--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্তৰ নিৰীক্ষণৰ দায়িত্ব মহাৰাষ্ট্ৰৰ প্ৰাক্তন ডিজিপি দত্তাত্ৰেয় পাটসালগিকৰক অৰ্পণ কৰিছে উচ্চতম ন্যায়ালয়ে। চিবিআইৰ উপৰিও পাটসালগিকৰে ৰাজ্য চৰকাৰে গঠন কৰা ৪২খন এছআইটিৰ কাম-কাজৰ ওপৰত চকু ৰাখিব আৰু উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত এখন বিচাৰপীঠেও মণিপুৰৰ বাহিৰৰ আৰক্ষী বিষয়াক তদন্তত জড়িত কৰাৰ নিৰ্দেশ দিছে। আদালতে কয় যে প্ৰতিখন এছ আই টিত আন ৰাজ্যৰ এজন বিষয়া থাকিব।

উচ্চতম ন্যায়ালয়ে ৰাজ্যখনৰ সাহায্য আৰু পুনৰ্বাসনৰ কাম চোৱাচিতা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ৩ গৰাকী প্ৰাক্তন ন্যায়াধীশৰ এখন সমিতি গঠন কৰিছে, যাৰ তিনিওগৰাকী সদস্য মহিলা। এই সমিতিৰ নেতৃত্বত থাকিব জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্টাল। এই কমিটিয়ে শীঘ্ৰে ৰাজ্য ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰক তেওঁলোকক প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে আদালতে।

যোৱা শুনানিত উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক মে’ৰ পৰা জুলাইৰ ভিতৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৬৫০০ এফআইআৰৰ শ্ৰেণীবিভাজন কৰিবলৈ কৈছিল। হত্যা, ধৰ্ষণ, মহিলাক হাৰাশাস্তি, অগ্নিসংযোগ, ভাঙি-ছিঙি পেলোৱাকে ধৰি বিভিন্ন অপৰাধত কিমান এফআইআৰ হৈছিল সেই কথা ৰাজ্য চৰকাৰে ক’ব লগা হৈছিল। আদালতে ৰাজ্যৰ ডিজিপি ৰাজীৱ সিঙকো ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ কৈছিল। শুনানিত উপস্থিত আছিল ডিজিপি। কিন্তু বিচাৰকসকলে তেওঁক কোনো প্ৰশ্ন কৰা নাছিল।

শুনানিৰ আৰম্ভণিতে এটৰ্নী জেনেৰেল আৰ.কে. ভেংকটাৰমণীয়ে জনোৱা মতে, হিংসাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত প্ৰতিখন জিলাতে ৬টা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হ’ব। এইদৰে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অপৰাধৰ তদন্তৰ বাবে মুঠ ৪২টা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিব বিচাৰিছে। প্ৰতিটো দলৰ নেতৃত্বত থাকিব এছ পি বা ডেপুটি এছ পি পদৰ এজন বিষয়া। মহিলাৰ বিৰুদ্ধে অপৰাধৰ তদন্ত কৰা এছ আই টিৰ নেতৃত্বত থাকিব কেৱল এগৰাকী মহিলা বিষয়াই। তেওঁ কয় যে ডি আই জি ৰেংকৰ বিষয়াসকলে প্ৰতিখন এছ আই টিৰ পৰা ৰিপৰ্ট ল’ব আৰু ডি জি পিয়েও ১৫ দিনৰ মূৰে মূৰে তদন্ত পুনৰীক্ষণ কৰিব।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশসকলক জনোৱা মতে, পূৰ্বে চিবিআইক গতাই দিয়া ১১টা গোচৰৰ লগতে ২গৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ গোচৰৰো চিবিআইয়ে তদন্ত কৰিব। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৰাইজৰ আস্থা ঘূৰাই অনাটো প্ৰয়োজনীয়। গতিকে তদন্তত ৰাজ্যৰ বাহিৰৰ বিষয়াসকলো জড়িত হ’ব। চিবিআইৰ দলত ডেপুটি এছপি বা এছপি পদৰ পাঁচজন বিষয়াকো ৰাখিব লাগে। এই বিষয়াসকল আন ৰাজ্যৰ আৰক্ষীৰ হ’ব লাগে, কিন্তু স্থানীয় লোকৰ লগত হিন্দীত কথা পাতিব পাৰিব।

ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ কুমাৰ মিশ্ৰৰ সৈতে ৩ জনীয়া বিচাৰপীঠত বহি মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাজ্য চৰকাৰৰ এছ আই টিতো বাহিৰৰ বিষয়াক অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয়, "ৰাজ্য চৰকাৰে ৪২ টা এছ আই টি সৃষ্টিৰ কথা কৈছে। আমি বিচাৰো প্ৰতিখন এছ আই টিত অন্ততঃ এজনকৈ পৰিদৰ্শক সদস্য থাকিব লাগে, যিজন আন এখন ৰাজ্যৰ আৰক্ষীৰ। লগতে আন ৰাজ্যৰ পৰা ৬ জন ডি আই জি ৰেংকৰ বিষয়া থাকিব লাগে। , যি ৪২ এছআইটিৰ কাম তদাৰক কৰা।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন