--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত প্ৰতিটো দিন বিভিন্ন ঈশ্বৰৰ প্ৰতি সমৰ্পিত। প্ৰতিদিনে ঈশ্বৰৰ উপাসনা কৰাটোও প্ৰকৃতিৰ এক নিয়ম। মংগলবাৰৰ দিনটো প্ৰভু হনুমানৰ ওপৰত সমৰ্পিত হয়। ভগৱান হনুমান এজন এনে দেৱতা যি কলিযুগতো এই পৃথিৱীত বিৰাজমান হৈ আছে। ভগৱান হনুমানৰ পূজা আৰাধনা কৰিলে-মনুষ্যৰ সকলো ধৰণৰ ভয় পৰা মুক্ত হয়। 

প্ৰভু হনুমানৰ পূজা কৰিলে আত্মবিশ্বাস বৃদ্ধি হয়। বহুলোকে হনুমান চালিছাও পাঠ কৰে। হনুমান চালিছা পাঠ কৰাটো অতিকৈ লাভজনক৷ হনুমান চালিছা পাঠ কৰিলে ভক্তসকলৰ বজৰংগবলীৰ অসীম কৃপা প্রাপ্ত হয়। মংগলবাৰৰ দিনা প্ৰভু হনুমানৰ পূজা কৰিলে হনুমান প্ৰসন্ন হয় আৰু নিজৰ ভক্তসকলৰ মনোকামনা পূৰ্ণ কৰে। প্ৰভু হনুমানৰ পূজাৰ বিধি জানো আহক-

প্ৰথমে প্ৰাতঃকালত স্নান-ধ্যান কৰি ব্ৰতৰ সংকল্প ল'ব লাগে আৰু পূজাৰ যোগাৰ কৰিব লাগে।

দ্বিতীয়তে নিত্য কৰ্মৰ কৰি হনুমানৰ মূৰ্ত্তি বা ফটোত ৰঙা বা হালধীয়া কাপোৰ পাৰি, কাঠৰ পীৰা পাৰি নিজে শুদ্ধ বস্ত্ৰ পৰিধান কৰি আসনত বহিব লাগে।

তৃতীয়তে হনুমানৰ মূৰ্তিক স্নান কৰাব লাগে যদিহে ফটো হয় তেন্তে ফটোখন ভালদৰে চাফা কৰি লব লাগে। ইয়াৰ পাছত ধূপ-দীপ জ্বলাই পূজা আৰম্ভ কৰিব লাগে।

চতুৰ্থতে হনুমানক অনামিকা আঙুলিৰে তিলক লগাব লাগে আৰু সেন্দূৰ অৰ্পণ কৰিব লাগে। লগতে গন্ধ, চন্দন, আদি লগাব। তাৰপাছত হনুমানক মালা পিন্ধাব আৰু ফুল অর্পণ কৰিব।

পঞ্চমতে ভালদৰে পূজা কৰাৰ পাছত হনুমানক প্রসাদ নৈবেদ্য বা ভোগ অৰ্পণ কৰিব লাগে। নিমখ, জলকীয়া,আৰু তেলৰ প্ৰয়োগ এই নৈবেদ্যত কৰিব নালাগে।

আৰু ষষ্ঠতে, তথা শেষত হনুমানৰ আৰতি কৰিব লাগে। আৰু হনুমানৰ আৰতি কৰি নেবৈদ্যক পুনৰ হনুমানৰ সন্মুখত অৰ্পণ কৰিব লাগে আৰু সেই প্ৰসাদ সকলোৰে মাজত বিতৰণ কৰি দিব লাগে।

আৰু এইদৰেই হনুমানক আৰাধনা কৰিলে আপোনাৰ মনৰ কামনা সিদ্ধি হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী