--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ এটা বিশেষ সম্প্ৰদায়ৰ দুগৰাকী মহিলাক নগ্ন কৰি টানি নিয়াৰ বাবে দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছে। ইফালে উচ্চতম ন্যায়ালয়ে এই বিষয়ত চুঅ’ মট কগনিজেনছ গ্ৰহণ কৰিছে৷কালি মণিপুৰত দুগৰাকী মহিলাক উলংগ হৈ ৰাজপথত থকা ভিডিঅ’টোৱে সচাঁকৈয়ে বিচলিত কৰিছে বুলি উল্লেখ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এই বিষয়ত চৰকাৰক ব্যৱস্থা ল’বলৈ কয়। ইয়াৰ বাহিৰেও মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এনে ঘটনা একেবাৰেই মানি ল’ব নোৱাৰি৷তদুপৰি তেওঁ কয় যে এইটো সাংবিধানিক অধিকাৰ খৰ্ব কৰা কাৰ্য, যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি আমি ব্যৱস্থা লম।

উচ্চতম ন্যায়ালয়ে এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ পৰাও প্ৰতিবেদন  বিচাৰিছে। এই বিষয়ত অহা সপ্তাহৰ শুকুৰবাৰে শুনানি হ’ব বুলি উচ্চতম ন্যায়ালয়ে জানিবলৈ দিছে। এই বিষয় সন্দৰ্ভত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, "এই ছবিবোৰে আমাক স্তম্ভিত কৰি তুলিছে। হিংসা প্ৰভাৱিত অঞ্চলত মহিলাসকলক পণ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে আমাক কোৱা উচিত।"


ইয়াৰোপৰি মণিপুৰত এই ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ঘটনা যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক আৰু সমগ্ৰ দেশৰ সন্মান লাঘৱ কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে সংবাদ মাধ্যমক সম্বোধন কৰি প্রধানমন্ত্রীয়ে দেশবাসীক আশ্বাস দিয়ে যে এই গোচৰৰ দোষীক ৰেহাই দিয়া নহ’ব৷তদুপৰি প্ৰধানমন্ত্ৰীয়ে সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যত আইন-শৃংখলা সুদৃঢ় কৰাৰ লগতে বিশেষকৈ মহিলাসকলৰ সুৰক্ষাৰ বাবে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement