--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাই এটা ফেচবুক পোষ্ট পোষ্টত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক তেওঁ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে। তেওঁ কৈছে যে স্মৃতি ইৰাণীয়ে তেওঁৰ নামৰ অপব্যৱহাৰ কৰা বন্ধ কৰা উচিত। দৰাচলতে স্মৃতি ইৰাণীয়ে সংসদত ৰবাৰ্ট ভদ্ৰা আৰু গৌতম আদানিৰ ফটো দেখুৱাই প্ৰশ্ন উত্থাপন কৰিছিল।

"মই আপোনাক প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছো। আপোনাৰ অযোগ্যতাৰ বাবেই মোৰ ফালে আঙুলি টোৱাব নোৱাৰে।মনত ৰাখিব যে যেতিয়া আপুনি এনে কৰে, বাকী আঙুলিবোৰে আপোনাৰ ফালেই আঙুলিয়াই দিয়ে। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত আন বহু বিতৰ্ক আছে।ইৰাণীয়ে লগতে কৈছিল "গোৱাত থকা  আপোনাৰ ৰেষ্টুৰেণ্ট আৰু দেশৰ বিভিন্ন প্ৰান্তত তৃতীয় পক্ষৰ নামত থকা সম্পত্তিৰ কথা এতিয়া সকলোৱে জানিব বিচাৰে।

 আপোনাৰ ডিগ্ৰী/শিক্ষাগত অৰ্হতা আৰু ইয়াৰ সৈতে সম্পৰ্কিত বিতৰ্কৰ বিষয়ে জানিব বিচাৰে। প্ৰথমে আপুনি সেয়া স্পষ্ট  কৰক  আৰু তাৰ পিছত আনৰ ফালে আঙুলি টোৱাব।"
ইৰাণীয়ে কৈছিল "আপুনি গোৱা আৰু আপোনাৰ ডিগ্ৰী সম্পৰ্কে উত্তৰ দিব নে নাই চাবলৈ মই অপেক্ষা কৰি আছোঁ।"

প্ৰকৃততে, স্মৃতি ইৰাণীয়ে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ৰাহুল গান্ধীৰ বক্তব্যৰ প্ৰতিশোধ এনেদেই ল’ব বিচৰা বুলি বহুতে আলোচনা কৰিছে।   তেওঁ সদনৰ ভিতৰত ৰবাৰ্ট ভদ্ৰা আৰু গৌতম আদানিৰ ফটো দেখুৱাই ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ছবিখন দেখুৱাই স্মৃতি ইৰাণীয়ে কৈছিল, "আদানীয়ে কিমান দিনধৰি এনে কাম  কৰি আহিছে, এতিয়া মোক অলপ ক'বলৈ দিয়ক। মোৰ ওচৰত ফটোআছে। যদি আদানি ইমান বেয়া, জিজাজীয়ে (ৰবাৰ্ট ভদ্ৰা) তেওঁৰ সৈতে কি কৰি আছে?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস