--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ সমালোচনাৰে থকা-সৰকা কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে  লোকসভাত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰৰ সঁহাৰি দিছে। মোদীৰ "হাঁহি আৰু উপহাস"ৰ সঁহাৰি দি তেওঁ শুকুৰবাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত কয়, "তেওঁ সমগ্ৰ ভাৰতৰ প্ৰতিনিধি। মোৰো প্ৰতিনিধি। কিন্তু মই ক'বলৈ বাধ্য হৈছো যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ গুৰুত্ব বুজি নাপায়। ''

বৃহস্পতিবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱৰ শেষত মোদীৰ দুঘণ্টা ২০ মিনিটৰ ভাষণত মুখ্যতঃ তেওঁৰ চৰকাৰৰ সফলতাৰ দাবী কৰিছিল আৰু জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙলৈকে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলৰ "বিফলতা"ৰ  বিষয়ত  মন্তব্য কৰিছিল। পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ বিভিন্ন  "ভুল" দেখুৱাই দি মোদীয়ে হাঁহিছিল।ইয়াৰ পিছতে আজি ৰাহুলে কয়  "মণিপুৰত মানুহৰ মৃত্যু হৈছে, মহিলাসকলক অত্যাচাৰ কৰা হৈছে, আৰু তেওঁ (মোদীয়ে) হাঁহিছে আৰু কৌতুক কৰিছে। মোদীৰ আলোচনাৰ বিষয় আছিল কংগ্ৰেছহে,   মণিপুৰৰ বৰ্তমানৰ সংকট আৰু ইয়াৰ সমাধানৰ উপায় নহয়। ''
বুধবাৰে অনাস্থা প্ৰস্তাৱৰ সময়ত গান্ধীয়ে কৈছিল, "বিজেপিয়ে মণিপুৰত ভাৰত মাতাক হত্যা কৰিছে।" শাসকীয় শিবিৰৰ সাংসদসকলে ৰাহুলৰ মন্তব্যত  তীব্ৰ আপত্তি কৰিছিল। ৰাহুলে তেওঁৰ মন্তব্য "স্পষ্ট" কৰি কৈছিল, "হয়,  বিজেপিৰ বিভাজনমূলক ৰাজনীতিৰ বাবে মণিপুৰ এতিয়া ঐক্যবদ্ধ ৰাজ্য নহয়। মণিপুৰ এতিয়া  দুটা ভাগত বিভক্ত।’’ৰাহুলে দাবী কৰে  যে তেওঁৰ ১৯ বছৰৰ ৰাজনৈতিক অভিজ্ঞতাত, তেওঁ কেতিয়াও মণিপুৰৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। ৰাহুলে জুন মাহত মণিপুৰ ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়েও কয়। তেওঁ কয়, "যেতিয়া মই মেইটেই লোকৰ অঞ্চললৈ গৈছিলো, স্পষ্টকৈ কোৱা হৈছিল যে মোক স্বাগতম জনোৱা হৈছে কিন্তু যদি নিৰাপত্তাকৰ্মীৰ দলটোত কুকি থাকে, তেন্তে তেওঁক গুলীয়াই হত্যা কৰা হ'ব।" ঠিক বিপৰীত কথা কুকিসকলেও কৈছিল। ৰাহুলে লগতে কয় যে  বিজেপিয়ে মণিপুৰত ভাৰতীয়ত্বৰ ধাৰণাটোক হত্যা কৰিছে। ''

মোদীক সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, "মণিপুৰৰ এই সংকটৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশৰ কণ্ঠস্বৰ হ'ব লাগিছিল। কিন্তু সেই পথত যোৱাৰ পৰিৱৰ্তে তেওঁ সাধাৰণ ৰাজনীতিবিদৰ দৰে ক্ষুদ্ৰ ৰাজনীতি কৰি আছে। তেওঁ নিৰ্লজ্জভাৱে অধিৱেশনত বহিছিল, হাঁহিছিল, মন্তব্য কৰিছিল।  ''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন