--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যকলাপৰ খতিয়ান ল’বলৈ  অসমৰ সাংবাদিকৰ এটা দলে মঙলবাৰে  সপ্তাহজোৰা পৰ্যৱেক্ষণমূলক  ভ্ৰমণ কাৰ্যসূচীলৈ  যোধপুৰত উপস্থিত হৈছে।সাংবাদিকৰ  দলটোৱে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৌজন্যত এই ভ্ৰমণ কৰিছে। 

১২ জনীয়া সাংবাদিকৰ দলটোৱে  ৭ জানুৱাৰীলৈকে যোধপুৰ, বাৰমেৰ, জয়ছলমেৰ আদি জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিব আৰু বিকশিত  ভাৰত সংকল্প যাত্ৰা উপলক্ষে আয়োজিত শিবিৰসমূহৰ লগতে   যোৱা ১০টা বছৰত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক কামসমূহ পৰ্যবেক্ষণ কৰিব। 

অসমৰ পৰা যোৱা সাংবাদিকৰ  দলটোত  আছে  ৰুবুল গগৈ, ফণীধৰ মজুমদাৰ,  আজহাৰ আলম,  দিগন্ত বৈৰাগী,  সন্দীপ শৰ্মা,  প্ৰণৱ কে আৰ দাস, ৰাজুমণি বৰা,  দীপ হাজৰিকা,  অভিজিত দেৱ, বনজিত ঠাকুৰীয়া, মিতালী কোঁৱৰ আৰু দুৰ্বা  ঘোষ।

যোধপুৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে  দলটোক জিলা প্ৰশাসনে  উষ্ম  আদৰণি জনায়। বিমান বন্দৰত অসমৰ সাংবাদিকৰ দলটোক  উপ বিভাগীয় বিষয়া পংকজ কুমাৰ জৈনকে ধৰি কেইবাগৰাকীও শীৰ্ষ  বিষয়াই আদৰণি জনায়।   

সাংবাদিকৰ পৰ্যৱেক্ষণকাৰী  দলটোৱে মঙলবাৰে যোধপুৰত উপস্থিত হৈছিল আৰু উত্তৰ পৌৰ নিগমৰ  নাগোৰী বেৰাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত আয়োজিত শিবিৰ পৰিদৰ্শন কৰি হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিছিল। 

এই উপলক্ষে শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উত্তৰ পৌৰ নিগমৰ  উপায়ুক্ত শ্ৰীলত সিং ৰাঠৌৰে প্ৰতিনিধিৰ দলটোক আদৰণি জনায় আৰু বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত পৌৰ নিগমে গ্ৰহণ কৰা পদক্ষেপসমূহ তথা  এতিয়ালৈকে হোৱা বিভিন্ন অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।  শিবিৰত কেইবাগৰাকীও  জনপ্ৰতিনিধিও উপস্থিত আছিল।সাংবাদিকৰ  দলটোৱে যোধপুৰত থকাৰ সময়তে  মেহৰানগড়ো ভ্ৰমণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক