--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৯৪৮ চনৰ ৩০ জানুৱাৰীত জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হয়। সেয়েহে ৩০ জানুৱাৰী দিনটোক গান্ধীৰ মৃত্যু বাৰ্ষিকী হিচাপে পালন কৰা হয়। এই দিনটোত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰাৰ সমান্তৰালকৈ তেওঁৰ কিছু আদৰ্শমূলক আৰু প্ৰেৰণাদায়ক বাৰ্তা জানো আহক।

মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। গান্ধীয়ে তেওঁৰ চিন্তাৰে বিশ্বৰ মহান নৈতিক আৰু ৰাজনৈতিক নেতাসকলকো অনুপ্ৰাণিত কৰিছিল। তেওঁৰ মতে যিকোনো দেশৰ সামাজিক, নৈতিক আৰু অৰ্থনৈতিক প্ৰগতি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে তেওঁ বিশ্বাস কৰিছিল যে উপযুক্ত শিক্ষাৰ অভাৱত চৰিত্ৰ গঠন সম্ভৱ নহয়।

মহাত্মা গান্ধীৰ চিন্তাধাৰাই বিশ্বক নতুন পৰিৱৰ্তনৰ পাঠ শিকোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেয়েহে সমগ্ৰ বিশ্ববাসী তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। মহান বিজ্ঞানী আইনষ্টাইনে বাপুৰ বিষয়ে কৈছিল, ‘ভৱিষ্যৎ প্ৰজন্মই বিশ্বাস কৰিবলৈ টান পাব যে মাংস-তেজেৰে নিৰ্মিত এনে মানুহ কেতিয়াবা পৃথিৱীলৈ আহিছিল।’

মহাত্মা গান্ধীৰ বহুমূলীয়া চিন্তা-
প্ৰথমতে তেওঁলোকে আপোনাক আওকাণ কৰিব
তাৰ পাছত তেওঁলোকে আপোনাক লৈ হাঁহিব
তাৰ পাছত তেওঁলোকে আপোনাৰ লগত যুঁজিব
আৰু তাৰ পাছতহে আপুনি জয়ী হ’ব!

পৃথিৱীত যি পৰিৱৰ্তন আপুনি চাব বিচাৰে
সেইটো প্ৰথমে নিজৰ মাজলৈ আনক।
ধৈৰ্য্যৰ এটা অংশ
এক টন উপদেশতকৈ উৎকৃষ্ট।

সকলো ধৰ্মই একে শিক্ষা দিয়ে
মাত্ৰ তেওঁলোকৰ দৃষ্টিভংগী বেলেগ বেলেগ
আমি এনেদৰে জীয়াই থকা উচিত, যেন কালিলৈকে আমাৰ মৃত্যু হ’ব পাৰে
আমি এনেদৰে শিক্ষা লোৱা উচিত, যেন আমি বহুদিন জীয়াই থাকিম।

দুৰ্বলসকল কেতিয়াও ক্ষমাশীল হ’ব নোৱাৰে
ক্ষমা কৰাটো শক্তিশালী লোকৰ চিনস্বৰূপ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু