--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ এটা বিশেষ সম্প্ৰদায়ৰ দুগৰাকী মহিলাক নগ্ন কৰি টানি নিয়াৰ বাবে দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছে। ইফালে উচ্চতম ন্যায়ালয়ে এই বিষয়ত চুঅ’ মট কগনিজেনছ গ্ৰহণ কৰিছে৷কালি মণিপুৰত দুগৰাকী মহিলাক উলংগ হৈ ৰাজপথত থকা ভিডিঅ’টোৱে সচাঁকৈয়ে বিচলিত কৰিছে বুলি উল্লেখ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এই বিষয়ত চৰকাৰক ব্যৱস্থা ল’বলৈ কয়। ইয়াৰ বাহিৰেও মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এনে ঘটনা একেবাৰেই মানি ল’ব নোৱাৰি৷তদুপৰি তেওঁ কয় যে এইটো সাংবিধানিক অধিকাৰ খৰ্ব কৰা কাৰ্য, যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি আমি ব্যৱস্থা লম।

উচ্চতম ন্যায়ালয়ে এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ পৰাও প্ৰতিবেদন  বিচাৰিছে। এই বিষয়ত অহা সপ্তাহৰ শুকুৰবাৰে শুনানি হ’ব বুলি উচ্চতম ন্যায়ালয়ে জানিবলৈ দিছে। এই বিষয় সন্দৰ্ভত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, "এই ছবিবোৰে আমাক স্তম্ভিত কৰি তুলিছে। হিংসা প্ৰভাৱিত অঞ্চলত মহিলাসকলক পণ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে আমাক কোৱা উচিত।"


ইয়াৰোপৰি মণিপুৰত এই ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ঘটনা যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক আৰু সমগ্ৰ দেশৰ সন্মান লাঘৱ কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে সংবাদ মাধ্যমক সম্বোধন কৰি প্রধানমন্ত্রীয়ে দেশবাসীক আশ্বাস দিয়ে যে এই গোচৰৰ দোষীক ৰেহাই দিয়া নহ’ব৷তদুপৰি প্ৰধানমন্ত্ৰীয়ে সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যত আইন-শৃংখলা সুদৃঢ় কৰাৰ লগতে বিশেষকৈ মহিলাসকলৰ সুৰক্ষাৰ বাবে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক