--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্ৰোহী বিৰোধী সাংসদ সঞ্জয় ৰাৱট পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ উদ্ধৱ বালাচাহেব ঠাকৰেৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে হিংসাৰে জৰ্জড়িত ৰাজ্য মণিপুৰত ৫৫ দিনতকৈ অধিক সময় ধৰি চলি থকা সংঘাতক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। সঞ্জয় ৰাৱটে কয় যে তাত পৰিস্থিতি অৱনতি ঘটিছে কাৰণ চীনৰ পৰা মণিপুৰত হস্তক্ষেপ কৰি আছে, আৰু এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী নিমাত।

তদুপৰি ৰাৱটে কয় যে,"আমাৰ দাবী আছিল যে আপুনি মণিপুৰলৈ সৰ্বদলীয় প্ৰতিনিধি দল লৈ ৰাইজৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াওক। কিন্তু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী বা আন কোনোৱেই কথা কোৱা নাই। মণিপুৰৰ হিংসাত চীনৰ হাত আছে যদিও চৰকাৰে চীনৰ নাম ল’বলৈ সাজু নহয়।এই পৰিস্থিতিত যদি ৰাহুল গান্ধীয়ে মণিপুৰলৈ গৈ তাত থকা জনসাধাৰণৰ সৈতে কথা পাতে আৰু শান্তিৰ প্ৰস্তাৱ দিয়ে, তেন্তে আমি তেওঁৰ এই ভ্ৰমণক আদৰণি জনাইছো।"

উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘প্ৰেমৰ দোকান’ খোলাৰ উদ্দেশ্যেৰে দুদিনৰ বাবে মণিপুৰ ভ্ৰমণলৈ গৈছে। ইয়াত তেওঁ যোৱা ৫৫ দিন ধৰি মেইটেই-কুকি সম্প্ৰদায়ৰ মাজত হোৱা হিংসাৰ পৰা বঞ্চিত হোৱা লোকসকলক লগ পাব। কিন্তু আজি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে৷বাটত হিংসাত্মক পৰিস্থিতিৰ আশংকাত আৰক্ষীৰ এই বিশেষ সিদ্ধান্ত বুলি জানিব পৰা গৈছে৷ইপিনে কংগ্ৰেছে বিজেপিয়ে আৰক্ষী মোতায়েন কৰি বাটতে বাধা দিয়াৰ অভিযোগহে উত্থাপন কৰিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে