--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মণিপুৰৰ পৰিস্থিতিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱলম্বন কৰা ৰহস্যজনক নীৰৱতাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে বিৰোধী দলৰ সাংসদসকল। মণিপুৰৰ জনসাধাৰণৰ সৈতে থিয় হ'বলৈ বিৰোধী সাংসদসকলে বৃহস্পতিবাৰে  ক'লা পোছাক পিন্ধি সংসদলৈ আহে ।

 ইণ্ডিয়া  মিত্ৰজোঁটৰ প্ৰতিজন সাংসদে বৃহস্পতিবাৰৰ অধিৱেশনত ক'লা পোছাক পিন্ধি উপস্থিত থাকি প্ৰতিবাদ সাৱস্ত্য কৰে। । বিৰোধীয়ে মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰা বাৰে বাৰে  বিবৃতি দাবী কৰি আহিছে যদিও প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই। । মণিপুৰৰ বিষয়ত বিৰোধী সৰব হৈ পৰাৰ বাবেই সংসদৰ বৰ্ষাকালীন অধিৱেশন কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হৈছে। দুয়োখন সদনৰ অধিৱেশন বৃহস্পতিবাৰেও দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয়। জানিব পৰা মতে  মণিপুৰৰ বিষয়কলৈ  বিৰোধী সাংসদসকলে ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে বিৰোধী দলবোৰে সিদ্ধান্ত লৈছিল যে মণিপুৰ সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিৰোধী সাংসদসকলে ক'লা পোছাক পিন্ধিব। এক বিবৃতিত তৃণমূল কংগ্ৰেছে কয়, "মণিপুৰৰ সাধাৰণ মানুহ অকথ্য অত্যাচাৰ বলি হৈছে।  কিন্তু প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোত নীৰৱ হৈ আছে। সেয়েহে, মণিপুৰৰ জনসাধাৰণৰ সৈতে থিয় হৈ প্ৰতিবাদৰ পন্থা হিচাপে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে ক'লা কাপোৰ পিন্ধি অধিৱেশনলৈ আহিছে।" বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু অধীৰ চৌধুৰী, আপৰ সাংসদ ৰাঘৱ চাধা আৰু প্ৰিয়ংকা চতুৰ্বেদীয়েও ক'লা পোছাক পিন্ধা দেখা যায়। 

ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে সংসদত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সফলতাৰ পৰা ভাৰতৰ বৈদেশিক নীতিলৈকে তেওঁ ভাষণত বহু  বিষয় সামৰি লয়। টিএমচিৰ সাংসদ ডেৰেক অ' ব্ৰিয়েনে জয়শংকৰৰ  তীব্ৰ বিৰোধিতা কৰিছে। "আজি সংসদত নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ৩০ মিনিটৰ বাবে বৈদেশিক নীতি সন্দৰ্ভত এটা বিবৃতি পঢ়ি শুনালে। ই প্ৰমাণ কৰিলে  যে চৰকাৰৰ বাবে মণিপুৰৰ দুখীয়া লোকসকলৰ তুলনাত  পৰ্যটন অধিক গুৰুত্বপূৰ্ণ। "




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে