--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আবকাৰী নীতিৰ গোচৰত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়া৷ আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতাগৰাকীৰ গ্ৰেপ্তাৰত ইতিমধ্যে দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 

মনীষ ছিচোদিয়াৰ গ্ৰেপ্তাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালেও৷ সমগ্ৰ ঘটনা সম্পৰ্কত দলীয় স্থিতি স্পষ্ট কৰিছে আম আদমী পাৰ্টীয়ে৷ আম আদমী পাৰ্টীয়ে আজিৰ দিনটোত ‘গণতন্ত্ৰৰ বাবে ক’লা দিন’ বুলি অভিহিত কৰিছে৷ 

এক টুইটযোগে আপে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিয়ে এই ছিচোদিয়াক গ্ৰেপ্তাৰ কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে৷

দিল্লী সুৰাৰ গোচৰত চিবিআইৰ দ্বাৰা আঠ ঘণ্টাজোৰা সোধা-পোছাৰ পাছত চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

আপৰ জ্যেষ্ঠ নেতা আতিশীয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে মিছা গোচৰ, অভিযান আৰু গ্ৰেপ্তাৰৰ জৰিয়তে আপ নেতাসকলক নীৰৱ আৰু ভয় খুৱাবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছে। চিবিআইয়ে মিছা অভিযোগৰ ভিত্তিত ছিচোদিয়াক নমাই আনিবলৈ চেষ্টা কৰি আছে বুলি আতিশীয়ে দাবী কৰে।

ছিচোদিয়াৰ বিৰুদ্ধে আৰোপিত অভিযোগ ‘মিছা’ বুলি দাবী কৰি তেওঁ কয় যে বিজেপিয়ে আপৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ প্ৰমাণ কৰা উচিত।
আপ এটা কট্টৰ সৎ দল আৰু বিজেপিৰ ভয় আজি সকলোৰে বাবে দৃশ্যমান আছিল। সমগ্ৰ দেশে দেখিছিল যে বিজেপিয়ে দেশত অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ বৰ্ধিত জনপ্ৰিয়তাক লৈ ভয় কৰে, আতিশীয়ে কয়।
 
দলৰ মুখপাত্ৰ সঞ্জীৱ ঝাই গ্ৰেপ্তাৰক ‘স্বৈৰাচাৰী’ বুলি অভিহিত কৰি কয়, দেশৰ শ্ৰেষ্ঠ শিক্ষামন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি মোদীজীয়ে কোনো ভাল দৃষ্টান্ত নেদেখুৱালে৷ এই স্বৈৰশাসন সোনকালেই সমাপ্ত হ’ব বুলি তেওঁ মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু