--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া জাতিগত সংঘৰ্ষৰ মাজতে মণিপুৰত সংঘটিত হোৱা ভয়ানক ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী ইৰম শৰ্মিলা চানুৱে মুখ খুলিছে।

দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰা কাণ্ডটোক লৈ দুখ অনুভৱ কৰিছে শৰ্মিলাই। কয় যে কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলে সেয়া নহ’লহেঁতেন।

এনডিটিভি নিউজ চেনেলৰ প্ৰতিবেদন অনুসৰি শৰ্মিলাই কয় যে, “মই অজ্ঞান আৰু বিচলিত অনুভৱ কৰিছো।” তেওঁ লগতে কয় যে ই কোনো বিশেষ সম্প্ৰদায়ৰ বিষয় নহয়, বৰঞ্চ এক অমানৱীয় কাণ্ড। ইয়াৰ উপৰিও শৰ্মিলাই কয় যে অভিযুক্তক পেৰ’ল অবিহনে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিব লাগিব।

ইংৰাজী দৈনিক কাকত 'ইণ্ডিয়ান এক্সপ্ৰেছ’ত শৰ্মিলাই লিখিছে- "তিনি মাহৰ আগতে হিংসা আৰম্ভ হোৱাৰ পৰাই মই বৰ্তমান বাস কৰা বেংগালুৰুৰ মণিপুৰৰ খবৰবোৰ লক্ষ্য কৰি আহিছো। সংঘাতৰ কথা প্ৰথম শুনি মই আচৰিত হোৱা নাছিলো। মণিপুৰ এখন বহুজাতিক, বহুসংস্কৃতিৰ সমাজ। ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত পাৰ্থক্য গভীৰ আৰু বহু দিনৰ পৰাই আছে"।

ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে তেওঁ। লিখে- "চৰকাৰে মণিপুৰত বা জনগোষ্ঠীৰ মাজত সংঘাত সমাধানৰ বাবে কেতিয়াও প্ৰকৃততে চেষ্টা কৰা নাই। আমি বিষয়টোক বহুত বেছি সংবেদনশীলভাৱে চাব লাগিব — অনুপ্ৰৱেশকাৰীসকলৰ লগত মানৱীয় ব্যৱহাৰ কৰাটো প্ৰয়োজন। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনুপ্ৰৱেশকাৰী বিষয়টো বহুত ভালকৈ মোকাবিলা কৰিব লাগিছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস