--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মৰ নগৰ হিচাপে পৰিচিত বৃন্দাবনে লাখ লাখ মানুহৰ বাবে অতি তাৎপৰ্য বহন কৰি আছে। কেৱল ভাৰতৰ পৰাই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাও অসংখ্য ভক্তক আকৰ্ষণ কৰে বৃন্দাবনে। ৰাছিয়াৰ এগৰাকী যুৱতীয়ে আশীৰ্বাদ বিচাৰি বৃন্দাবনলৈ আহিছিল আৰু দৰ্শন কৰিছিল। তেওঁৰ জীৱনত এনেকুৱা এক ঘটনা ঘটিল যে তেওঁ এই পবিত্ৰ স্থানত থাকি যোৱাৰ সিদ্ধান্ত ল’লে।

ইউনা নামৰ ৩৬ বছৰীয়া ৰাছিয়ান যুৱতীগৰাকীয়ে বৃন্দাবনলৈ আহি স্থানীয় ৩৫ বছৰীয়া এজন যুৱকৰ প্ৰেমত পৰিল। ইজনে সিজনৰ প্ৰতি থকা মৰম ইমানেই গভীৰ হৈ পৰিল যে অৱশেষত দুয়ো বিয়া হোৱাৰ সিদ্ধান্ত ল’লে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ইউনাৰ ভক্তি আৰু বৃন্দাবনৰ আধ্যাত্মিক মনোমোহা পৰিৱেশে তেওঁক এই পবিত্ৰ স্থানলৈ আকৰ্ষণ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইউনা প্ৰেমত পৰিল ৰাজকৰণ নামৰ যুৱকজনৰ। ৰাজকৰণে গুৰুৰ নিৰ্দেশ অনুসৰি দুটা দশক ধৰি বৃন্দাবনত বাস কৰিছে। তেওঁ অতি  কৰ্তব্যপৰায়ণভাৱে বৃন্দাবনত গো-সেৱা কৰি আছে।
36-year-old Russian Girl Finds Love Of Her Life On A Trip To Vrindavan -  News18
হিন্দু ৰীতি-নীতি অনুসৰি বিয়া হোৱাৰ পাছত বৃন্দাবনত ৰাজকৰণৰ সমান্তৰালকৈ ইউনাই গো-সেৱাক আকোঁৱালি লয়। বৃন্দাবনলৈ ইউনা আহি একেলগে কাম কৰাৰ লগে লগে তেওঁলোকৰ বন্ধন গভীৰ হৈ আহিল আৰু ইজনে সিজনৰ প্ৰেমত পৰিল। ২০২৩ চনৰ এপ্ৰিল মাহত তেওঁলোকে হিন্দু ৰীতি-নীতিৰে দিল্লীত বিবাহপাশত আবদ্ধ হৈ নিজৰ প্ৰেমক আনুষ্ঠানিক স্বীকৃতি দিয়ে। এতিয়া, তেওঁলোকে দিনটো গৰু চোৱাচিতা কৰি কটায় আৰু সন্ধিয়া বৃন্দাবনৰ ইস্কন মন্দিৰৰ ভক্তসকলক ভোগ আগবঢ়ায় আৰু তেওঁলোকৰ মাজত ধৰ্মীয় কিতাপ আৰু চন্দন বিলাই দিয়ে।

ৰাজকৰণে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। ইউনাই হিন্দী ভাষা বুজি নোপোৱাৰ পাছতো দুয়োৰে মাজত থকা প্ৰেমৰ ভাষাই সকলো বাধা দূৰ কৰিলে। বিবাহৰ পাছৰে পৰা ইউনাই ভাৰতীয় সংস্কৃতিক সম্পূৰ্ণ হৃদয়েৰে আঁকোৱালি লৈছে। তেওঁ শাৰী পিন্ধে। শিৰত সেন্দুৰ লোৱা লগতে ডিঙিত মংগলসূত্ৰ আৰু ভৰিত পায়েল পৰিধান কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ