--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবামাহো ধৰি হিংসাৰ কবলত পৰা মণিপুৰৰ পৰিস্থিতিৰ উন্নতি হোৱা দেখা নাই। বৃহস্পতিবাৰে (০৩ আগষ্ট) বিবৃতি জাৰি কৰাৰ সময়তে আৰক্ষীয়ে ৰাজ্যখনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ বুলি অভিহিত কৰে। বিগত ২৪ ঘন্টাত ৰাজ্যত বিক্ষিপ্তভাৱে গুলীচালনা আৰু অশান্তিপূৰ্ণ জনসমাগমৰ ঘটনা সংঘটিত হৈছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এটাৰ এক প্রতিবেদন অনুসৰি ৰাজ্যৰ কৌট্ৰুক, হাৰোথেল আৰু সেনজাম চিৰাং অঞ্চলত সংঘটিত হোৱা ক্ৰছ ফায়াৰিঙৰ ফলত এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ বিপৰীতে আন এজন লোক আহত হয়৷ ৰাজ্যজুৰি সতেজ সংঘৰ্ষৰ কিছু ঘণ্টা পূৰ্বে মণিপুৰৰ জাতিগত হিংসাত নিহত কুকি-জোমি লোকক গণ সমাধিস্থ কৰাৰ পৰিকল্পনা স্থগিত ৰখা হৈছিল।

বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বহু অঞ্চলত উত্তেজনা বিৰাজ কৰিছে। বিশেষকৈ বিষ্ণুপুৰ জিলাত য'ত হাজাৰ হাজাৰ স্থানীয় লোকে ৰাজপথলৈ ওলাই আহি নিৰাপত্তাৰক্ষীৰ চলাচল বন্ধ কৰি দিয়ে। বিবৃতিটোত কোৱা হৈছে যে ফৌগাচাও ইখাই অঞ্চলত প্ৰায় ৬০০ জনীয়া অশান্তিপূৰ্ণ ভিৰ সমবেত হোৱাৰ বিপৰীতে বিষয়াসকলে ভিৰ ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়, যাৰ ফলত ২৫ জন লোক আহত হয়।

বিবৃতিটোত আৰু কোৱা হৈছে যে এই দলটোৱে কেইবাটাও অঞ্চলৰ থানাতো আক্ৰমণ চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ কাঢ়ি লৈ ​​যায়। স্পৰ্শকাতৰ অঞ্চলত অভিযান চলাবলৈ কৰ্তৃপক্ষই নিৰাপত্তা বাহিনী মোতায়েন কৰিছে। কৌট্ৰুক হিল ৰেঞ্জত যৌথ নিৰাপত্তাৰক্ষীৰ কার্যসূচীত ৭টা অবৈধ বাংকাৰ ধ্বংস হয়।

ৰাজ্যৰ কেইবাখনো জিলাত মুঠ ১২৯টা চেকপইণ্ট স্থাপন কৰাৰ বিপৰীতে ৰাজ্যৰ নিৰ্দেশ উলংঘা কৰাৰ অপৰাধত আৰক্ষীয়ে প্ৰায় ১০৪৭জন লোকক আটক কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। সাধাৰণ জনতাক উৰাবাতৰি বিশ্বাস নকৰিবলৈ আৰু ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা ভিডিঅ’ৰ পৰা সাৱধান হ’বলৈ আৰক্ষীয়ে আহ্বান জনায়। বিবৃতিৰ জৰিয়তে বিষয়াসকলে জনসাধাৰণক লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰীসমূহ আৰক্ষীক ঘূৰাই দিবলৈও আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস