--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে চলাইছিল যৌথ অভিযান। এই অভিযানত সোমবাৰে ৯০ হাজাৰ নিচাজাতীয় WY টেবলেট জব্দ কৰা হৈছে।

জিৰিবাম-তামেংলং জিলাৰ সীমান্তৰ ফাইটোল গাঁৱত অভিযান চলাই জব্দ কৰে এই বুজন পৰিমাণৰ টেবলেটখিনি। জব্দ কৰা টেবলেটৰ ওজন ৪.৫৪০ কিলোগ্ৰাম। 

আন্তৰ্জাতিক বজাৰত জব্দকৃত এই টেবলেটখিনিৰ মুল্য প্ৰায় ১৩ কোটি টকা বুলি দাবী কৰিছে অসম ৰাইফলছে। টেবলেট সমুহ ম্যানমাৰৰ পৰা মণিপুৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। 

এই সংক্ৰান্তত টৌচেম থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ব্যাপক প্ৰসাৰে চিন্তাত পেলাইছে সচেতন মহলক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ