--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ মুম্বাই বাসগৃহত উদ্ধাৰ হয় চাৰি ফুট দীঘল কোব্ৰা। নিশা প্ৰায় ১.৩০ বজাত সাপটো উদ্ধাৰ হোৱাৰ পাছতে শিৱ সৈনিকে বন্যপ্ৰাণী সুৰক্ষা আৰু উদ্ধাৰকাৰী গোট এটাক মাতি আনে।শিৱসেনাৰ কৰ্মীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অতুল কাম্বলেই উদ্ধাৰ কাৰ্যত লিপ্ত হয় আৰু সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

কাম্বলেে পানীৰ টেংকিৰ পিছফালে লুকাই থকা কোব্ৰা সাপ এটা উদ্ধাৰ কৰে।কোব্ৰাটোক আৱদ্ধ কৰি বন্যপ্ৰাণীলৈ এৰি দিয়া হয়। প্ৰায় চাৰি ফুট দীঘল এই সাপটো সম্ভাৱ্য মাৰাত্মক কামোৰৰ বাবে জনাজাত বিষাক্ত কোব্ৰা প্ৰজাতিৰ আছিল।

কাম্বলে ক’লে যে উদ্ধৱ থাকৰেই কোব্ৰাটো চাব বিচৰা বাবে তেওঁক সাপটো দেখুৱাই দিয়া হয়।তদুপৰি কাম্বলেই কয় যে, ‘আমি কোব্ৰাটোক বন বিভাগক গতাই দিলোঁ আৰু ইয়াক ইয়াৰ প্ৰাকৃতিক বাসস্থানত এৰি দিয়া হ’ল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান হৈ পৰিল হিট শ্ব’! চৰকাৰে লাভ কৰিলে ‘মন কি বাত’ৰ পৰা ৩৪.১৩ কোটি টকা
ভাতৃ-ভগ্নীৰ প্ৰেম শক্তিশালী হওক! আজি পবিত্ৰ ৰাখী বন্ধন
অনাথ আশ্ৰমৰ স্থানত খোলা হোটেল বন্ধ কৰিলে দেৱলাল গার্লোছাই
মুক্তিৰ পথত এখন নতুন অসমীয়া চলচ্চিত্র ;২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিব  'যোদ্ধা'
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ
বিপদত অনিল আম্বানী!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!