--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অঞ্জু প্ৰসাদ নামৰ মহিলাগৰাকীয়ে পাকিস্তানৰ নছৰুল্লাহ নামৰ যুৱকজনৰ সৈতে গঢ়ি তোলা প্ৰেমে দুয়োখন দেশতে চৰ্চা লাভ কৰিছে। ফেচবুকৰ জৰিয়তে দুয়োৰে চিনাকি হৈছিল। ২০১৯ চনত দুয়োৰে বন্ধুত্ব গঢ় লৈ উঠিছিল ফেচবুকত। ৩৪ বছৰীয়া অঞ্জু প্ৰেমত পৰে ২৯ বছৰীয়া নছৰুল্লাহৰ। আনহাতে অঞ্জু এগৰাকী বিবাহিতা মহিলা আৰু তেওঁৰ দুটি সন্তান আছে। 

স্বামী অৰবিন্দৰ সংগ এৰি পাকিস্তানত থকা প্ৰেমিকক লগ পাবলৈ ভাৰতীয় মহিলা অঞ্জু যাদৱে পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। সেইমৰ্মে তেওঁ পাকিস্তান ভ্ৰমণৰ অনুমতি বিচাৰি আবেদনো কৰিছিল। তেওঁ অনুমতি লাভো কৰিছিল। অঞ্জু-নাছৰুল্লাহৰ প্ৰেম কাহিনীয়ে এতিয়া সীমান্ত পাৰ হৈ বহুতৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

তেওঁৰ আবেদনখন ২১ জুনত দাখিল কৰা হৈছিল। ইয়াৰ কিছুদিন পিছতে ২১ জুলাইত ভাৰতীয় মহিলাগৰাকীয়ে পাকিস্তানত প্ৰৱেশ কৰে। 

মঙলবাৰে দুটা সন্তানৰ মাতৃ অঞ্জুৱে তেওঁৰ ফেচবুক বন্ধু নছৰুল্লাহক বিয়া কৰায় আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰে। ইছলাম ধৰ্ম গ্ৰহণ কৰি অঞ্জুৱে ফাতিমা নাম গ্ৰহণ কৰিছে। 

এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে অঞ্জুৰ পিতৃ। তেওঁ কয় যে ''অঞ্জু আমাৰ বাবে মৰি গৈছে। আমি তাইক কেতিয়াও গ্ৰহণ নকৰো আৰু তাইক কেতিয়াও ভাৰতত সোমাবলৈ দিব নালাগে।'' 

ইয়াৰ লগতে অঞ্জুৰ কন্যাই এই সন্দৰ্ভত কয় ''অঞ্জু এতিয়া আৰু আমাৰ মা নহয়। আমাৰ সকলো ধ্বংস হৈ গ'ল। মা পাকিস্তানলৈ গৈ দ্বিতীয়বাৰৰ বাবে বিয়া পাতি বৰ লজ্জাজনক কাণ্ড কৰিলে। আমি এতিয়া কেনেকৈ এই সমাজত জীয়াই থাকিব পাৰিম আমি নাজানো।''





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে