--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইএএছ হ’বলৈ হ’লে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰিব লাগে, কিন্তু যেতিয়া ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয় তেতিয়া সেইটো কৰাটো কঠিন হৈ পৰে। আজি আমি আপোনালোকক কওঁ এজন IAS বিষয়াৰ কাহিনী যাৰ দেউতাকৰ মৃত্যুৰ পাছত মাকে ঘৰৰ খৰছ উলিয়াবলৈ ছাগলীও পালন কৰিছিল আৰু শিক্ষকে শিক্ষাৰ খৰচ দিছিল। UPSC পৰীক্ষাত ৪৮৪ নম্বৰত ৰেংক লাভ কৰা বিহাৰৰ বিশাল কুমাৰৰ কাহিনী আমি আপোনালোকক ক’বলৈ ওলাইছো।

বিশালৰ পঢ়া-শুনাৰ কথা ক’বলৈ গ’লে ২০১১ চনত তেওঁ দশম পৰীক্ষা দিছিল, য’ত তেওঁ শীৰ্ষস্থান দখল কৰিছিল। ইয়াৰ পিছত দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত ২০১৩ চনত আই আই টি কানপুৰত এডমিছন লোৱাৰ লগতে ২০১৭ চনতো আই আই টি কৰিছিল।

আইআইটি উত্তীৰ্ণ হোৱাৰ পিছত বিশালে ঘৰৰ আৰ্থিক অৱস্থা ঠিক কৰি মাতৃক সহায় কৰাৰ কাম এটা কৰাৰ সিদ্ধান্ত লয়। বিশালৰ চাকৰি আছিল ৰিলায়েন্স কোম্পানীত, য’ত তেওঁ প্ৰায় এবছৰ কাম কৰিছিল। চাকৰিৰ সময়তেই বিশালে হঠাতে ইউ পি এছ চিৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লয়।

বিশালৰ আৰ্থিক অৱস্থা আৰু দেখি তেওঁৰ শিক্ষকে তেওঁৰ কচিং মাচুল আদায় দিছিল আৰু ইয়াৰ বাহিৰেও তেওঁ বিশালক নিজৰ ঘৰত ঠাই দিছিল। তাতে থাকি তেওঁ ইউপিএচচিৰ বাবে প্ৰস্তুতি চলাই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আইএএছ হ’ল।

২০০৮ চনত বিশালৰ পিতৃৰ মৃত্যু হয়। তেওঁ শ্ৰমিক হিচাপে কাম কৰি ঘৰৰ চোৱা-চিতা কৰিছিল। তেওঁ মৃত্যুৰ পাছত  ঘৰৰ অৱস্থা বৰ বেয়া হৈ পৰিছিল। ইয়াৰ পাছত বিশালৰ মাকে ছাগলী-ম’হ পালন কৰি ঘৰৰ খৰছবোৰ চম্ভালিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু