ডিজিটেল ডেস্কঃদিল্লী আবকাৰী নীতি দুৰ্নীতিৰ গোচৰত চিবিআই তদন্তৰ সন্মুখীন হৈ থকা উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়ালৈ তদন্তকাৰী সংস্থাটোৱে লুকআউট নটিচ প্ৰেৰণ কৰা বুলি আজি খোদ চিছোদিয়াই প্ৰকাশ কৰাৰ পিছতে বিষয়টোকলৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে উপ মুখ্যমন্ত্ৰীৰ চিছোদিয়াৰ দাবীৰ কেইঘণ্টামান পিছতে চিবিআইয়ে সেই দাবী স্পষ্টভাৱে অস্বীকাৰ কৰিছে। চিবিআইৰ তৰফৰ পৰা কোৱা হৈছে যে এতিয়ালৈকে গোচৰটোৰ কোনো অভিযুক্তৰ বিৰুদ্ধে কোনো লুকআউট নটিচ জাৰি কৰা হোৱা নাই।
ইপিনে চিবিআই , ইডিৰ দৰে তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ চৰকাৰ খনে আম আদমী পাৰ্টীৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে আপে। আপে কয় যে কেন্দ্ৰীয় চৰকাৰে চিবিআই আৰু ইডিৰ খেল খেলি আছে।চিছোদিয়াৰ ঘৰত চলোৱা অভিযানটোত যেতিয়া একো পোৱা নগ'ল, এতিয়া লুকআউট নটিচ জাৰি কৰি আপৰ নেতাসকলক ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে।
মোদীৰ চৰকাৰক আক্ৰমণ কৰি মনীষ চিছোদিয়াই কৈছে যে চিবিআইয়ে শকুৰবাৰে তেওঁৰ বাসগৃহত ১৪ ঘণ্টা ধৰি অভিযান চলাইছিল ৷ কিন্তু অভিযান চিবিআইয়ে একো আপত্তিজনক বস্তু বা নথি নাপালে। সেয়ে এতিয়া লুকআউট নটিচ জাৰী কৰাৰ নাটক ৰচনা কৰা হৈছে বুলি চিছোদিয়াই স্পষ্ট অভিযোগ কৰেয। চিছোদিয়াই কেন্দ্ৰ তথা চিবিআইক প্ৰত্যাহ্বান জনাই লগতে কৈছে "তেওঁ দিল্লীৰ ৰাস্তাত মুক্তভাৱে ঘূৰি ফুৰিছে। তেওঁ প্ৰধানমন্ত্ৰী মোদীকো দিল্লীতে ঘূৰি ফুৰাৰ কথা জনাইছিল।
অৱশ্যে মনীষ চিছোদিয়াৰ অভিযোগৰ পিছতে চিবিআইয়ে কম সময়ৰ ভিতৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছে। চিবিআইয়ে কৈছে যে এতিয়ালৈকে কাৰো বিৰুদ্ধে কোনো লুকআউট নটিচ জাৰি কৰা হোৱা নাই। এনে নটিচ জাৰি কৰাৰ প্ৰয়োজনীয়তা এতিয়াও অনুভৱ কৰা নাই বুলি চিবিআইয়ে কৈছে৷ চিবিআইয়ে লগতে কৈছে যে নথিপত্ৰসমূহ পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া চলি আছে। সন্দেহজনক লোকসকলক সোধা-পোছাৰ বাবে জাননী জাৰি কৰা হৈছে।
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়ালৈ চিবিআইয়ে লুকআউট নটিচ প্ৰেৰণৰ বিষয়কলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক্ন্দ্ৰক উভতি ধৰে৷চৰকাৰক সমালোচনা কৰি কেজৰিৱালে কয় যে নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ সৈতে কাম কৰাৰ পৰিৱৰ্তে " যুঁজিহে আছে"। তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত কেজৰিৱালে কয় যে প্ৰতিদিনে পুৱা কেন্দ্ৰই সাৰ পোৱাৰ পিছতে "চিবিআই-ইডিৰ খেল" আৰম্ভ কৰে।
কেজৰিৱালে কয় "যিটো সময়ত সাধাৰণ মানুহে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে আৰু কোটি কোটি যুৱক-যুৱতী নিবনুৱা হৈ আছে, কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ সৈতে মিলি নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়া উচিত। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সমগ্ৰ দেশৰ সৈতে যুঁজ দি আছে।"আজি দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই দাবী কৰিছিল যে চিবিআইয়ে তেওঁৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰিছে আৰু এই পদক্ষেপক তেওঁ "নাটক" বুলি অভিহিত কৰিছিল।
তদন্তটোৱে সুৰা নীতিত দুৰ্নীতিৰ অভিযোগত শুকুৰবাৰে আবকাৰী বিভাগ পৰিচালনা কৰা মনীষ চিছোদিয়াৰ বাসগৃহ আৰু সাতখন ৰাজ্যৰ আন ৩১টা স্থানত তালাচী চলাইছিল।সুৰা নীতি উলংঘনৰ ওপৰত চিবিআইৰ এজাহাৰত নাম থকা ১৫ জন অভিযুক্তৰ তালিকাত ছিচ’দিয়াৰ নাম তালিকাৰ শীৰ্ষত আছে৷শনিবাৰে ছিচ’দিয়াই অভিযোগ কৰে যে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীয়ে আম আদমী পাৰ্টিৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি আছে কিয়নো শিক্ষা আৰু স্বাস্থ্য খণ্ডত দিল্লী চৰকাৰৰ কামৰ বিষয়ে বিশ্বব্যাপী আলোচনা কৰা হৈছে।
চিছোদিয়া, কেজৰিৱাল আৰু দলৰ আন নেতাসকলে দাবী কৰিছে যে বৃহস্পতিবাৰে নিউয়ৰ্ক টাইমছত দিল্লীৰ শিক্ষা আৰ্হি প্ৰথম পৃষ্ঠাত স্থান পোৱাৰ পাছত কেন্দ্ৰ অসন্তুষ্ট হোৱা দেখা গৈছিল৷ চিছোদিয়াই তেওঁ কোনো ধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছিল আৰু কৈছিল যে আবকাৰী নীতি সম্পূৰ্ণ স্বচ্ছতাৰে ৰূপায়ণ কৰা হৈছিল। মন্ত্ৰীজনে লগতে কয় যে তেওঁক সম্ভৱতঃ অনাগত দিনত গ্ৰেপ্তাৰ কৰা হ'ব, কিন্তু ই তেওঁৰ দলক ভাল কাম কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তদন্ত সংস্থাটোৱে অভিযোগ কৰিছে যে সুৰা কোম্পানী আৰু মধ্যস্থতাকাৰীসকল আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত সক্ৰিয়ভাৱে অনিয়মত জড়িত আছিল। লেফটেনেণ্ট গৱৰ্ণৰে যোৱা মাহত চিবিআই তদন্তৰ পৰামৰ্শ দিছিল, আপৰ বিৰুদ্ধে মনীষ চিছোদিয়ালৈ যোৱা চৰকাৰৰ সৰ্বোচ্চ স্তৰৰ ব্যক্তিসকলক বিত্তীয় লাভালাভৰ বাবে ব্যক্তিগত সুৰা ব্যৱসায়ীসকলক লাভান্বিত কৰাৰ একমাত্ৰ লক্ষ্যৰে আবকাৰী নীতি অনাৰ অভিযোগ উত্থাপন কৰিছিল।
উল্লেখ্য বিজেপি নেতৃত্বাধীন চৰকাৰে বিৰোধীৰ বিৰুদ্ধে চিবিআইকে ধৰি আন বহু সংস্থাক ব্যৱহাৰ কৰাৰ একাধিক অভিযোগ আছে৷ তামিলনাডু বিধানসভা নিৰ্বাচনৰ মাত্ৰ চাৰি দিন আগতে ২০২১ চনৰ ২ এপ্ৰিলত আয়কৰ বিভাগে ডিএমকে ৰ মুৰব্বী এম কে ষ্টেলিনৰ কন্যা চেন্থামাৰাইৰ বাসগৃহত তালাচী চলাইছিল। সেই চনৰে ২১ ফেব্ৰুৱাৰীত, পশ্চিম বংগৰ আঠটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ৰ মাত্ৰ এমাহৰ আগতে চিবিআইয়ে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জী, দলৰ সৰ্বোচ্চ নেতা আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাকৰ দুৱাৰত টোকৰ মাৰিছিল। ডেৰ বছৰ আগতে, ছেপ্টেম্বৰ ২০১৯ ত বিধানসভা নিৰ্বাচনৰ এমাহ আগতে মহাৰাষ্ট্ৰ প্ৰৱৰ্তন সঞ্চালকালয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক সমবায় বেংক কেলেংকাৰী সন্দৰ্ভত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু তেওঁৰ ভতিজা অজিত পাৱাৰৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল।
নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থকা সময়তে চিবিআই, ইডি আৰু আয়কৰ বিভাগকে ধৰি সংস্থাবোৰে বহু পুৰণি গোচৰত বহুতকে চমন জাৰি কৰিছে; তালাচী চলোৱা হৈছে আৰু বহুতকে গ্ৰেপ্তাৰো কৰিছে কিন্তু সময় পাৰ হোৱাৰ লগে লগে একো তথ্য প্ৰমাণ দাখিল প্ৰায়ে ব্যৰ্থ হৈছে তেনে সংস্থাসমূহ৷ সেয়ে সংস্থাসমূহক চৰকাৰে স্বাৰ্থত ব্যৱহাৰ কৰি আছে নেকি তাকে লৈ বহুতৰে মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷