--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্ৰোহী বিৰোধী সাংসদ সঞ্জয় ৰাৱট পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ উদ্ধৱ বালাচাহেব ঠাকৰেৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে হিংসাৰে জৰ্জড়িত ৰাজ্য মণিপুৰত ৫৫ দিনতকৈ অধিক সময় ধৰি চলি থকা সংঘাতক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। সঞ্জয় ৰাৱটে কয় যে তাত পৰিস্থিতি অৱনতি ঘটিছে কাৰণ চীনৰ পৰা মণিপুৰত হস্তক্ষেপ কৰি আছে, আৰু এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী নিমাত।

তদুপৰি ৰাৱটে কয় যে,"আমাৰ দাবী আছিল যে আপুনি মণিপুৰলৈ সৰ্বদলীয় প্ৰতিনিধি দল লৈ ৰাইজৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াওক। কিন্তু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী বা আন কোনোৱেই কথা কোৱা নাই। মণিপুৰৰ হিংসাত চীনৰ হাত আছে যদিও চৰকাৰে চীনৰ নাম ল’বলৈ সাজু নহয়।এই পৰিস্থিতিত যদি ৰাহুল গান্ধীয়ে মণিপুৰলৈ গৈ তাত থকা জনসাধাৰণৰ সৈতে কথা পাতে আৰু শান্তিৰ প্ৰস্তাৱ দিয়ে, তেন্তে আমি তেওঁৰ এই ভ্ৰমণক আদৰণি জনাইছো।"

উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘প্ৰেমৰ দোকান’ খোলাৰ উদ্দেশ্যেৰে দুদিনৰ বাবে মণিপুৰ ভ্ৰমণলৈ গৈছে। ইয়াত তেওঁ যোৱা ৫৫ দিন ধৰি মেইটেই-কুকি সম্প্ৰদায়ৰ মাজত হোৱা হিংসাৰ পৰা বঞ্চিত হোৱা লোকসকলক লগ পাব। কিন্তু আজি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে৷বাটত হিংসাত্মক পৰিস্থিতিৰ আশংকাত আৰক্ষীৰ এই বিশেষ সিদ্ধান্ত বুলি জানিব পৰা গৈছে৷ইপিনে কংগ্ৰেছে বিজেপিয়ে আৰক্ষী মোতায়েন কৰি বাটতে বাধা দিয়াৰ অভিযোগহে উত্থাপন কৰিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান