--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাত্মক ঘটনাৰ তদন্তৰ নিৰীক্ষণৰ দায়িত্ব মহাৰাষ্ট্ৰৰ প্ৰাক্তন ডিজিপি দত্তাত্ৰেয় পাটসালগিকৰক অৰ্পণ কৰিছে উচ্চতম ন্যায়ালয়ে। চিবিআইৰ উপৰিও পাটসালগিকৰে ৰাজ্য চৰকাৰে গঠন কৰা ৪২খন এছআইটিৰ কাম-কাজৰ ওপৰত চকু ৰাখিব আৰু উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত এখন বিচাৰপীঠেও মণিপুৰৰ বাহিৰৰ আৰক্ষী বিষয়াক তদন্তত জড়িত কৰাৰ নিৰ্দেশ দিছে। আদালতে কয় যে প্ৰতিখন এছ আই টিত আন ৰাজ্যৰ এজন বিষয়া থাকিব।

উচ্চতম ন্যায়ালয়ে ৰাজ্যখনৰ সাহায্য আৰু পুনৰ্বাসনৰ কাম চোৱাচিতা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ৩ গৰাকী প্ৰাক্তন ন্যায়াধীশৰ এখন সমিতি গঠন কৰিছে, যাৰ তিনিওগৰাকী সদস্য মহিলা। এই সমিতিৰ নেতৃত্বত থাকিব জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্টাল। এই কমিটিয়ে শীঘ্ৰে ৰাজ্য ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰক তেওঁলোকক প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে আদালতে।

যোৱা শুনানিত উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক মে’ৰ পৰা জুলাইৰ ভিতৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৬৫০০ এফআইআৰৰ শ্ৰেণীবিভাজন কৰিবলৈ কৈছিল। হত্যা, ধৰ্ষণ, মহিলাক হাৰাশাস্তি, অগ্নিসংযোগ, ভাঙি-ছিঙি পেলোৱাকে ধৰি বিভিন্ন অপৰাধত কিমান এফআইআৰ হৈছিল সেই কথা ৰাজ্য চৰকাৰে ক’ব লগা হৈছিল। আদালতে ৰাজ্যৰ ডিজিপি ৰাজীৱ সিঙকো ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ কৈছিল। শুনানিত উপস্থিত আছিল ডিজিপি। কিন্তু বিচাৰকসকলে তেওঁক কোনো প্ৰশ্ন কৰা নাছিল।

শুনানিৰ আৰম্ভণিতে এটৰ্নী জেনেৰেল আৰ.কে. ভেংকটাৰমণীয়ে জনোৱা মতে, হিংসাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত প্ৰতিখন জিলাতে ৬টা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হ’ব। এইদৰে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অপৰাধৰ তদন্তৰ বাবে মুঠ ৪২টা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিব বিচাৰিছে। প্ৰতিটো দলৰ নেতৃত্বত থাকিব এছ পি বা ডেপুটি এছ পি পদৰ এজন বিষয়া। মহিলাৰ বিৰুদ্ধে অপৰাধৰ তদন্ত কৰা এছ আই টিৰ নেতৃত্বত থাকিব কেৱল এগৰাকী মহিলা বিষয়াই। তেওঁ কয় যে ডি আই জি ৰেংকৰ বিষয়াসকলে প্ৰতিখন এছ আই টিৰ পৰা ৰিপৰ্ট ল’ব আৰু ডি জি পিয়েও ১৫ দিনৰ মূৰে মূৰে তদন্ত পুনৰীক্ষণ কৰিব।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশসকলক জনোৱা মতে, পূৰ্বে চিবিআইক গতাই দিয়া ১১টা গোচৰৰ লগতে ২গৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ গোচৰৰো চিবিআইয়ে তদন্ত কৰিব। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ৰাইজৰ আস্থা ঘূৰাই অনাটো প্ৰয়োজনীয়। গতিকে তদন্তত ৰাজ্যৰ বাহিৰৰ বিষয়াসকলো জড়িত হ’ব। চিবিআইৰ দলত ডেপুটি এছপি বা এছপি পদৰ পাঁচজন বিষয়াকো ৰাখিব লাগে। এই বিষয়াসকল আন ৰাজ্যৰ আৰক্ষীৰ হ’ব লাগে, কিন্তু স্থানীয় লোকৰ লগত হিন্দীত কথা পাতিব পাৰিব।

ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ কুমাৰ মিশ্ৰৰ সৈতে ৩ জনীয়া বিচাৰপীঠত বহি মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাজ্য চৰকাৰৰ এছ আই টিতো বাহিৰৰ বিষয়াক অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয়, "ৰাজ্য চৰকাৰে ৪২ টা এছ আই টি সৃষ্টিৰ কথা কৈছে। আমি বিচাৰো প্ৰতিখন এছ আই টিত অন্ততঃ এজনকৈ পৰিদৰ্শক সদস্য থাকিব লাগে, যিজন আন এখন ৰাজ্যৰ আৰক্ষীৰ। লগতে আন ৰাজ্যৰ পৰা ৬ জন ডি আই জি ৰেংকৰ বিষয়া থাকিব লাগে। , যি ৪২ এছআইটিৰ কাম তদাৰক কৰা।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ