--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ সমালোচনাৰে থকা-সৰকা কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে  লোকসভাত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰৰ সঁহাৰি দিছে। মোদীৰ "হাঁহি আৰু উপহাস"ৰ সঁহাৰি দি তেওঁ শুকুৰবাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত কয়, "তেওঁ সমগ্ৰ ভাৰতৰ প্ৰতিনিধি। মোৰো প্ৰতিনিধি। কিন্তু মই ক'বলৈ বাধ্য হৈছো যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ গুৰুত্ব বুজি নাপায়। ''

বৃহস্পতিবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱৰ শেষত মোদীৰ দুঘণ্টা ২০ মিনিটৰ ভাষণত মুখ্যতঃ তেওঁৰ চৰকাৰৰ সফলতাৰ দাবী কৰিছিল আৰু জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙলৈকে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলৰ "বিফলতা"ৰ  বিষয়ত  মন্তব্য কৰিছিল। পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ বিভিন্ন  "ভুল" দেখুৱাই দি মোদীয়ে হাঁহিছিল।ইয়াৰ পিছতে আজি ৰাহুলে কয়  "মণিপুৰত মানুহৰ মৃত্যু হৈছে, মহিলাসকলক অত্যাচাৰ কৰা হৈছে, আৰু তেওঁ (মোদীয়ে) হাঁহিছে আৰু কৌতুক কৰিছে। মোদীৰ আলোচনাৰ বিষয় আছিল কংগ্ৰেছহে,   মণিপুৰৰ বৰ্তমানৰ সংকট আৰু ইয়াৰ সমাধানৰ উপায় নহয়। ''
বুধবাৰে অনাস্থা প্ৰস্তাৱৰ সময়ত গান্ধীয়ে কৈছিল, "বিজেপিয়ে মণিপুৰত ভাৰত মাতাক হত্যা কৰিছে।" শাসকীয় শিবিৰৰ সাংসদসকলে ৰাহুলৰ মন্তব্যত  তীব্ৰ আপত্তি কৰিছিল। ৰাহুলে তেওঁৰ মন্তব্য "স্পষ্ট" কৰি কৈছিল, "হয়,  বিজেপিৰ বিভাজনমূলক ৰাজনীতিৰ বাবে মণিপুৰ এতিয়া ঐক্যবদ্ধ ৰাজ্য নহয়। মণিপুৰ এতিয়া  দুটা ভাগত বিভক্ত।’’ৰাহুলে দাবী কৰে  যে তেওঁৰ ১৯ বছৰৰ ৰাজনৈতিক অভিজ্ঞতাত, তেওঁ কেতিয়াও মণিপুৰৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। ৰাহুলে জুন মাহত মণিপুৰ ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়েও কয়। তেওঁ কয়, "যেতিয়া মই মেইটেই লোকৰ অঞ্চললৈ গৈছিলো, স্পষ্টকৈ কোৱা হৈছিল যে মোক স্বাগতম জনোৱা হৈছে কিন্তু যদি নিৰাপত্তাকৰ্মীৰ দলটোত কুকি থাকে, তেন্তে তেওঁক গুলীয়াই হত্যা কৰা হ'ব।" ঠিক বিপৰীত কথা কুকিসকলেও কৈছিল। ৰাহুলে লগতে কয় যে  বিজেপিয়ে মণিপুৰত ভাৰতীয়ত্বৰ ধাৰণাটোক হত্যা কৰিছে। ''

মোদীক সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, "মণিপুৰৰ এই সংকটৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশৰ কণ্ঠস্বৰ হ'ব লাগিছিল। কিন্তু সেই পথত যোৱাৰ পৰিৱৰ্তে তেওঁ সাধাৰণ ৰাজনীতিবিদৰ দৰে ক্ষুদ্ৰ ৰাজনীতি কৰি আছে। তেওঁ নিৰ্লজ্জভাৱে অধিৱেশনত বহিছিল, হাঁহিছিল, মন্তব্য কৰিছিল।  ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস