--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান মণিপুৰ ভ্ৰমণত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷কিন্তু এতিয়া তেওঁৰ ভ্ৰমণক লৈ দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। আচলতে বৃহস্পতিবাৰে (২৯ জুন) পুৱা ৰাহুলে যেতিয়া চুৰাচান্দপুৰ অভিমুখে গৈ আছিল, তেতিয়া তেওঁৰ কনভয়টো বিষ্ণুপুৰতে ৰখাই দিয়া হৈছিল। আৰক্ষীৰ দ্বাৰা তেওঁক হেলিকপ্টাৰেৰে যাবলৈ আহ্বান জনোৱা হয়।

এই কথাক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ  সৃষ্টি হয়। কংগ্ৰেছে বিজেপিক ৰাহুলক ৰখাই দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে প্ৰত্যুত্তৰ দি কয় যে কেৱল মণিপুৰৰ জনসাধাৰণে ৰাহুলৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে। কিন্তু এই সকলোবোৰৰ পাছত ৰাহুল গান্ধীয়ে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰৰ শিবিৰ পায়গৈ আৰু তাত উপস্থিত থকা লোকসকলক সাক্ষাৎ কৰে৷

চুৰাচান্দপুৰত মণিপুৰৰ লোকসকলক লগ কৰি কথা পতাৰ পাছত ৰাহুল গান্ধীয়ে নিজৰ কনভয় ৰখাই দিয়াত টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ ক'লে, "মণিপুৰৰ সকলো ভাই-ভনীৰ কথা শুনিবলৈ আহিছো। সকলো সম্প্ৰদায়ৰ লোকে অতি আদৰণীয় আৰু মৰমিয়াল। চৰকাৰে মোক বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক। শান্তি আমাৰ একমাত্ৰ অগ্ৰাধিকাৰ হ’ব লাগে।"

একে সময়তে চুৰাচান্দপুৰ সাহায্য শিবিৰত ৰাহুলে ৰাইজক লগ পাই তেওঁলোকৰ লগত কথা পাতিছিল আৰু তেওঁলোকৰ সমস্যাৰ কথা শুনিছিল। তাত থকা এখন বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰতো তেওঁ ল’ৰা-ছোৱালীৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল।

আনহাতে, মণিপুৰ কংগ্ৰেছৰ সভাপতি কীশম মেঘচন্দ্ৰই কয়, "ৰাহুল গান্ধীৰ মৈৰাং ভ্ৰমণ বাতিল কৰা হৈছে। প্ৰশাসনে তেওঁক মৈৰাঙলৈ আহিবলৈ দিয়া নাছিল। পথেৰেও নহয় বিমানেৰেও। তেওঁ হিংসাত্মক ক্ষতিগ্ৰস্ত লোকসকলক কেৱল তেজপুৰতহে সাক্ষাৎ কৰিব। তেওঁ ইম্ফললৈ উভতি আহিছে আৰু তাতেই ৰাতিটো কটাব। কাইলৈ ​​তেওঁৰ ভ্ৰমণৰ বিষয়ে একো ক'ব নোৱাৰি।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু