--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্কঃ মণিপুৰত গ্ৰেপ্তাৰ হ’ল শাসকীয় দল বিজেপিৰ বিধায়ক। ইম্ফলত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত মঙলবাৰে বিজেপিৰ প্ৰাক্তন বিধায়ক তেলফুম থাংজালাম হাওকিপ আৰু আন দুজনক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে।

কুকি, মেইটেই আৰু অন্যান্য জনগোষ্ঠীয়ে বাস কৰা পশ্চিম ইম্ফল জিলাৰ অন্তৰ্গত নিউ চেকন অঞ্চলৰ পৰা বিকি চিংছন আৰু জন গাংটে নামৰ দুজন অস্ত্ৰধাৰী লোকৰ সৈতে নিৰাপত্তাৰক্ষীৰ এটা দলে হাওকিপক ধৰা পেলায়। হাওকিপৰ হাতৰ পৰা দুটা অনুজ্ঞাপত্ৰ থকা বন্দুকো জব্দ কৰা হৈছে।

ইফালে মুখ্যমন্ত্ৰী নংথোম্বম বীৰেণ সিঙে সদৰী কৰে যে সংঘাতগ্ৰস্ত ৰাজ্যখনত পষেক পূৰ্বে কমেও ৭১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ হাজাৰ লোক স্থানচ্যুত হোৱা ঘটনাত উচটনি দিয়াৰ ষড়যন্ত্ৰৰ আঁৰত প্ৰাক্তন বিধায়কগৰাকীয়েই আছিল।

উল্লেখ্য যে সোমবাৰে নিউ চেকন বজাৰত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে য’ত কেইজনমান দুষ্কৃতিকাৰীয়ে বিক্ৰেতাক ভাবুকি দি দোকানসমূহ বন্ধ কৰি দিয়ে। লগতে দুষ্কৃতিকাৰীয়ে কুকি সম্প্ৰদায়ৰ লোকসকলৰ পৰিত্যক্ত ঘৰত অগ্নি সংযোগো কৰে।

এই উত্তেজনাৰ পিছতে ভাৰতীয় সেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে, “নিউ চেকন অঞ্চলত দোকানীসকলক ভাবুকি দিয়া চাৰিজন অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ উপস্থিতিৰ বাতৰি লাভ কৰাৰ পিছত সেনা আৰু অসম ৰাইফলছৰ এটা যুটীয়া দল উক্ত অঞ্চললৈ প্ৰেৰণ কৰা হয়।”

সেনা, আছাম ৰাইফলছ, আৰক্ষী আৰু ৰেপিড একচন ফৰ্চৰ যুটীয়া দলে ক্ষীপ্ৰতাৰে অঞ্চলটো ঘেৰাও কৰে। দ্রুত পদক্ষেপৰ ফলত ভিৰ তাৎক্ষণিকভাৱে নিয়ন্ত্রণ হয় আৰু ফলস্বৰূপে, তিনিজন সন্দেহযুক্ত লোকৰ লগতে দুটা একক বেৰেল ১২ ব’ৰ বন্দুক জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা বিজেপিৰ বিধায়কজন ২০১৭ চনত হেংলেপ সমষ্টিৰ পৰা জয় লাভ কৰিছিল। পৰৱৰ্তী সময়ত ২০২০ চনত তেওঁ দলৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস