--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে জাতি হিংসাৰ ঘটনামলক্ষ্ণৌৰ ইন্দিৰানগৰ আৰক্ষী থানাৰ অন্তৰ্গত ক্ৰিকেট খেলৰ সময়ত হোৱা কাজিয়াই হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত এদল যুৱকে এজন ১৮ বছৰীয়া দলিত ল’ৰাক প্ৰহাৰ কৰাৰ লগতে মুখত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ১৩ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল যদিও দৈনিক মজুৰি শ্ৰমিক সন্দীপ কুমাৰ ৰাৱাটে আৰক্ষীক লিখিত অভিযোগ দাখিল কৰাৰ পাছত মঙলবাৰে (১৬ জানুৱাৰী) সন্ধিয়া এফআইআৰ ৰুজু কৰা হয়৷

মূল অভিযুক্তজনক ফাৰ্ডিন বুলি চিনাক্ত কৰা হৈছে আৰু আৰক্ষীয়ে তেওঁক আৰু তেওঁৰ ২৫-৩০ জন সহযোগীক আইপিচিৰ ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই), ৫০৪ (অপমান), ৩২৩ (স্বেচ্ছাই আঘাত কৰা) আৰু ১৪৭ (সংঘৰ্ষ) ধাৰাত গোচৰ ৰুজু কৰিছে। 

ইন্দিৰানগৰৰ চন্দন গাঁৱৰ বাসিন্দা ৰাৱটে তেওঁৰ এফআইআৰত কয় যে তেওঁৰ ১৮ বছৰীয়া পুত্ৰ লাকীয়ে এচি মেকানিক হিচাপে কাম কৰে৷ঘটনাৰ দিনা বন্ধুৰ সৈতে খুৰৰাম নগৰৰ সমীপত তেওঁ ক্ৰিকেট খেলিবলৈ গৈছিল।যুৱককেইজনৰ মেচৰ সময়ত কোনোবাই ডাঙৰ শ্বট মাৰে আৰু আন কিছুমান যুৱকে খেলি থকা অঞ্চলত বলটো পৰিল। তেতিয়া লাকীয়ে তালৈ বল সংগ্ৰহ কৰিবলৈ গ’ল; তেতিয়া আন এটা গোটৰ যুৱক এজনে তেওঁক বলটো দিবলৈ অস্বীকাৰ কৰে, তাৰ পাছত বিবাদ আৰম্ভ হ’ল আৰু ল’ৰাটোৱে সেই ঠাইৰ পৰা পলাই যাবলৈ চেষ্টা কৰিলে। কিন্তু আনটো গোটে তেওঁক ধৰি লৈ বেয়াকৈ মাৰপিট কৰিবলৈ ধৰে। আৰু লাকীৰ বিৰুদ্ধে জাতিভিত্তিক মন্তব্যও কৰিছিল।

ৰাৱটে আৰু কয় যে তেওঁৰ পুত্ৰই কোনোমতে পলায়ন কৰি ঘৰ পালেগৈ, কিন্তু তেওঁ ঘটনাৰ বিষয়ে কোৱা নাছিল। সেইদিনা পুনৰ লাকীক কোনোবা যুৱকে ৰখাই আৰু আকৌ এবাৰ মাৰপিট কৰে৷

অভিযোগকাৰীয়ে আৰক্ষীক জনোৱা মতে, পিছদিনা তেওঁৰ পুত্ৰই ভনীয়েকক স্কুলৰ পৰা ওভতাই নিবলৈ গৈছিল, তেতিয়াই বাটত দুষ্কৃতিকাৰীয়ে আকৌ এবাৰ তেওঁক ৰখাই দিছিল।তেওঁ অচেতন হোৱালৈকে লাকীক মাৰপিট কৰিছিল। তাৰোপৰি মুখত প্ৰস্ৰাৱ কৰিলে৷উত্তৰ মণ্ডলৰ উপ আৰক্ষী আয়ুক্ত কাছিম আবিদীয়ে কয় যে বিষয়টোৰ তদন্ত চলি আছে আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত অভিজিত আৰ. শংকৰে কয় যে চিচিটিভি ফুটেজ, প্ৰত্যক্ষদৰ্শী আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত পৰিয়ালটোৱে উত্থাপন কৰা বহু অভিযোগ নিশ্চিত হোৱা নাই। তদন্ত চলি আছে আৰু প্ৰমাণৰ ভিত্তিতহে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু