--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত এগৰাকী জনজাতীয় মহিলাক ৰাষ্ট্ৰপতি হিচাপে গঢ়ি তোলাৰ কৃতিত্ব লোৱা হৈছে৷ এজন জনজাতীয় যুৱকৰ ভৰি ধুৱাই থকা অৱস্থাত বিজেপিৰ মুখ্যমন্ত্ৰীৰ ছবিখন সামাজিক মাধ্যমত বিয়পি পৰিছে৷সেই উৎসাহৰ মাজতে আন এখন ছবি ওলাইছে য’ত দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি পেৰেড কৰা হৈছে।

ভিডিঅ'টো মণিপুৰৰ আৰু দাবী কৰা হৈছে ভিডিঅ’টি ২ মাহ পুৰণি। ঘটনাৰ দোষীসকলৰ ভিতৰত মেইটেই সম্প্ৰদায় জড়িত বুলি জানিব পৰা গৈছে।

স্থানীয় সকলো বাতৰি অনুসৰি কুকি জনগোষ্ঠীৰ এই মহিলাসকলৰ সৈতে এই মেইটেই জনগোষ্ঠীটোৱে সকলো ধৰণৰ অত্যাচাৰ চলাইছিল।অভিযোগ উত্থাপিত হৈছে যে মহিলা দুগৰাকীক উলংগ কৰি পেৰেড কৰি নিয়াৰ পাছত পথাৰলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰে।

দেশৰ এখন ৰাজ্যত এটা সম্প্ৰদায়ৰ লগত আন এটা সম্প্ৰদায়ৰ কাজিয়া, সমগ্ৰ ৰাজ্য হিংসাৰ জুইত জ্বলি আছে, কিন্তু এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াবা আমেৰিকা ভ্ৰমণ কৰি আছে, কেতিয়াবা ফ্ৰান্স ভ্ৰমণ কৰিছে, কেতিয়াবা ইউ এ ই ভ্ৰমণ কৰিছে।তদুপৰি জনসভা পাতিছে যদিও মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ওপৰত একো কোৱা নাই।

মোদীৰ এই মৌনতাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু মৌনতাৰ অৰ্থ উলিওৱা হৈছে। মণিপুৰৰ কন্যা তথা প্ৰখ্যাত পৰিবেশবিদ লিচিপ্ৰিয়া কানগুজামে টুইটাৰত লিখিছে- “ধন্যবাদ মোদীজী, মণিপুৰক নৰকলৈ ৰূপান্তৰিত কৰাৰ বাবে।আপোনাৰৰ মৌনতাই জুইত ইন্ধন যোগ কৰি আছে।”

পৰৱৰ্তী সময়ত লিচিপ্ৰিয়াই মোদীৰ পদত্যাগৰো দাবী তোলে৷উল্লেখযোগ্য যে আজি দীৰ্ঘদিনৰ মূৰত প্ৰধানমন্ত্ৰী মোদীয়ে  মণিপুৰ সন্দৰ্ভত নীৰৱতা ভংগ কৰি আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে