--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই আজি দক্ষিণ কাশ্মীৰৰ যমজ জিলা পুলৱামা আৰু শোপিয়ানত এটাকৈ বহুমুখী চিনেমা হল উদ্বোধন কৰে। অনন্তনাগ, শ্ৰীনগৰ, বন্দীপৰা, গণ্ডাৰবল, দোডা, ৰাজৌৰী, পুঁচ, কিশ্তৱাৰ আৰু ৰিয়াছিতো শীঘ্ৰেই চিনেমা হল উদ্বোধন কৰা হ’ব বুলি চৰকাৰী প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ পাইছে।

লেফটেনেণ্ট গৱৰ্ণৰে কয়, ‘জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আজি এক ঐতিহাসিক দিন। পুলৱামা আৰু শোপিয়ানৰ বহুমুখী চিনেমা হলসমূহে চিনেমা প্ৰদৰ্শন, ইনফ’টেইনমেণ্ট আদিৰ  সুবিধা প্ৰদান কৰিব।”

সকলো বয়সৰ লোকে দ্ৰুছু পুলৱামা আৰু এম চি শ্বোপিয়ানৰ নতুন চিনেমা হলসমূহ পৰিদৰ্শন কৰি অনুষ্ঠানটো প্ৰত্যক্ষ কৰে। মঙলবাৰে শ্ৰীনগৰত মুকলি হ’বলগীয়া এই মাল্টিপ্লেক্সৰ আৰম্ভণি হ’ব আমিৰ খানৰ লাল সিং চদ্ধাৰ বিশেষ প্ৰদৰ্শনেৰে

এই ক্ষেত্ৰত জিলা সদৰত চিনেমা হল স্থাপনৰ কাম চৰকাৰৰ মিছন যুৱ বিভাগে জিলা প্ৰশাসনৰ সহযোগত কৰিছে।লেফটেনেণ্ট গৱৰ্ণৰে পুলৱামা আৰু শোপিয়ানৰ চিনেমা হলসমূহ বিশেষকৈ কাশ্মীৰৰ জনসাধাৰণ বিশেষকৈ নৱপ্ৰজন্মৰ বাবে উৎসৰ্গা কৰে।

যদিও নব্বৈৰ দশকৰ শেষৰ ফালে কৰ্তৃপক্ষই কিছুমান থিয়েটাৰ খোলাৰ চেষ্টা কৰিছিল, তথাপিও ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত সন্ত্ৰাসবাদীয়ে লাল চৌকৰ মাজমজিয়াত থকা ৰিগেল চিনেমাত মাৰাত্মক গ্ৰেনেড আক্ৰমণ কৰি এনে প্ৰচেষ্টা বিফল কৰিছিল।

১৯৮০ চনৰ শেষৰ ফালে উপত্যকাটোত প্ৰায় এক ডজন চিনেমা হলৰ কাম চলি আছিল যদিও মালিকসকলক সন্ত্ৰাসবাদীৰ ভাবুকি দিয়াৰ পিছত তেওঁলোকে ব্যৱসায়টো বন্ধ কৰিবলগীয়া হৈছিল।

শ্ৰী সিনহাই পুলৱামা আৰু শোপিয়ানৰ বহুমুখী চিনেমা হলসমূহ জনসাধাৰণৰ বাবে, বিশেষকৈ কাশ্মীৰৰ নৱপ্ৰজন্মৰ বাবে উৎসৰ্গা কৰে। তেওঁৰ মতে এই মুহূৰ্তটোৰ বাবে তেওঁ বহুদিন অপেক্ষা কৰি আছে।

নতুন চিনেমা হলসমূহে স্থানীয় ৰাইজৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ আৰু আলোচনা চক্ৰৰ বাবেও এক জীৱন্ত স্থান প্ৰদান কৰিব বুলি চৰকাৰে প্ৰকাশ কৰে।

যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি লেফটেনেণ্ট গৱৰ্ণৰে কয় যে জম্মু-কাশ্মীৰৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে যাতে শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে উপযুক্ত মঞ্চ আৰু আধুনিক সুবিধা লাভ কৰে, তাৰ বাবে চৰকাৰে নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement