--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩-১৪ জুলাইলৈ দুদিনীয়া ফ্ৰান্স ভ্ৰমণলৈ যাব। তেওঁক ফ্ৰান্সৰ নেচনেল পেৰেডত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।এই ভ্ৰমণকালত মোদীয়ে আন এখন ডাঙৰ প্ৰতিৰক্ষা চুক্তি কৰিব পাৰে, যাৰ ভিতৰত আছে নৌসেনাৰ বাবে ৰাফেল-এম ক্ৰয় কৰাৰ চুক্তি।

খবৰ অনুসৰি  সেই একেটা কোম্পানীয়েই এইবাৰৰ প্ৰক্ৰিয়াৰ সৈতেও জড়িত হ’ব। সেই কোম্পানীটোৱেই  ভাৰতীয়  বায়ু সেনাৰ বাবে ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিছিল।দৰাচলতে ৰাফেল যুদ্ধ বিমান নিৰ্মাণ কৰা কোম্পানী ডাচল্ট এভিয়েশ্যনে ২০১৭  চনত অনিল আম্বানীৰ মালিকানাধীন ৰিলায়েন্স এৰোষ্ট্ৰাকচাৰ লিমিটেডক ইয়াৰ অংশীদাৰ হিচাবে গ্ৰহণ কৰিছিল।

বিৰোধীয়ে এই বিষয়টোত  জোৰ দি আহিছে যে যিটো সময়ত অনিল আম্বানী গোটৰ বেছিভাগ কোম্পানী ধ্বংসৰ দিশে আগবাঢ়িছে আৰু তেওঁলোকক প্ৰতিৰক্ষা ব্যৱসায়ত অতি অভিজ্ঞ বুলি ক'ব নোৱাৰি, তেনেহ'লে তেওঁলোকৰ সৈতে ৩০,০০০ কোটি টকাৰ চুক্তি কিয় স্বাক্ষৰিত কৰা হৈছে?

এসময়ত বিশ্বৰ শীৰ্ষ ১০  জন বিলিয়নেয়াৰৰ ভিতৰত এজন আছিল অনিল আম্বানী । বৰ্তমান অৱশ্যে  তেওঁৰ আটাইতকৈ বেয়া দিন চলি আছে বুলি বিভিন্ন মহলত চৰ্চা চলিছে।এসময়ত যোগাযোগ, আন্তঃগাঁথনি, বিদ্যুৎ উৎপাদন ,যোগান, জাহাজ নিৰ্মাণ, গৃহ নিৰ্মাণত  বিত্ত যোগানৰ  দৰে সকলো ব্যৱসায়ত সুনাম অৰ্জন কৰা অনিল আম্বানী এতিয়া এনে ঋণৰ জালত আৱদ্ধ হৈ পৰিছে যে তেওঁৰ বহুতো কোম্পানী দেউলীয়া হৈ পৰিছে । 

ৰিলায়েন্স কেপিটেলৰ নিলাম প্ৰক্ৰিয়ালৈ যোৱাৰ পিছত  তেওঁৰ আন এটা কোম্পানী দেউলীয়া হোৱাৰ পথত আছে।  যাক ৰিলায়েন্স নেভেল এণ্ড ইঞ্জিনিয়াৰিং লিমিটেড (আৰএনইএল) বুলি কোৱা হয়। এই  কোম্পানীটোৰ জৰিয়তে অনিল আম্বানীয়ে প্ৰতিৰক্ষা খণ্ডত ভৰি দিছিল। এতিয়া নতুন প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে আম্বানীৰ কোম্পানীয়েই দায়িত্ব পালে নৌসেনাৰ বাবে ৰাফেল-এম ক্ৰয় কৰাটো সম্ভৱ হৈ উঠিবনে নাই তাকেলৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস