--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অঞ্জু প্ৰসাদ নামৰ মহিলাগৰাকীয়ে পাকিস্তানৰ নছৰুল্লাহ নামৰ যুৱকজনৰ সৈতে গঢ়ি তোলা প্ৰেমে দুয়োখন দেশতে চৰ্চা লাভ কৰিছে। ফেচবুকৰ জৰিয়তে দুয়োৰে চিনাকি হৈছিল। ২০১৯ চনত দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছিল ফেচবুকত। ৩৪ বছৰীয়া অঞ্জু প্ৰেমত পৰে ২৯ বছৰীয়া নছৰুল্লাহৰ। আনহাতে অঞ্জু এগৰাকী বিবাহিতা মহিলা আৰু তেওঁৰ দুটি সন্তান আছে। 

স্বামী অৰবিন্দৰ সংগ এৰি পাকিস্তানত থকা প্ৰেমিকক লগ পাবলৈ ভাৰতীয় মহিলা অঞ্জু যাদৱে পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। সেইমৰ্মে তেওঁ পাকিস্তান ভ্ৰমণৰ অনুমতি বিচাৰি আবেদনো কৰিছিল। তেওঁ অনুমতি লাভো কৰিছিল। অঞ্জু-নাছৰুল্লাহৰ প্ৰেম কাহিনীয়ে এতিয়া সীমান্ত পাৰ হৈ বহুতৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

তেওঁৰ আবেদনখন ২১ জুনত দাখিল কৰা হৈছিল। ইয়াৰ কিছুদিন পিছতে ২১ জুলাইত ভাৰতীয় মহিলাগৰাকীয়ে পাকিস্তানত প্ৰৱেশ কৰে। 

মঙলবাৰে দুটা সন্তানৰ মাতৃ অঞ্জুৱে তেওঁৰ ফেচবুক বন্ধু নছৰুল্লাহক বিয়া কৰায় আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰে। ইছলাম ধৰ্ম গ্ৰহণ কৰি অঞ্জুৱে ফাতিমা নাম গ্ৰহণ কৰিছে। 

এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে অঞ্জুৰ পিতৃ। তেওঁ কয় যে ''অঞ্জু আমাৰ বাবে মৰি গৈছে। আমি তাইক কেতিয়াও গ্ৰহণ নকৰো আৰু তাইক কেতিয়াও ভাৰতত সোমাবলৈ দিব নালাগে।'' 

ইয়াৰ লগতে অঞ্জুৰ কন্যাই এই সন্দৰ্ভত কয় ''অঞ্জু এতিয়া আৰু আমাৰ মা নহয়। আমাৰ সকলো ধ্বংস হৈ গ'ল। মা পাকিস্তানলৈ গৈ দ্বিতীয়বাৰৰ বাবে বিয়া পাতি বৰ লজ্জাজনক কাণ্ড কৰিলে। আমি এতিয়া কেনেকৈ এই সমাজত জীয়াই থাকিব পাৰিম আমি নাজানো।''





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস