--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যকলাপৰ খতিয়ান ল’বলৈ  অসমৰ সাংবাদিকৰ এটা দলে মঙলবাৰে  সপ্তাহজোৰা পৰ্যৱেক্ষণমূলক  ভ্ৰমণ কাৰ্যসূচীলৈ  যোধপুৰত উপস্থিত হৈছে।সাংবাদিকৰ  দলটোৱে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৌজন্যত এই ভ্ৰমণ কৰিছে। 

১২ জনীয়া সাংবাদিকৰ দলটোৱে  ৭ জানুৱাৰীলৈকে যোধপুৰ, বাৰমেৰ, জয়ছলমেৰ আদি জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিব আৰু বিকশিত  ভাৰত সংকল্প যাত্ৰা উপলক্ষে আয়োজিত শিবিৰসমূহৰ লগতে   যোৱা ১০টা বছৰত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক কামসমূহ পৰ্যবেক্ষণ কৰিব। 

অসমৰ পৰা যোৱা সাংবাদিকৰ  দলটোত  আছে  ৰুবুল গগৈ, ফণীধৰ মজুমদাৰ,  আজহাৰ আলম,  দিগন্ত বৈৰাগী,  সন্দীপ শৰ্মা,  প্ৰণৱ কে আৰ দাস, ৰাজুমণি বৰা,  দীপ হাজৰিকা,  অভিজিত দেৱ, বনজিত ঠাকুৰীয়া, মিতালী কোঁৱৰ আৰু দুৰ্বা  ঘোষ।

যোধপুৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে  দলটোক জিলা প্ৰশাসনে  উষ্ম  আদৰণি জনায়। বিমান বন্দৰত অসমৰ সাংবাদিকৰ দলটোক  উপ বিভাগীয় বিষয়া পংকজ কুমাৰ জৈনকে ধৰি কেইবাগৰাকীও শীৰ্ষ  বিষয়াই আদৰণি জনায়।   

সাংবাদিকৰ পৰ্যৱেক্ষণকাৰী  দলটোৱে মঙলবাৰে যোধপুৰত উপস্থিত হৈছিল আৰু উত্তৰ পৌৰ নিগমৰ  নাগোৰী বেৰাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত আয়োজিত শিবিৰ পৰিদৰ্শন কৰি হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিছিল। 

এই উপলক্ষে শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উত্তৰ পৌৰ নিগমৰ  উপায়ুক্ত শ্ৰীলত সিং ৰাঠৌৰে প্ৰতিনিধিৰ দলটোক আদৰণি জনায় আৰু বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত পৌৰ নিগমে গ্ৰহণ কৰা পদক্ষেপসমূহ তথা  এতিয়ালৈকে হোৱা বিভিন্ন অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।  শিবিৰত কেইবাগৰাকীও  জনপ্ৰতিনিধিও উপস্থিত আছিল।সাংবাদিকৰ  দলটোৱে যোধপুৰত থকাৰ সময়তে  মেহৰানগড়ো ভ্ৰমণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু