--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবামাহো ধৰি হিংসাৰ কবলত পৰা মণিপুৰৰ পৰিস্থিতিৰ উন্নতি হোৱা দেখা নাই। বৃহস্পতিবাৰে (০৩ আগষ্ট) বিবৃতি জাৰি কৰাৰ সময়তে আৰক্ষীয়ে ৰাজ্যখনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ বুলি অভিহিত কৰে। বিগত ২৪ ঘন্টাত ৰাজ্যত বিক্ষিপ্তভাৱে গুলীচালনা আৰু অশান্তিপূৰ্ণ জনসমাগমৰ ঘটনা সংঘটিত হৈছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এটাৰ এক প্রতিবেদন অনুসৰি ৰাজ্যৰ কৌট্ৰুক, হাৰোথেল আৰু সেনজাম চিৰাং অঞ্চলত সংঘটিত হোৱা ক্ৰছ ফায়াৰিঙৰ ফলত এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ বিপৰীতে আন এজন লোক আহত হয়৷ ৰাজ্যজুৰি সতেজ সংঘৰ্ষৰ কিছু ঘণ্টা পূৰ্বে মণিপুৰৰ জাতিগত হিংসাত নিহত কুকি-জোমি লোকক গণ সমাধিস্থ কৰাৰ পৰিকল্পনা স্থগিত ৰখা হৈছিল।

বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বহু অঞ্চলত উত্তেজনা বিৰাজ কৰিছে। বিশেষকৈ বিষ্ণুপুৰ জিলাত য'ত হাজাৰ হাজাৰ স্থানীয় লোকে ৰাজপথলৈ ওলাই আহি নিৰাপত্তাৰক্ষীৰ চলাচল বন্ধ কৰি দিয়ে। বিবৃতিটোত কোৱা হৈছে যে ফৌগাচাও ইখাই অঞ্চলত প্ৰায় ৬০০ জনীয়া অশান্তিপূৰ্ণ ভিৰ সমবেত হোৱাৰ বিপৰীতে বিষয়াসকলে ভিৰ ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়, যাৰ ফলত ২৫ জন লোক আহত হয়।

বিবৃতিটোত আৰু কোৱা হৈছে যে এই দলটোৱে কেইবাটাও অঞ্চলৰ থানাতো আক্ৰমণ চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ কাঢ়ি লৈ ​​যায়। স্পৰ্শকাতৰ অঞ্চলত অভিযান চলাবলৈ কৰ্তৃপক্ষই নিৰাপত্তা বাহিনী মোতায়েন কৰিছে। কৌট্ৰুক হিল ৰেঞ্জত যৌথ নিৰাপত্তাৰক্ষীৰ কার্যসূচীত ৭টা অবৈধ বাংকাৰ ধ্বংস হয়।

ৰাজ্যৰ কেইবাখনো জিলাত মুঠ ১২৯টা চেকপইণ্ট স্থাপন কৰাৰ বিপৰীতে ৰাজ্যৰ নিৰ্দেশ উলংঘা কৰাৰ অপৰাধত আৰক্ষীয়ে প্ৰায় ১০৪৭জন লোকক আটক কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। সাধাৰণ জনতাক উৰাবাতৰি বিশ্বাস নকৰিবলৈ আৰু ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা ভিডিঅ’ৰ পৰা সাৱধান হ’বলৈ আৰক্ষীয়ে আহ্বান জনায়। বিবৃতিৰ জৰিয়তে বিষয়াসকলে জনসাধাৰণক লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰীসমূহ আৰক্ষীক ঘূৰাই দিবলৈও আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা