--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেংছুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ। মানি প্লেণ্ট ঘৰৰ পূব বা দক্ষিণ দিশত ৰাখিলেও একে ফলেই পোৱা যায়।


মানি প্লেণ্ট কেতিয়াও শোৱনি কোঠা বা স্নানাগাৰত নাৰাখিব।সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত তিনিঠেঙীয়া ভেকুলীৰ প্ৰতিকৃতি ৰাখিব পাৰে।এনে তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰাখিব লাগে। এনে ভেকুলীৰ প্ৰতিকৃতিত চীনা মুদ্ৰা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাৰিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল  ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ ভেকুলী ঘৰৰ মূল প্ৰৱেশব্দৰৰ পৰা  কৌণিকভাবে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। 


ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি। অৱশ্যে এইক্ষেত্ৰত ভেকুলীৰ সংখ্যাৰ ওপৰত সৌভাগ্য বৃদ্ধিৰ কথাটো নিৰ্ভৰ কৰে। ঘৰৰ আলহী বহা কোঠাত সাধাৰণতে ৯টা, ৩টা বা ৬টা তিনি ঠেঙীয়া ভেকুলী ৰাখিব পাৰি। আলহী বহা কোঠাত ৰখা এই ভেকুলীবোৰ কেতিয়াও আনৰ চকুত পৰাকৈ ৰাখিব নালাগে। এনে ভেকুলী চকী মেজৰ তলত, চোফাৰ তলত ৰাখিব লাগে। মনত ৰাখিব যে শোৱনি কোঠাত কেতিয়াও এনে তিনিঠেঙীয়া ভেকুলী ৰাখিব নালাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী