--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মণিপুৰৰ পৰিস্থিতিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱলম্বন কৰা ৰহস্যজনক নীৰৱতাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে বিৰোধী দলৰ সাংসদসকল। মণিপুৰৰ জনসাধাৰণৰ সৈতে থিয় হ'বলৈ বিৰোধী সাংসদসকলে বৃহস্পতিবাৰে  ক'লা পোছাক পিন্ধি সংসদলৈ আহে ।

 ইণ্ডিয়া  মিত্ৰজোঁটৰ প্ৰতিজন সাংসদে বৃহস্পতিবাৰৰ অধিৱেশনত ক'লা পোছাক পিন্ধি উপস্থিত থাকি প্ৰতিবাদ সাৱস্ত্য কৰে। । বিৰোধীয়ে মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰা বাৰে বাৰে  বিবৃতি দাবী কৰি আহিছে যদিও প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই। । মণিপুৰৰ বিষয়ত বিৰোধী সৰব হৈ পৰাৰ বাবেই সংসদৰ বৰ্ষাকালীন অধিৱেশন কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হৈছে। দুয়োখন সদনৰ অধিৱেশন বৃহস্পতিবাৰেও দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয়। জানিব পৰা মতে  মণিপুৰৰ বিষয়কলৈ  বিৰোধী সাংসদসকলে ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে বিৰোধী দলবোৰে সিদ্ধান্ত লৈছিল যে মণিপুৰ সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিৰোধী সাংসদসকলে ক'লা পোছাক পিন্ধিব। এক বিবৃতিত তৃণমূল কংগ্ৰেছে কয়, "মণিপুৰৰ সাধাৰণ মানুহ অকথ্য অত্যাচাৰ বলি হৈছে।  কিন্তু প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোত নীৰৱ হৈ আছে। সেয়েহে, মণিপুৰৰ জনসাধাৰণৰ সৈতে থিয় হৈ প্ৰতিবাদৰ পন্থা হিচাপে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে ক'লা কাপোৰ পিন্ধি অধিৱেশনলৈ আহিছে।" বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু অধীৰ চৌধুৰী, আপৰ সাংসদ ৰাঘৱ চাধা আৰু প্ৰিয়ংকা চতুৰ্বেদীয়েও ক'লা পোছাক পিন্ধা দেখা যায়। 

ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে সংসদত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সফলতাৰ পৰা ভাৰতৰ বৈদেশিক নীতিলৈকে তেওঁ ভাষণত বহু  বিষয় সামৰি লয়। টিএমচিৰ সাংসদ ডেৰেক অ' ব্ৰিয়েনে জয়শংকৰৰ  তীব্ৰ বিৰোধিতা কৰিছে। "আজি সংসদত নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ৩০ মিনিটৰ বাবে বৈদেশিক নীতি সন্দৰ্ভত এটা বিবৃতি পঢ়ি শুনালে। ই প্ৰমাণ কৰিলে  যে চৰকাৰৰ বাবে মণিপুৰৰ দুখীয়া লোকসকলৰ তুলনাত  পৰ্যটন অধিক গুৰুত্বপূৰ্ণ। "




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস