--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৯৪৮ চনৰ ৩০ জানুৱাৰীত জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হয়। সেয়েহে ৩০ জানুৱাৰী দিনটোক গান্ধীৰ মৃত্যু বাৰ্ষিকী হিচাপে পালন কৰা হয়। এই দিনটোত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰাৰ সমান্তৰালকৈ তেওঁৰ কিছু আদৰ্শমূলক আৰু প্ৰেৰণাদায়ক বাৰ্তা জানো আহক।

মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। গান্ধীয়ে তেওঁৰ চিন্তাৰে বিশ্বৰ মহান নৈতিক আৰু ৰাজনৈতিক নেতাসকলকো অনুপ্ৰাণিত কৰিছিল। তেওঁৰ মতে যিকোনো দেশৰ সামাজিক, নৈতিক আৰু অৰ্থনৈতিক প্ৰগতি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে তেওঁ বিশ্বাস কৰিছিল যে উপযুক্ত শিক্ষাৰ অভাৱত চৰিত্ৰ গঠন সম্ভৱ নহয়।

মহাত্মা গান্ধীৰ চিন্তাধাৰাই বিশ্বক নতুন পৰিৱৰ্তনৰ পাঠ শিকোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেয়েহে সমগ্ৰ বিশ্ববাসী তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। মহান বিজ্ঞানী আইনষ্টাইনে বাপুৰ বিষয়ে কৈছিল, ‘ভৱিষ্যৎ প্ৰজন্মই বিশ্বাস কৰিবলৈ টান পাব যে মাংস-তেজেৰে নিৰ্মিত এনে মানুহ কেতিয়াবা পৃথিৱীলৈ আহিছিল।’

মহাত্মা গান্ধীৰ বহুমূলীয়া চিন্তা-
প্ৰথমতে তেওঁলোকে আপোনাক আওকাণ কৰিব
তাৰ পাছত তেওঁলোকে আপোনাক লৈ হাঁহিব
তাৰ পাছত তেওঁলোকে আপোনাৰ লগত যুঁজিব
আৰু তাৰ পাছতহে আপুনি জয়ী হ’ব!

পৃথিৱীত যি পৰিৱৰ্তন আপুনি চাব বিচাৰে
সেইটো প্ৰথমে নিজৰ মাজলৈ আনক।
ধৈৰ্য্যৰ এটা অংশ
এক টন উপদেশতকৈ উৎকৃষ্ট।

সকলো ধৰ্মই একে শিক্ষা দিয়ে
মাত্ৰ তেওঁলোকৰ দৃষ্টিভংগী বেলেগ বেলেগ
আমি এনেদৰে জীয়াই থকা উচিত, যেন কালিলৈকে আমাৰ মৃত্যু হ’ব পাৰে
আমি এনেদৰে শিক্ষা লোৱা উচিত, যেন আমি বহুদিন জীয়াই থাকিম।

দুৰ্বলসকল কেতিয়াও ক্ষমাশীল হ’ব নোৱাৰে
ক্ষমা কৰাটো শক্তিশালী লোকৰ চিনস্বৰূপ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক