--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে জাতি হিংসাৰ ঘটনামলক্ষ্ণৌৰ ইন্দিৰানগৰ আৰক্ষী থানাৰ অন্তৰ্গত ক্ৰিকেট খেলৰ সময়ত হোৱা কাজিয়াই হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত এদল যুৱকে এজন ১৮ বছৰীয়া দলিত ল’ৰাক প্ৰহাৰ কৰাৰ লগতে মুখত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ১৩ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল যদিও দৈনিক মজুৰি শ্ৰমিক সন্দীপ কুমাৰ ৰাৱাটে আৰক্ষীক লিখিত অভিযোগ দাখিল কৰাৰ পাছত মঙলবাৰে (১৬ জানুৱাৰী) সন্ধিয়া এফআইআৰ ৰুজু কৰা হয়৷

মূল অভিযুক্তজনক ফাৰ্ডিন বুলি চিনাক্ত কৰা হৈছে আৰু আৰক্ষীয়ে তেওঁক আৰু তেওঁৰ ২৫-৩০ জন সহযোগীক আইপিচিৰ ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই), ৫০৪ (অপমান), ৩২৩ (স্বেচ্ছাই আঘাত কৰা) আৰু ১৪৭ (সংঘৰ্ষ) ধাৰাত গোচৰ ৰুজু কৰিছে। 

ইন্দিৰানগৰৰ চন্দন গাঁৱৰ বাসিন্দা ৰাৱটে তেওঁৰ এফআইআৰত কয় যে তেওঁৰ ১৮ বছৰীয়া পুত্ৰ লাকীয়ে এচি মেকানিক হিচাপে কাম কৰে৷ঘটনাৰ দিনা বন্ধুৰ সৈতে খুৰৰাম নগৰৰ সমীপত তেওঁ ক্ৰিকেট খেলিবলৈ গৈছিল।যুৱককেইজনৰ মেচৰ সময়ত কোনোবাই ডাঙৰ শ্বট মাৰে আৰু আন কিছুমান যুৱকে খেলি থকা অঞ্চলত বলটো পৰিল। তেতিয়া লাকীয়ে তালৈ বল সংগ্ৰহ কৰিবলৈ গ’ল; তেতিয়া আন এটা গোটৰ যুৱক এজনে তেওঁক বলটো দিবলৈ অস্বীকাৰ কৰে, তাৰ পাছত বিবাদ আৰম্ভ হ’ল আৰু ল’ৰাটোৱে সেই ঠাইৰ পৰা পলাই যাবলৈ চেষ্টা কৰিলে। কিন্তু আনটো গোটে তেওঁক ধৰি লৈ বেয়াকৈ মাৰপিট কৰিবলৈ ধৰে। আৰু লাকীৰ বিৰুদ্ধে জাতিভিত্তিক মন্তব্যও কৰিছিল।

ৰাৱটে আৰু কয় যে তেওঁৰ পুত্ৰই কোনোমতে পলায়ন কৰি ঘৰ পালেগৈ, কিন্তু তেওঁ ঘটনাৰ বিষয়ে কোৱা নাছিল। সেইদিনা পুনৰ লাকীক কোনোবা যুৱকে ৰখাই আৰু আকৌ এবাৰ মাৰপিট কৰে৷

অভিযোগকাৰীয়ে আৰক্ষীক জনোৱা মতে, পিছদিনা তেওঁৰ পুত্ৰই ভনীয়েকক স্কুলৰ পৰা ওভতাই নিবলৈ গৈছিল, তেতিয়াই বাটত দুষ্কৃতিকাৰীয়ে আকৌ এবাৰ তেওঁক ৰখাই দিছিল।তেওঁ অচেতন হোৱালৈকে লাকীক মাৰপিট কৰিছিল। তাৰোপৰি মুখত প্ৰস্ৰাৱ কৰিলে৷উত্তৰ মণ্ডলৰ উপ আৰক্ষী আয়ুক্ত কাছিম আবিদীয়ে কয় যে বিষয়টোৰ তদন্ত চলি আছে আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত অভিজিত আৰ. শংকৰে কয় যে চিচিটিভি ফুটেজ, প্ৰত্যক্ষদৰ্শী আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত পৰিয়ালটোৱে উত্থাপন কৰা বহু অভিযোগ নিশ্চিত হোৱা নাই। তদন্ত চলি আছে আৰু প্ৰমাণৰ ভিত্তিতহে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক