ সৌন্দৰ্যৰ বৰ্ণনা শুনি ৰাৱণেও তালৈ যোৱাৰ হেঁপাহ কৰিলে আৰু তেওঁ মায়াসুৰক লগ কৰিবলৈ তাত উপস্থিত হ’ল।

কিন্তু তাত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ চকু ৰূপৱতী মন্দোদৰীৰ ওপৰত পৰিল, মন্দোদৰীৰ ৰূপ-লাৱণ্যই ৰাৱণক মুগ্ধ কৰি তুলিলে। তেওঁ লগে লগে মায়াসুৰৰ সন্মুখত মন্দোদৰীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱ শুনি মন্দোদৰীয়ে নাকচ কৰিলে কিন্তু ৰাৱণ এই কথাত খঙত উতলা হৈ পৰে। ৰাৱণে মায়াসুৰৰ ৰাজ্যৰ ধ্বংস কৰি পেলোৱাৰ ভাবুকি দিয়ে।

মন্দোদৰীয়ে জানিছিল যে লংকাপতিক পৰাস্ত কৰাটো সহজ নহয় আৰু সেইবাবেই তেওঁ পিতৃৰ ৰাজ্যক ৰক্ষা কৰিবৰ বাবে ৰাৱণক বিয়া কৰাবলৈ সন্মত হয়। ইন্দ্ৰজিৎ, মেঘনাদ, মহোদৰ, প্ৰহস্ত, বিৰুপক্ষ আছিল ৰাৱণ আৰু মন্দোদৰীৰ সাহসী পুত্ৰ। মন্দোদৰীৰ বাহিৰেও ৰাৱণৰ দুগৰাকী পত্নী আছিল। তেওঁলোকৰ নাম আছিল মায়া আৰু ধন্যমলিনী।

ৰামায়ণত মন্দোদৰীৰ ভূমিকা চমু যদিও অতিশয় গুৰুত্বপূৰ্ণ। তেওঁক এগৰাকী ধাৰ্মিক আৰু সৎ ৰাজকীয় নাৰী হিচাপে বৰ্ণনা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ