--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয় ঠিকাভিত্তিক শ্ৰমিকৰ বাবে মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বত ৰাজস্থানত যি আঁচনি প্ৰণয়ন কৰিছে তাৰ সকলোৱে একেমুখে প্ৰশংসা কৰিছে। ৰাহুল গান্ধীয়ে কয় যে এই আঁচনিখনে গিগ অৰ্থনীতিৰ শ্ৰমিকসকলক আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ লগতে নিৰ্ভৰযোগ্য নিয়োগৰ ভিত্তিও হ’ব। কংগ্ৰেছ ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি কয়, "ৰাজস্থানৰ ৩ লাখতকৈ অধিক গিগ কৰ্মীক তেওঁলোকৰ অধিকাৰ আৰু আত্মসন্মান দিবলৈ ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে নতুন আইন ৰূপায়ণ কৰিছে, যিখন ভাৰতৰ প্ৰথম এনেধৰণৰ আইন।এই আইনখনে গিগ ইকনমিৰ শ্ৰমিকসকলক আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব, কোটি কোটি যুৱক-যুৱতীৰ বাবে নিৰ্ভৰযোগ্য কৰ্মসংস্থাপনৰ ভিত্তি হ’ব। মোৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত বহু গিগ কৰ্মী, কিছুমান টেক্সি চালক, কিছুমান ডেলিভাৰীমেনক লগ পাইছিলো – তেওঁলোকৰ কৰ্মক্ষেত্ৰত অনিশ্চিত ভৱিষ্যত, আৰু ৰাজপথত তেওঁলোকৰ  বাবে বিপদজনক। সকলোৱে এটাই কথা ক’লে, তেওঁলোকে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে কিন্তু তেওঁলোকৰ কোনো আৰ্থিক নিৰাপত্তা নাই, চৰকাৰেও তেওঁলোকৰ কথা নুশুনে, তেওঁলোকৰ বাবে কোনো সুনিৰ্দিষ্ট পৰিকল্পনাও নানে৷”

ৰাহুল গান্ধীয়ে আৰু কয় যে কৰ্ণাটকতো এই বিষয়ে আলোচনা চলি আছে, আৰু শেহতীয়াকৈ তাত থকা বাজেটত তেওঁলোকৰ বাবে ৪ লাখ পৰ্যন্ত দুৰ্ঘটনা বীমা ঘোষণা কৰা হৈছে। আমি সদায় ভাৰতৰ দুখীয়া আৰু পৰিশ্ৰমী জনসাধাৰণৰ লগত থিয় দিওঁ, যাতে তেওঁলোকে নিজৰ তপস্যাৰ ফল পায়। আমি তেওঁলোকক যি প্ৰতিশ্ৰুতি দিওঁ, আমি সেইটো পূৰণ কৰি দেখুৱাওঁ। প্ৰতিজন কঠোৰ পৰিশ্ৰমী দেশবাসীয়ে যেতিয়া অৰ্থনৈতিক শক্তি আৰু সম্পূৰ্ণ অধিকাৰ পাব, তেতিয়াহে ভাৰত একত্ৰিত হ'ব৷

উল্লেখ্য যে ৰাজস্থানৰ বিধানসভাই সোমবাৰে ‘প্লেটফৰ্ম বেছড গিগ ৱৰ্কাৰছ (পঞ্জীয়ন আৰু কল্যাণ) বিল ২০২৩’ গৃহীত কৰিছে। ইয়াৰ লগে লগে ৰাজস্থান দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে, য’ত গিগ কৰ্মীক আইনৰ পৰিসৰৰ অধীনলৈ অনাৰ বাবে এখন বিধেয়ক অনা হৈছে আৰু ইয়াৰ দ্বাৰা গিগ কৰ্মীসকলক সামাজিক সুৰক্ষাৰ নিশ্চয়তা দিয়া হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু