--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মৰ নগৰ হিচাপে পৰিচিত বৃন্দাবনে লাখ লাখ মানুহৰ বাবে অতি তাৎপৰ্য বহন কৰি আছে। কেৱল ভাৰতৰ পৰাই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাও অসংখ্য ভক্তক আকৰ্ষণ কৰে বৃন্দাবনে। ৰাছিয়াৰ এগৰাকী যুৱতীয়ে আশীৰ্বাদ বিচাৰি বৃন্দাবনলৈ আহিছিল আৰু দৰ্শন কৰিছিল। তেওঁৰ জীৱনত এনেকুৱা এক ঘটনা ঘটিল যে তেওঁ এই পবিত্ৰ স্থানত থাকি যোৱাৰ সিদ্ধান্ত ল’লে।

ইউনা নামৰ ৩৬ বছৰীয়া ৰাছিয়ান যুৱতীগৰাকীয়ে বৃন্দাবনলৈ আহি স্থানীয় ৩৫ বছৰীয়া এজন যুৱকৰ প্ৰেমত পৰিল। ইজনে সিজনৰ প্ৰতি থকা মৰম ইমানেই গভীৰ হৈ পৰিল যে অৱশেষত দুয়ো বিয়া হোৱাৰ সিদ্ধান্ত ল’লে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ইউনাৰ ভক্তি আৰু বৃন্দাবনৰ আধ্যাত্মিক মনোমোহা পৰিৱেশে তেওঁক এই পবিত্ৰ স্থানলৈ আকৰ্ষণ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইউনা প্ৰেমত পৰিল ৰাজকৰণ নামৰ যুৱকজনৰ। ৰাজকৰণে গুৰুৰ নিৰ্দেশ অনুসৰি দুটা দশক ধৰি বৃন্দাবনত বাস কৰিছে। তেওঁ অতি  কৰ্তব্যপৰায়ণভাৱে বৃন্দাবনত গো-সেৱা কৰি আছে।
36-year-old Russian Girl Finds Love Of Her Life On A Trip To Vrindavan -  News18
হিন্দু ৰীতি-নীতি অনুসৰি বিয়া হোৱাৰ পাছত বৃন্দাবনত ৰাজকৰণৰ সমান্তৰালকৈ ইউনাই গো-সেৱাক আকোঁৱালি লয়। বৃন্দাবনলৈ ইউনা আহি একেলগে কাম কৰাৰ লগে লগে তেওঁলোকৰ বন্ধন গভীৰ হৈ আহিল আৰু ইজনে সিজনৰ প্ৰেমত পৰিল। ২০২৩ চনৰ এপ্ৰিল মাহত তেওঁলোকে হিন্দু ৰীতি-নীতিৰে দিল্লীত বিবাহপাশত আবদ্ধ হৈ নিজৰ প্ৰেমক আনুষ্ঠানিক স্বীকৃতি দিয়ে। এতিয়া, তেওঁলোকে দিনটো গৰু চোৱাচিতা কৰি কটায় আৰু সন্ধিয়া বৃন্দাবনৰ ইস্কন মন্দিৰৰ ভক্তসকলক ভোগ আগবঢ়ায় আৰু তেওঁলোকৰ মাজত ধৰ্মীয় কিতাপ আৰু চন্দন বিলাই দিয়ে।

ৰাজকৰণে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। ইউনাই হিন্দী ভাষা বুজি নোপোৱাৰ পাছতো দুয়োৰে মাজত থকা প্ৰেমৰ ভাষাই সকলো বাধা দূৰ কৰিলে। বিবাহৰ পাছৰে পৰা ইউনাই ভাৰতীয় সংস্কৃতিক সম্পূৰ্ণ হৃদয়েৰে আঁকোৱালি লৈছে। তেওঁ শাৰী পিন্ধে। শিৰত সেন্দুৰ লোৱা লগতে ডিঙিত মংগলসূত্ৰ আৰু ভৰিত পায়েল পৰিধান কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement