--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত এগৰাকী জনজাতীয় মহিলাক ৰাষ্ট্ৰপতি হিচাপে গঢ়ি তোলাৰ কৃতিত্ব লোৱা হৈছে৷ এজন জনজাতীয় যুৱকৰ ভৰি ধুৱাই থকা অৱস্থাত বিজেপিৰ মুখ্যমন্ত্ৰীৰ ছবিখন সামাজিক মাধ্যমত বিয়পি পৰিছে৷সেই উৎসাহৰ মাজতে আন এখন ছবি ওলাইছে য’ত দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি পেৰেড কৰা হৈছে।

ভিডিঅ'টো মণিপুৰৰ আৰু দাবী কৰা হৈছে ভিডিঅ’টি ২ মাহ পুৰণি। ঘটনাৰ দোষীসকলৰ ভিতৰত মেইটেই সম্প্ৰদায় জড়িত বুলি জানিব পৰা গৈছে।

স্থানীয় সকলো বাতৰি অনুসৰি কুকি জনগোষ্ঠীৰ এই মহিলাসকলৰ সৈতে এই মেইটেই জনগোষ্ঠীটোৱে সকলো ধৰণৰ অত্যাচাৰ চলাইছিল।অভিযোগ উত্থাপিত হৈছে যে মহিলা দুগৰাকীক উলংগ কৰি পেৰেড কৰি নিয়াৰ পাছত পথাৰলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰে।

দেশৰ এখন ৰাজ্যত এটা সম্প্ৰদায়ৰ লগত আন এটা সম্প্ৰদায়ৰ কাজিয়া, সমগ্ৰ ৰাজ্য হিংসাৰ জুইত জ্বলি আছে, কিন্তু এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াবা আমেৰিকা ভ্ৰমণ কৰি আছে, কেতিয়াবা ফ্ৰান্স ভ্ৰমণ কৰিছে, কেতিয়াবা ইউ এ ই ভ্ৰমণ কৰিছে।তদুপৰি জনসভা পাতিছে যদিও মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ওপৰত একো কোৱা নাই।

মোদীৰ এই মৌনতাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু মৌনতাৰ অৰ্থ উলিওৱা হৈছে। মণিপুৰৰ কন্যা তথা প্ৰখ্যাত পৰিবেশবিদ লিচিপ্ৰিয়া কানগুজামে টুইটাৰত লিখিছে- “ধন্যবাদ মোদীজী, মণিপুৰক নৰকলৈ ৰূপান্তৰিত কৰাৰ বাবে।আপোনাৰৰ মৌনতাই জুইত ইন্ধন যোগ কৰি আছে।”

পৰৱৰ্তী সময়ত লিচিপ্ৰিয়াই মোদীৰ পদত্যাগৰো দাবী তোলে৷উল্লেখযোগ্য যে আজি দীৰ্ঘদিনৰ মূৰত প্ৰধানমন্ত্ৰী মোদীয়ে  মণিপুৰ সন্দৰ্ভত নীৰৱতা ভংগ কৰি আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস