--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই আজি দক্ষিণ কাশ্মীৰৰ যমজ জিলা পুলৱামা আৰু শোপিয়ানত এটাকৈ বহুমুখী চিনেমা হল উদ্বোধন কৰে। অনন্তনাগ, শ্ৰীনগৰ, বন্দীপৰা, গণ্ডাৰবল, দোডা, ৰাজৌৰী, পুঁচ, কিশ্তৱাৰ আৰু ৰিয়াছিতো শীঘ্ৰেই চিনেমা হল উদ্বোধন কৰা হ’ব বুলি চৰকাৰী প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ পাইছে।

লেফটেনেণ্ট গৱৰ্ণৰে কয়, ‘জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আজি এক ঐতিহাসিক দিন। পুলৱামা আৰু শোপিয়ানৰ বহুমুখী চিনেমা হলসমূহে চিনেমা প্ৰদৰ্শন, ইনফ’টেইনমেণ্ট আদিৰ  সুবিধা প্ৰদান কৰিব।”

সকলো বয়সৰ লোকে দ্ৰুছু পুলৱামা আৰু এম চি শ্বোপিয়ানৰ নতুন চিনেমা হলসমূহ পৰিদৰ্শন কৰি অনুষ্ঠানটো প্ৰত্যক্ষ কৰে। মঙলবাৰে শ্ৰীনগৰত মুকলি হ’বলগীয়া এই মাল্টিপ্লেক্সৰ আৰম্ভণি হ’ব আমিৰ খানৰ লাল সিং চদ্ধাৰ বিশেষ প্ৰদৰ্শনেৰে

এই ক্ষেত্ৰত জিলা সদৰত চিনেমা হল স্থাপনৰ কাম চৰকাৰৰ মিছন যুৱ বিভাগে জিলা প্ৰশাসনৰ সহযোগত কৰিছে।লেফটেনেণ্ট গৱৰ্ণৰে পুলৱামা আৰু শোপিয়ানৰ চিনেমা হলসমূহ বিশেষকৈ কাশ্মীৰৰ জনসাধাৰণ বিশেষকৈ নৱপ্ৰজন্মৰ বাবে উৎসৰ্গা কৰে।

যদিও নব্বৈৰ দশকৰ শেষৰ ফালে কৰ্তৃপক্ষই কিছুমান থিয়েটাৰ খোলাৰ চেষ্টা কৰিছিল, তথাপিও ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত সন্ত্ৰাসবাদীয়ে লাল চৌকৰ মাজমজিয়াত থকা ৰিগেল চিনেমাত মাৰাত্মক গ্ৰেনেড আক্ৰমণ কৰি এনে প্ৰচেষ্টা বিফল কৰিছিল।

১৯৮০ চনৰ শেষৰ ফালে উপত্যকাটোত প্ৰায় এক ডজন চিনেমা হলৰ কাম চলি আছিল যদিও মালিকসকলক সন্ত্ৰাসবাদীৰ ভাবুকি দিয়াৰ পিছত তেওঁলোকে ব্যৱসায়টো বন্ধ কৰিবলগীয়া হৈছিল।

শ্ৰী সিনহাই পুলৱামা আৰু শোপিয়ানৰ বহুমুখী চিনেমা হলসমূহ জনসাধাৰণৰ বাবে, বিশেষকৈ কাশ্মীৰৰ নৱপ্ৰজন্মৰ বাবে উৎসৰ্গা কৰে। তেওঁৰ মতে এই মুহূৰ্তটোৰ বাবে তেওঁ বহুদিন অপেক্ষা কৰি আছে।

নতুন চিনেমা হলসমূহে স্থানীয় ৰাইজৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ আৰু আলোচনা চক্ৰৰ বাবেও এক জীৱন্ত স্থান প্ৰদান কৰিব বুলি চৰকাৰে প্ৰকাশ কৰে।

যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি লেফটেনেণ্ট গৱৰ্ণৰে কয় যে জম্মু-কাশ্মীৰৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে যাতে শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে উপযুক্ত মঞ্চ আৰু আধুনিক সুবিধা লাভ কৰে, তাৰ বাবে চৰকাৰে নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু