--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বলীউড জনপ্ৰিয় অভিনেতা অনুপম খেৰে “লাল কিলে চে গুঞ্জ-নেহৰু চে মোডী তক ” নামৰ অনুষ্ঠানটোৰ জৰিয়তে ১৯৪৭ চনৰ পৰা ২০২২ চনলৈ ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে ঐতিহাসিক তথ্য সমূহ প্ৰদৰ্শন কৰিছিল৷  অনুপম খেৰৰ এই অনুষ্ঠানটোয়ে ব্যাপক চৰ্চা লাভ কৰিছে৷ অৱশ্যে তথ্যৰ  কৌশলপূৰ্ণ উপস্থাপনৰ বাবে বহুতে সমালোচনাও কৰিছে অনুপম খেৰক৷ 


এই অনুষ্ঠানটোৰ বিষয়ে উল্লেখ কৰি খেৰে কয় যে, "যোৱা ৭৫ বছৰত ভাৰতযথেষ্ট অগ্ৰগতি লাভ কৰিছে, আৰু আমাৰ প্ৰধানমন্ত্ৰীসকলে ইয়াক সম্ভৱ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ আহিছে।"

ভাৰতৰ আৰু বিদেশৰ দৰ্শকে বিভিন্ন ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ  সিদ্ধান্ত , নীতিসমূহ আৰু খেৰৰ বৰ্ণনাৰ জৰিয়তে জানিব পাৰিব৷ লগতে দেশৰ ওপৰত তেওঁলোকৰ প্ৰভাৱৰ বিষয়েও দৰ্শক সকল জ্ঞাত হ’ব৷ 

তেওঁ কয়, "দেশৰ ৰাজনৈতিক ইতিহাসক আৱেগিকভাৱে অনুসৰণ কৰা এজন ব্যক্তি হিচাপে, মই বিশ্বাস কৰোঁ যে এই অনুষ্ঠানটো তথ্যপূৰ্ণ আৰু আকৰ্ষণীয়।

প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোডীলৈকে আৰম্ভ কৰি, অনুষ্ঠানটো অধিক প্ৰামাণিক ৰূপ দিবলৈ  ত্ৰিমূৰ্তি ভৱনত প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ৰ চৌহদৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু