--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক শক্তিশালী বিৰোধী দল হিচাপে প্ৰতিষ্ঠা কৰাত যে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তাত কোনো সন্দেহ নাই। এই জনসংযোগ অভিযানে ৰাহুল গান্ধীক কংগ্ৰেছৰ নেতা হিচাপেও জনপ্ৰিয়তা আৰু প্ৰাসংগিকতা বৃদ্ধি কৰিলে। সেই জনপ্ৰিয়তাৰ ধাৰাটো বজাই ৰাখিবলৈ পুনৰ আগবাঢ়িছে কংগ্ৰেছ। পুনৰ এইবাৰ ভাৰত ন্যায় যাত্ৰাৰ বাবে সাজু হৈছে ৰাহুল গান্ধী। গোষ্ঠী সংঘাতত অগ্নিগর্ভ হৈ থকা মণিপুৰৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ভাৰত ন্যায় যাত্রা। ভাৰত জোড়ো যাত্ৰাৰ পাছত অহা ১৪ জানুৱাৰীৰ পৰা ভাৰত ন্যায় যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে। 

ৰাহুল গান্ধীৰ এই যাত্রা অসমতো চলিব  ১৭ জানুৱাৰীৰ পৰা৷  ৰাহুল গান্ধীৰ এই যাত্রাই অসমৰ কোন কোন ঠাইক স্পর্শ কৰিব?মণিপুৰৰ পৰা নগালেণ্ড হৈ ৰাহুল গান্ধীৰ এই যাত্রাই ১৭ জানুৱাৰীত প্ৰৱেশ কৰিব আমগুৰিত। তাৰ পৰাই প্রথমে উজনি অসমৰ আটাইকেইটা লোকসভা সমষ্টিক স্পর্শ কৰি প্ৰৱেশ কৰিব সত্ৰভূমি মাজুলীত। মাজুলীৰ পৰা ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্রাই নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰি নগাঁও, শোণিতপুৰ আদি সমষ্টিলৈ যাব। তাৰ পৰা লখিমপুৰ সমষ্টি হৈ প্ৰৱেশ কৰিব অৰুণাচলত। অৰুণাচলত ভাৰত ন্যায় যাত্রা সামৰি পুনৰ অসমত প্ৰৱেশ কৰি নামনি অসম, বৰাক উপত্যকাৰ আটাইকেইটা সমষ্টিকে স্পর্শ কৰিব।

অৱশ্যে অসমত ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাৰ এই কাৰ্যসূচী এতিয়ালৈকে চূড়ান্ত হোৱা নাই। তথাপিও কংগ্ৰেছ নেতাগৰাকীয়ে যে, ১৪ টা সমষ্টিকেই স্পৰ্শ কৰিব সেয়া প্ৰায় নিশ্চিত। কিয়নো ইয়াৰ পূৰ্বে আমি আন এক প্ৰতিবেদনত উল্লেখ কৰিছিলো কংগ্ৰেছ লোকসভা নিৰ্বাচনত অকলেই ২৯০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছে। আনহাতে ১০০ টা সমষ্টিত ইণ্ডিয়া মিত্ৰজোঁটৰ  সমৰ্থনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। যি ২৯০ টা সমষ্টিত অকলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে সেই ২৯০ টা সমষ্টিৰ ভিতৰত আছে অসমৰ ১৪ টা সমষ্টিয়েই। সেয়ে এই আটাইকেইটা সমষ্টিকে যে ভাৰত ন্যায় যাত্ৰাই স্পৰ্শ কৰিব সেয়া 

এক প্ৰকাৰে নিশ্চিত।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০২২ চনৰ ৭ ছেপ্টেম্বৰত দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছিল। প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ১৩৭ দিনৰ এই যাত্ৰাত তেওঁ দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈ সামৰি লৈছিল। এই যাত্ৰাও তামিলনাডু, কেৰালা, কৰ্ণাটক হৈ তেওঁ প্ৰৱেশ কৰিছিল তেলেংগানাত। ভাৰত জোড়ো যাত্ৰাৰ পিছৰ পৰ্যায়ত অনুষ্ঠিত হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সাফল্যৰ পিছত এই জয়ৰ কৃতিত্ব প্ৰদান কৰা হৈছিল ৰাহুল গান্ধী আৰু তেওঁৰ ভাৰত জোড়ো যাত্ৰাক। এতিয়া ভাৰত জোড়ো যাত্ৰাই সামৰি লোৱা তেলেংগানাতো দলটোৱে জয়লাভ কৰিছে যদিও এই যাত্ৰাই চুই যোৱা মধ্যপ্ৰদেশ, ৰাজস্থানত দুৰ্ভাগ্যজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কংগ্ৰেছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক