--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয় ঠিকাভিত্তিক শ্ৰমিকৰ বাবে মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বত ৰাজস্থানত যি আঁচনি প্ৰণয়ন কৰিছে তাৰ সকলোৱে একেমুখে প্ৰশংসা কৰিছে। ৰাহুল গান্ধীয়ে কয় যে এই আঁচনিখনে গিগ অৰ্থনীতিৰ শ্ৰমিকসকলক আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ লগতে নিৰ্ভৰযোগ্য নিয়োগৰ ভিত্তিও হ’ব। কংগ্ৰেছ ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি কয়, "ৰাজস্থানৰ ৩ লাখতকৈ অধিক গিগ কৰ্মীক তেওঁলোকৰ অধিকাৰ আৰু আত্মসন্মান দিবলৈ ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে নতুন আইন ৰূপায়ণ কৰিছে, যিখন ভাৰতৰ প্ৰথম এনেধৰণৰ আইন।এই আইনখনে গিগ ইকনমিৰ শ্ৰমিকসকলক আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব, কোটি কোটি যুৱক-যুৱতীৰ বাবে নিৰ্ভৰযোগ্য কৰ্মসংস্থাপনৰ ভিত্তি হ’ব। মোৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত বহু গিগ কৰ্মী, কিছুমান টেক্সি চালক, কিছুমান ডেলিভাৰীমেনক লগ পাইছিলো – তেওঁলোকৰ কৰ্মক্ষেত্ৰত অনিশ্চিত ভৱিষ্যত, আৰু ৰাজপথত তেওঁলোকৰ  বাবে বিপদজনক। সকলোৱে এটাই কথা ক’লে, তেওঁলোকে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে কিন্তু তেওঁলোকৰ কোনো আৰ্থিক নিৰাপত্তা নাই, চৰকাৰেও তেওঁলোকৰ কথা নুশুনে, তেওঁলোকৰ বাবে কোনো সুনিৰ্দিষ্ট পৰিকল্পনাও নানে৷”

ৰাহুল গান্ধীয়ে আৰু কয় যে কৰ্ণাটকতো এই বিষয়ে আলোচনা চলি আছে, আৰু শেহতীয়াকৈ তাত থকা বাজেটত তেওঁলোকৰ বাবে ৪ লাখ পৰ্যন্ত দুৰ্ঘটনা বীমা ঘোষণা কৰা হৈছে। আমি সদায় ভাৰতৰ দুখীয়া আৰু পৰিশ্ৰমী জনসাধাৰণৰ লগত থিয় দিওঁ, যাতে তেওঁলোকে নিজৰ তপস্যাৰ ফল পায়। আমি তেওঁলোকক যি প্ৰতিশ্ৰুতি দিওঁ, আমি সেইটো পূৰণ কৰি দেখুৱাওঁ। প্ৰতিজন কঠোৰ পৰিশ্ৰমী দেশবাসীয়ে যেতিয়া অৰ্থনৈতিক শক্তি আৰু সম্পূৰ্ণ অধিকাৰ পাব, তেতিয়াহে ভাৰত একত্ৰিত হ'ব৷

উল্লেখ্য যে ৰাজস্থানৰ বিধানসভাই সোমবাৰে ‘প্লেটফৰ্ম বেছড গিগ ৱৰ্কাৰছ (পঞ্জীয়ন আৰু কল্যাণ) বিল ২০২৩’ গৃহীত কৰিছে। ইয়াৰ লগে লগে ৰাজস্থান দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে, য’ত গিগ কৰ্মীক আইনৰ পৰিসৰৰ অধীনলৈ অনাৰ বাবে এখন বিধেয়ক অনা হৈছে আৰু ইয়াৰ দ্বাৰা গিগ কৰ্মীসকলক সামাজিক সুৰক্ষাৰ নিশ্চয়তা দিয়া হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ