--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইএএছ হ’বলৈ হ’লে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰিব লাগে, কিন্তু যেতিয়া ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয় তেতিয়া সেইটো কৰাটো কঠিন হৈ পৰে। আজি আমি আপোনালোকক কওঁ এজন IAS বিষয়াৰ কাহিনী যাৰ দেউতাকৰ মৃত্যুৰ পাছত মাকে ঘৰৰ খৰছ উলিয়াবলৈ ছাগলীও পালন কৰিছিল আৰু শিক্ষকে শিক্ষাৰ খৰচ দিছিল। UPSC পৰীক্ষাত ৪৮৪ নম্বৰত ৰেংক লাভ কৰা বিহাৰৰ বিশাল কুমাৰৰ কাহিনী আমি আপোনালোকক ক’বলৈ ওলাইছো।

বিশালৰ পঢ়া-শুনাৰ কথা ক’বলৈ গ’লে ২০১১ চনত তেওঁ দশম পৰীক্ষা দিছিল, য’ত তেওঁ শীৰ্ষস্থান দখল কৰিছিল। ইয়াৰ পিছত দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত ২০১৩ চনত আই আই টি কানপুৰত এডমিছন লোৱাৰ লগতে ২০১৭ চনতো আই আই টি কৰিছিল।

আইআইটি উত্তীৰ্ণ হোৱাৰ পিছত বিশালে ঘৰৰ আৰ্থিক অৱস্থা ঠিক কৰি মাতৃক সহায় কৰাৰ কাম এটা কৰাৰ সিদ্ধান্ত লয়। বিশালৰ চাকৰি আছিল ৰিলায়েন্স কোম্পানীত, য’ত তেওঁ প্ৰায় এবছৰ কাম কৰিছিল। চাকৰিৰ সময়তেই বিশালে হঠাতে ইউ পি এছ চিৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লয়।

বিশালৰ আৰ্থিক অৱস্থা আৰু দেখি তেওঁৰ শিক্ষকে তেওঁৰ কচিং মাচুল আদায় দিছিল আৰু ইয়াৰ বাহিৰেও তেওঁ বিশালক নিজৰ ঘৰত ঠাই দিছিল। তাতে থাকি তেওঁ ইউপিএচচিৰ বাবে প্ৰস্তুতি চলাই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আইএএছ হ’ল।

২০০৮ চনত বিশালৰ পিতৃৰ মৃত্যু হয়। তেওঁ শ্ৰমিক হিচাপে কাম কৰি ঘৰৰ চোৱা-চিতা কৰিছিল। তেওঁ মৃত্যুৰ পাছত  ঘৰৰ অৱস্থা বৰ বেয়া হৈ পৰিছিল। ইয়াৰ পাছত বিশালৰ মাকে ছাগলী-ম’হ পালন কৰি ঘৰৰ খৰছবোৰ চম্ভালিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ