--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান মণিপুৰ ভ্ৰমণত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷কিন্তু এতিয়া তেওঁৰ ভ্ৰমণক লৈ দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। আচলতে বৃহস্পতিবাৰে (২৯ জুন) পুৱা ৰাহুলে যেতিয়া চুৰাচান্দপুৰ অভিমুখে গৈ আছিল, তেতিয়া তেওঁৰ কনভয়টো বিষ্ণুপুৰতে ৰখাই দিয়া হৈছিল। আৰক্ষীৰ দ্বাৰা তেওঁক হেলিকপ্টাৰেৰে যাবলৈ আহ্বান জনোৱা হয়।

এই কথাক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ  সৃষ্টি হয়। কংগ্ৰেছে বিজেপিক ৰাহুলক ৰখাই দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে প্ৰত্যুত্তৰ দি কয় যে কেৱল মণিপুৰৰ জনসাধাৰণে ৰাহুলৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে। কিন্তু এই সকলোবোৰৰ পাছত ৰাহুল গান্ধীয়ে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰৰ শিবিৰ পায়গৈ আৰু তাত উপস্থিত থকা লোকসকলক সাক্ষাৎ কৰে৷

চুৰাচান্দপুৰত মণিপুৰৰ লোকসকলক লগ কৰি কথা পতাৰ পাছত ৰাহুল গান্ধীয়ে নিজৰ কনভয় ৰখাই দিয়াত টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ ক'লে, "মণিপুৰৰ সকলো ভাই-ভনীৰ কথা শুনিবলৈ আহিছো। সকলো সম্প্ৰদায়ৰ লোকে অতি আদৰণীয় আৰু মৰমিয়াল। চৰকাৰে মোক বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক। শান্তি আমাৰ একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে।"

একে সময়তে চুৰাচান্দপুৰ সাহায্য শিবিৰত ৰাহুলে ৰাইজক লগ পাই তেওঁলোকৰ লগত কথা পাতিছিল আৰু তেওঁলোকৰ সমস্যাৰ কথা শুনিছিল। তাত থকা এখন বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰতো তেওঁ ল’ৰা-ছোৱালীৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল।

আনহাতে, মণিপুৰ কংগ্ৰেছৰ সভাপতি কীশম মেঘচন্দ্ৰই কয়, "ৰাহুল গান্ধীৰ মৈৰাং ভ্ৰমণ বাতিল কৰা হৈছে। প্ৰশাসনে তেওঁক মৈৰাঙলৈ আহিবলৈ দিয়া নাছিল। পথেৰেও নহয় বিমানেৰেও। তেওঁ হিংসাত্মক ক্ষতিগ্ৰস্ত লোকসকলক কেৱল তেজপুৰতহে সাক্ষাৎ কৰিব। তেওঁ ইম্ফললৈ উভতি আহিছে আৰু তাতেই ৰাতিটো কটাব। কাইলৈ ​​তেওঁৰ ভ্ৰমণৰ বিষয়ে একো ক'ব নোৱাৰি।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ