--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ-মিজোৰাম চৰকাৰক ৩০ ছেপ্টেম্বৰৰ ভিতৰত  অনুপ্ৰৱেশকাৰীৰ বিৱৰণ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে। উল্লেখ্য ২৮ এপ্ৰিলত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই মণিপুৰ আৰু মিজোৰাম চৰকাৰক অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বায়োমেট্ৰিক আৰু বায়োমেট্ৰিক বিৱৰণ সংগ্ৰহ কৰিবলৈ কৈছিল, যাৰ সময়সীমা আছিল ৩০ ছেপ্টেম্বৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ বাবে ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলকে দোষাৰোপ কৰিছে।

মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ  উদ্ভৱ হোৱাৰ কেইদিনমান আগতে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই মণিপুৰ আৰু মিজোৰাম চৰকাৰক "অবৈধ প্ৰব্ৰজনকাৰীসকলৰ তথ্য  আৰু বায়োমেট্ৰিক বিৱৰণ" সংগ্ৰহ কৰিবলৈ কৈছিল।এই বায়োমেট্ৰিক বিৱৰণত চকুৰ ৰেটিনা আৰু  আঙুলিৰ ছাপও অন্তৰ্ভুক্ত থাকিব লাগিব বুলি তেওঁ নিৰ্দেশ দিছিল।

২২ জুনত এই সন্দৰ্ভত  গৃহ  মন্ত্ৰালয়ে  এখন পত্ৰ ৰাজ্য দুখনলৈ প্ৰেৰণ কৰিছিল। পত্ৰত  ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুপ্ৰৱেশকাৰীৰ তথ্য সংগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছিল। একেদৰে ২৮ এপ্ৰিলত, ভল্লাই ম্যানমাৰৰ সীমাত থকা  ৰাজ্য দুখনৰ অনুপ্ৰৱেশকাৰী সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বিষয়ত এখন বৈঠকত সভাপতিত্ব কৰিছিল।


মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত ৩ মে'ত জাতিগত হিংসাৰ সূত্ৰপাত হৈছিল।  ফলত ১৪০ জনৰো অধিক লোক নিহত হৈছে আৰু ৫৪,০০০ ৰো অধিক লোক গৃহহাৰা  হৈছে। 

প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ ফেব্ৰুৱাৰীত ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানৰ পিছত চুবুৰীয়া দেশ খনৰ পৰা  ৪০,০০০ তকৈও অধিক শৰণাৰ্থীয়ে আহি মিজোৰামত আশ্ৰয় লৈছে আৰু প্ৰায় ৪,০০০ শৰণাৰ্থীয়ে  মণিপুৰত প্ৰৱেশ কৰিছে। 

লাই, টিদিম-জোমি, লুচি আৰু হুলাংগো জনজাতিৰ অন্তৰ্ভুক্ত কুকি-চিন-জো  গোটৰ শৰণাৰ্থীসকলে মিজোৰাম আৰু মণিপুৰৰ সম্প্ৰদায় বোৰৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত।ভাৰত আৰু ম্যানমাৰৰ মাজত ১,৬৪৩ কিলোমিটাৰ দীঘল সীমান্ত আছে আৰু দুয়োফালৰ লোকসকলৰ মাজত পাৰিবাৰিক সম্পৰ্কও গঢ়ি উঠিছে।মিজোৰাম চৰকাৰে শৰণাৰ্থীসকলৰ বাবে সাহায্য শিবিৰো স্থাপন কৰি দিছে।মণিপুৰ চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে মণিপুৰ আৰু মিজোৰামত   প্ৰব্ৰজনকাৰীসকলৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহৰ অভিযান ২০২৩ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে সম্পূৰ্ণ কৰিব লাগিব। 

পত্ৰ খনত  কোৱা হৈছে "দুয়োখন ৰাজ্য চৰকাৰক অতি সোনকালে এটা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিবলৈ অনুৰোধ জনোৱা হৈছে," ।

ইম্ফল পশ্চিমৰ চাগোলবান্দৰ বিজেপি বিধায়ক ৰাজকুমাৰ ইমো সিঙে অলপতে  টুইটাৰত গৃহ মন্ত্ৰালয়ৰ পত্ৰখন শ্বেয়াৰ কৰিছে । তেওঁ কয় যে মণিপুৰ চৰকাৰে এই বছৰৰ আৰম্ভণিতে এই অভিযান আৰম্ভ কৰিছিল, যাৰ ফলত প্ৰায় ২,৫০০ "অবৈধ অনুপ্ৰৱেশকাৰী" চিনাক্ত কৰা হৈছে।

২০২১ চনত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবসকললৈ লিখা এখন পত্ৰত তেওঁলোকক "ম্যানমাৰৰ পৰা ভাৰতত অবৈধ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ আইন অনুসৰি উপযুক্ত ব্যৱস্থা ল'বলৈ" কোৱা হৈছিল।
পত্ৰখনত কোৱা হৈছিল যে ৰাজ্য চৰকাৰৰ কোনো বিদেশীক শৰণাৰ্থীৰ মৰ্যাদা দিয়াৰ ক্ষমতা নাই আৰু ভাৰত ১৯৫১ চনৰ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সন্মিলন আৰু ইয়াৰ ১৯৬৭ চনৰ প্ৰটোকলৰ স্বাক্ষৰকাৰী নহয়।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৩০ জুনত এক  সাক্ষাৎকাৰত ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ বাবে ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক দোষাৰোপ কৰিছিল।

চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষক কাৰ্তিক মাল্লাদীয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদন অনুসৰি, পাহাৰীয়া অঞ্চলৰ চুৰাচান্দপুৰ জিলাৰ জিলা চিকিৎসালয়ত  গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ম্যানমাৰৰ কমেও ১০ জন লোকক চিকিৎসা প্ৰদান কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ