--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাম মন্দিৰৰ বিষয়টোক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয় যে অনুষ্ঠানটোলৈ নহাকৈ থাকি  কংগ্ৰেছে দিয়া বাৰ্তাটো দেশৰ ৰাইজে স্মৰণ কৰিব।

নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি শ্বাহে কয়  "মই আজি কংগ্ৰেছক সতৰ্ক কৰি দিব বিচাৰো। ৰাম লালাৰ জীৱন প্ৰতিষ্ঠা অনুষ্ঠানৰ  আমন্ত্ৰণ প্ৰত্যাখ্যান কৰি তেওঁলোকে  কেৱল সেই ঐতিহাসিক মুহূৰ্তটো চাবলৈ যে অনিচ্ছুক আছিল সেয়াই নহয়, তেওঁলোকে দেশখনক  মহান কৰি তোলাৰ প্ৰক্ৰিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। দেশৰ মানুহে সকলো দেখিছে আৰু সকলো কথা মনতো ৰাখিব। "

ভাষণত গৃহমন্ত্ৰীয়ে  ইণ্ডিয়া এলায়েন্সকো আক্ৰমণ কৰে। শ্বাহে কয় "তেওঁলোকৰ (ইণ্ডিয়া মিত্ৰজোঁটৰ) ৰাজনৈতিক লক্ষ্য কি? প্ৰধানমন্ত্ৰীয়ে এখন স্বাৱসম্বী ভাৰত গঢ়ি তুলিব বিচাৰিছে আৰু ছোনিয়া গান্ধীয়ে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী কৰিব বিচাৰিছে। পাৱাৰৰ  লক্ষ্য হৈছে তেওঁৰ কন্যাক মুখ্যমন্ত্ৰী পদত বহুৱা। এম কে ষ্টালিনে তেওঁৰ পুত্ৰক মুখ্যমন্ত্ৰী  কৰিব  বিচাৰে। লালু যাদৱে তেওঁৰ পুত্ৰক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে।’’ শ্বাহে প্ৰশ্ন কৰে, "যিসকলে নিজৰ পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব বিচাৰে, তেওঁলোকে কেতিয়াবা দৰিদ্ৰ লোকৰ কল্যাণৰ কথা ভাবিব পাৰিবনে?"


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু