--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে ফিট কৰি ৰাখিবলৈ বহুতে প্ৰতিদিনে মৰ্নিং ৱাক কৰিবলৈ যায়। খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী, আপুনিও দৈনিক যাব লাগে। কিন্তু আপুনি জানেনে যে মৰ্নিং ৱাক কৰাৰ আগতে কৰা কিছুমান ভুলৰ বাবে আপুনি লাভতকৈ লোকচান বেছি পাব পাৰে।

১) খোৱাঃ দৈনিক মৰ্ণিং ৱাক কৰিবলৈ যোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। যোৱাৰ আগতে গধুৰ খাদ্য আৰু বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। বহুত মানুহ এনেকুৱা, খাদ্য খোৱাৰ পিছতহে ফুৰিবলৈ যায়। এনে কৰিলে আপোনাৰ শৰীৰটো অতি সোনকালে ভাগৰি পৰিব।

২) জোতাৰ নিৰ্বাচনঃ মৰ্ণিং ৱাকলৈ যোৱাৰ আগতে সচেতন হোৱা প্ৰয়োজন। খোজ কাঢ়িবলৈ যোৱাৰ আগতে উপযুক্ত জোতা বাছি লোৱাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। যাতে আপুনি ভালকৈ খোজ কাঢ়িব পাৰে।

৩) পানীঃ যেতিয়াই মৰ্ণিং ৱাক কৰিবলৈ যায় তেতিয়াই পানী খাব লাগে। কাৰণ গোটেই ৰাতি আপোনাৰ শৰীৰে পানী হেৰুৱাই পেলায়। পানীয়ে আপোনাৰ শৰীৰত শক্তি বজাই ৰাখিব।

৪) হাঁপানীঃ হাঁপানী ৰোগীৰ বাবে মৰ্ণিং ৱাক ক্ষতিকাৰক হ’ব পাৰে। ধোঁৱা ভৰা বতাহৰ পৰা সদায় আঁতৰি থাকিব লাগে। অত্যধিক ধোঁৱা বা প্ৰদূষণৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধা হয়।

৫) ৱাৰ্ম আপ কৰকঃ  খোজ কাঢ়িবলৈ যোৱাৰ আগতে আপোনাৰ গা গৰম হোৱাটো অতি প্ৰয়োজনীয়। ৱাৰ্ম আপ কৰিলে শৰীৰৰ ব্যায়াম আৰু ক্ষমতা দ্ৰুতগতিত বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক