--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ-মিজোৰাম চৰকাৰক ৩০ ছেপ্টেম্বৰৰ ভিতৰত  অনুপ্ৰৱেশকাৰীৰ বিৱৰণ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে। উল্লেখ্য ২৮ এপ্ৰিলত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই মণিপুৰ আৰু মিজোৰাম চৰকাৰক অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বায়োমেট্ৰিক আৰু বায়োমেট্ৰিক বিৱৰণ সংগ্ৰহ কৰিবলৈ কৈছিল, যাৰ সময়সীমা আছিল ৩০ ছেপ্টেম্বৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ বাবে ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলকে দোষাৰোপ কৰিছে।

মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ  উদ্ভৱ হোৱাৰ কেইদিনমান আগতে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাই মণিপুৰ আৰু মিজোৰাম চৰকাৰক "অবৈধ প্ৰব্ৰজনকাৰীসকলৰ তথ্য  আৰু বায়োমেট্ৰিক বিৱৰণ" সংগ্ৰহ কৰিবলৈ কৈছিল।এই বায়োমেট্ৰিক বিৱৰণত চকুৰ ৰেটিনা আৰু  আঙুলিৰ ছাপও অন্তৰ্ভুক্ত থাকিব লাগিব বুলি তেওঁ নিৰ্দেশ দিছিল।

২২ জুনত এই সন্দৰ্ভত  গৃহ  মন্ত্ৰালয়ে  এখন পত্ৰ ৰাজ্য দুখনলৈ প্ৰেৰণ কৰিছিল। পত্ৰত  ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুপ্ৰৱেশকাৰীৰ তথ্য সংগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছিল। একেদৰে ২৮ এপ্ৰিলত, ভল্লাই ম্যানমাৰৰ সীমাত থকা  ৰাজ্য দুখনৰ অনুপ্ৰৱেশকাৰী সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বিষয়ত এখন বৈঠকত সভাপতিত্ব কৰিছিল।


মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত ৩ মে'ত জাতিগত হিংসাৰ সূত্ৰপাত হৈছিল।  ফলত ১৪০ জনৰো অধিক লোক নিহত হৈছে আৰু ৫৪,০০০ ৰো অধিক লোক গৃহহাৰা  হৈছে। 

প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ ফেব্ৰুৱাৰীত ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানৰ পিছত চুবুৰীয়া দেশ খনৰ পৰা  ৪০,০০০ তকৈও অধিক শৰণাৰ্থীয়ে আহি মিজোৰামত আশ্ৰয় লৈছে আৰু প্ৰায় ৪,০০০ শৰণাৰ্থীয়ে  মণিপুৰত প্ৰৱেশ কৰিছে। 

লাই, টিদিম-জোমি, লুচি আৰু হুলাংগো জনজাতিৰ অন্তৰ্ভুক্ত কুকি-চিন-জো  গোটৰ শৰণাৰ্থীসকলে মিজোৰাম আৰু মণিপুৰৰ সম্প্ৰদায় বোৰৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত।ভাৰত আৰু ম্যানমাৰৰ মাজত ১,৬৪৩ কিলোমিটাৰ দীঘল সীমান্ত আছে আৰু দুয়োফালৰ লোকসকলৰ মাজত পাৰিবাৰিক সম্পৰ্কও গঢ়ি উঠিছে।মিজোৰাম চৰকাৰে শৰণাৰ্থীসকলৰ বাবে সাহায্য শিবিৰো স্থাপন কৰি দিছে।মণিপুৰ চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে মণিপুৰ আৰু মিজোৰামত   প্ৰব্ৰজনকাৰীসকলৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহৰ অভিযান ২০২৩ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে সম্পূৰ্ণ কৰিব লাগিব। 

পত্ৰ খনত  কোৱা হৈছে "দুয়োখন ৰাজ্য চৰকাৰক অতি সোনকালে এটা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিবলৈ অনুৰোধ জনোৱা হৈছে," ।

ইম্ফল পশ্চিমৰ চাগোলবান্দৰ বিজেপি বিধায়ক ৰাজকুমাৰ ইমো সিঙে অলপতে  টুইটাৰত গৃহ মন্ত্ৰালয়ৰ পত্ৰখন শ্বেয়াৰ কৰিছে । তেওঁ কয় যে মণিপুৰ চৰকাৰে এই বছৰৰ আৰম্ভণিতে এই অভিযান আৰম্ভ কৰিছিল, যাৰ ফলত প্ৰায় ২,৫০০ "অবৈধ অনুপ্ৰৱেশকাৰী" চিনাক্ত কৰা হৈছে।

২০২১ চনত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবসকললৈ লিখা এখন পত্ৰত তেওঁলোকক "ম্যানমাৰৰ পৰা ভাৰতত অবৈধ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ আইন অনুসৰি উপযুক্ত ব্যৱস্থা ল'বলৈ" কোৱা হৈছিল।
পত্ৰখনত কোৱা হৈছিল যে ৰাজ্য চৰকাৰৰ কোনো বিদেশীক শৰণাৰ্থীৰ মৰ্যাদা দিয়াৰ ক্ষমতা নাই আৰু ভাৰত ১৯৫১ চনৰ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সন্মিলন আৰু ইয়াৰ ১৯৬৭ চনৰ প্ৰটোকলৰ স্বাক্ষৰকাৰী নহয়।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৩০ জুনত এক  সাক্ষাৎকাৰত ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ বাবে ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক দোষাৰোপ কৰিছিল।

চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষক কাৰ্তিক মাল্লাদীয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদন অনুসৰি, পাহাৰীয়া অঞ্চলৰ চুৰাচান্দপুৰ জিলাৰ জিলা চিকিৎসালয়ত  গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ম্যানমাৰৰ কমেও ১০ জন লোকক চিকিৎসা প্ৰদান কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন