--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰ প্ৰসংগত তুংগত উঠিছে মোদী চৰকাৰ আৰু বিৰোধীৰ ৰাজনৈতিক যুদ্ধ। বিগত কেইবাদিনো ধৰি সংসদৰ বৰ্ষাকালীন অধিৱেশন উত্তপ্ত হৈছিল মণিপুৰ প্ৰসংগক লৈ। লোকসভা-ৰাজ্যসভাত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধীয়ে। 

আজি মণিপুৰ প্ৰসংগত অধিক প্ৰবল হৈ পৰে শাসক-বিৰোধীৰ সংঘাত। বুধবাৰে লোকসভাত কংগ্ৰেছে মণিপুৰ প্ৰসংগত মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিলে অনাস্থা প্ৰস্তাৱ। দুপৰীয়া ১২ বজাত কংগ্ৰেছৰ হৈ লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে অসমৰ সাংসদ গৌৰৱ গগৈয়ে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত প্ৰদান কৰে অনুমতি। আনহাতে, অনাস্থা প্ৰস্তাৱ উত্থাপনত ৫০গৰাকীতকৈ অধিক বিৰোধী সাংসদে সমৰ্থন ব্যক্ত কৰে। 

ইয়াৰ পাছতেই লোকসভাৰ অধ্যক্ষই সকলো দলৰে আলোচনা কৰি অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময় নিৰ্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰে। সদনৰ নিয়ম অনুযায়ী অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ ১০ দিনৰ ভিতৰত এই সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হ’ব সদনত। দৰাচলতে মোদী চৰকাৰৰ বিৰুদ্ধে ২০১৮ চনৰ ২০ জুলাইত বিৰোধীয়ে আনিছিল প্ৰথমটো অনাস্থা প্ৰস্তাৱ। য’ত চৰকাৰৰ সপক্ষে ৩২৫টা আৰু বিৰোধীৰ সপক্ষে পৰিছিল ১২৬টা ভোট। বৰ্তমান লোকসভাত আছে ৫৪৩খন আসন। যাৰ ভিতৰত খালী আছে ৫খন আসন। এইমুহূৰ্তত লোকসভাত আছে NDAৰ ৩৩৫জন সাংসদ। 

আনহাতে বিৰোধী মহাজোঁট ‘ইণ্ডিয়া’ৰ আছে ১৪০ জনৰো অধিক সাংসদ। আনহাতে, NDA অথবা ইণ্ডিয়া কোনো মহাজোঁটতে নথকা সাংসদৰ সংখ্যা হৈছে ৬০ জন। তেনেস্থলত চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱত যে বিৰোধী বিফল হ’ব সেই কথা একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। কিন্তু, অনাস্থা প্ৰস্তাৱৰ জৰিয়তে সংসদত প্ৰধানমন্ত্ৰী মোদীক বক্তব্য প্ৰদান কৰিবলৈ বাধ্য কৰোৱাৰ লক্ষ্য বিৰোধীৰ। সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবীৰে বৰ্ষাকালীন অধিৱেশনত প্ৰথম দিনটোৰ পৰাই বিৰোধীৰ প্ৰতিবাদ। কিন্তু বিৰোধীৰ প্ৰতিবাদক আওকাণ কৰি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

এতিয়া অনাস্থা প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বক্তব্য প্ৰদান কৰিবলৈ বাধ্য হ’ব বুলি ভাবিছে বিৰোধীপক্ষই। কংগ্ৰেছে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে কেইবাগৰাকী শীৰ্ষ বিৰোধী নেতাই। অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে তীব্ৰ আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীক। অনাস্থা প্ৰস্তাৱ উত্থাপনক মণিপুৰৰ ন্যায়ৰ বাবে যুদ্ধ আখ্যা দিয়ে গৌৰৱ গগৈয়ে। 

বৰ্তমান মণিপুৰৰ জনতাই ভাবি লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে পাহৰি পেলাইছে মণিপুৰক। তাৰবাবেই বিৰোধী ঐক্যমঞ্চ ‘ইণ্ডিয়া’ই দুখৰ সময়ত মণিপুৰৰ জনতাৰ কাষত থিয় হৈছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও মন্তব্য কৰিছে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত। মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক বক্তব্য প্ৰদান কৰিবলৈ দাবী কৰে নীতিশ কুমাৰে। বিৰোধীয়ে মণিপুৰ প্ৰসংগ ধাৰাবাহিকভাৱে উত্থাপন কৰি যাব বুলি কয় বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এইদৰে মণিপুৰ প্ৰসংগত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি বিৰোধী ঐক্য মঞ্চ ‘ইণ্ডিয়া’ৰ মুকলি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী মোদীলৈ। ’২৪ৰ পূৰ্বে ‘ইণ্ডিয়া’ই আগ্ৰাসী ৰাজনীতিৰে বিজেপি অথবা NDAৰ সৈতে যুঁজ চলাই যাব। অনাস্থা প্ৰস্তাৱটোৱে তাৰেই প্ৰমাণ দাঙি ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু