--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া জাতিগত সংঘৰ্ষৰ মাজতে মণিপুৰত সংঘটিত হোৱা ভয়ানক ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী ইৰম শৰ্মিলা চানুৱে মুখ খুলিছে।

দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰা কাণ্ডটোক লৈ দুখ অনুভৱ কৰিছে শৰ্মিলাই। কয় যে কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলে সেয়া নহ’লহেঁতেন।

এনডিটিভি নিউজ চেনেলৰ প্ৰতিবেদন অনুসৰি শৰ্মিলাই কয় যে, “মই অজ্ঞান আৰু বিচলিত অনুভৱ কৰিছো।” তেওঁ লগতে কয় যে ই কোনো বিশেষ সম্প্ৰদায়ৰ বিষয় নহয়, বৰঞ্চ এক অমানৱীয় কাণ্ড। ইয়াৰ উপৰিও শৰ্মিলাই কয় যে অভিযুক্তক পেৰ’ল অবিহনে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিব লাগিব।

ইংৰাজী দৈনিক কাকত 'ইণ্ডিয়ান এক্সপ্ৰেছ’ত শৰ্মিলাই লিখিছে- "তিনি মাহৰ আগতে হিংসা আৰম্ভ হোৱাৰ পৰাই মই বৰ্তমান বাস কৰা বেংগালুৰুৰ মণিপুৰৰ খবৰবোৰ লক্ষ্য কৰি আহিছো। সংঘাতৰ কথা প্ৰথম শুনি মই আচৰিত হোৱা নাছিলো। মণিপুৰ এখন বহুজাতিক, বহুসংস্কৃতিৰ সমাজ। ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত পাৰ্থক্য গভীৰ আৰু বহু দিনৰ পৰাই আছে"।

ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে তেওঁ। লিখে- "চৰকাৰে মণিপুৰত বা জনগোষ্ঠীৰ মাজত সংঘাত সমাধানৰ বাবে কেতিয়াও প্ৰকৃততে চেষ্টা কৰা নাই। আমি বিষয়টোক বহুত বেছি সংবেদনশীলভাৱে চাব লাগিব — অনুপ্ৰৱেশকাৰীসকলৰ লগত মানৱীয় ব্যৱহাৰ কৰাটো প্ৰয়োজন। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনুপ্ৰৱেশকাৰী বিষয়টো বহুত ভালকৈ মোকাবিলা কৰিব লাগিছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি