--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লংকাপতি ৰাৱণৰ পত্নী মন্দোদৰী পৌৰাণিক আখ্যানৰ এগৰাকী উল্লেখনীয় নাৰী। দানৱৰ পত্নী হৈও শিৱৰ মহান ভক্ত আছিল মন্দোদৰী। স্বামী ৰাৱণৰ দৰে তেঁৱো পুৱা-গধূলি ভগৱান শংকৰক পূজা কৰিছিল। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, কোমল অন্তৰৰ আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।

মন্দোদৰীয়ে জানিছিল যে তেওঁৰ স্বামীয়ে সীতাক অপহৰণ কৰি অধৰ্ম কৰিছে, গতিকে ৰাৱণৰ ধ্বংস নিশ্চিত। সেয়ে তেওঁ বাৰে বাৰে ৰাৱণক বুজাইছিল যে সীতাক ৰামৰ ওচৰলৈ উভতাই পঠিয়াবলৈ কিন্তু মন্দোদৰীৰ হাজাৰ বুজনিৰ পাছতো ৰাৱণে কোণো কাণষাৰ দিয়া নাছিল।

মন্দোদৰীয়ে ধৰ্ম পালন কৰি ৰাৱণক সৎ কি অসৎ কি বুজাবলৈ চেষ্টা কৰিছিল। আনহাতে পত্নীৰ ধৰ্ম পালন কৰি তেওঁ জীৱনৰ শেষলৈকে স্বামী ৰাৱণক সংগ দিছিল। 

পৌৰাণিক কাহিনীত বৰ্ণনা কৰা হৈছে যে মন্দোদৰী অসুৰৰাজ মায়াসুৰ আৰু অপ্সৰা হেমাৰ কন্যা। মায়াসুৰে ব্ৰহ্মৰ পৰা এটা বৰ ভাল পাইছিল যে তেওঁ যিকোনো ঠাইতে এখন সুন্দৰ বাগিচা নিৰ্মাণ কৰিব পাৰিব আৰু এই বৰৰ পাছতে মায়াসুৰে বৰ্তমান ৰাজস্থানত থকা মন্দোৰ নগৰ নিৰ্মাণ কৰিছিল। এই নগৰৰ সৌন্দৰ্যৰ বৰ্ণনা শুনি ৰাৱণেও তালৈ যোৱাৰ হেঁপাহ কৰিলে আৰু তেওঁ মায়াসুৰক লগ কৰিবলৈ তাত উপস্থিত হ’ল।

কিন্তু তাত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ চকু ৰূপৱতী মন্দোদৰীৰ ওপৰত পৰিল, মন্দোদৰীৰ ৰূপ-লাৱণ্যই ৰাৱণক মুগ্ধ কৰি তুলিলে। তেওঁ লগে লগে মায়াসুৰৰ সন্মুখত মন্দোদৰীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱ শুনি মন্দোদৰীয়ে নাকচ কৰিলে কিন্তু ৰাৱণ এই কথাত খঙত উতলা হৈ পৰে। ৰাৱণে মায়াসুৰৰ ৰাজ্যৰ ধ্বংস কৰি পেলোৱাৰ ভাবুকি দিয়ে।

মন্দোদৰীয়ে জানিছিল যে লংকাপতিক পৰাস্ত কৰাটো সহজ নহয় আৰু সেইবাবেই তেওঁ পিতৃৰ ৰাজ্যক ৰক্ষা কৰিবৰ বাবে ৰাৱণক বিয়া কৰাবলৈ সন্মত হয়। ইন্দ্ৰজিৎ, মেঘনাদ, মহোদৰ, প্ৰহস্ত, বিৰুপক্ষ আছিল ৰাৱণ আৰু মন্দোদৰীৰ সাহসী পুত্ৰ। মন্দোদৰীৰ বাহিৰেও ৰাৱণৰ দুগৰাকী পত্নী আছিল। তেওঁলোকৰ নাম আছিল মায়া আৰু ধন্যমলিনী।

ৰামায়ণত মন্দোদৰীৰ ভূমিকা চমু যদিও অতিশয় গুৰুত্বপূৰ্ণ। তেওঁক এগৰাকী ধাৰ্মিক আৰু সৎ ৰাজকীয় নাৰী হিচাপে বৰ্ণনা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু