--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্কঃ মণিপুৰত গ্ৰেপ্তাৰ হ’ল শাসকীয় দল বিজেপিৰ বিধায়ক। ইম্ফলত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত মঙলবাৰে বিজেপিৰ প্ৰাক্তন বিধায়ক তেলফুম থাংজালাম হাওকিপ আৰু আন দুজনক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে।

কুকি, মেইটেই আৰু অন্যান্য জনগোষ্ঠীয়ে বাস কৰা পশ্চিম ইম্ফল জিলাৰ অন্তৰ্গত নিউ চেকন অঞ্চলৰ পৰা বিকি চিংছন আৰু জন গাংটে নামৰ দুজন অস্ত্ৰধাৰী লোকৰ সৈতে নিৰাপত্তাৰক্ষীৰ এটা দলে হাওকিপক ধৰা পেলায়। হাওকিপৰ হাতৰ পৰা দুটা অনুজ্ঞাপত্ৰ থকা বন্দুকো জব্দ কৰা হৈছে।

ইফালে মুখ্যমন্ত্ৰী নংথোম্বম বীৰেণ সিঙে সদৰী কৰে যে সংঘাতগ্ৰস্ত ৰাজ্যখনত পষেক পূৰ্বে কমেও ৭১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ হাজাৰ লোক স্থানচ্যুত হোৱা ঘটনাত উচটনি দিয়াৰ ষড়যন্ত্ৰৰ আঁৰত প্ৰাক্তন বিধায়কগৰাকীয়েই আছিল।

উল্লেখ্য যে সোমবাৰে নিউ চেকন বজাৰত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে য’ত কেইজনমান দুষ্কৃতিকাৰীয়ে বিক্ৰেতাক ভাবুকি দি দোকানসমূহ বন্ধ কৰি দিয়ে। লগতে দুষ্কৃতিকাৰীয়ে কুকি সম্প্ৰদায়ৰ লোকসকলৰ পৰিত্যক্ত ঘৰত অগ্নি সংযোগো কৰে।

এই উত্তেজনাৰ পিছতে ভাৰতীয় সেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে, “নিউ চেকন অঞ্চলত দোকানীসকলক ভাবুকি দিয়া চাৰিজন অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ উপস্থিতিৰ বাতৰি লাভ কৰাৰ পিছত সেনা আৰু অসম ৰাইফলছৰ এটা যুটীয়া দল উক্ত অঞ্চললৈ প্ৰেৰণ কৰা হয়।”

সেনা, আছাম ৰাইফলছ, আৰক্ষী আৰু ৰেপিড একচন ফৰ্চৰ যুটীয়া দলে ক্ষীপ্ৰতাৰে অঞ্চলটো ঘেৰাও কৰে। দ্রুত পদক্ষেপৰ ফলত ভিৰ তাৎক্ষণিকভাৱে নিয়ন্ত্রণ হয় আৰু ফলস্বৰূপে, তিনিজন সন্দেহযুক্ত লোকৰ লগতে দুটা একক বেৰেল ১২ ব’ৰ বন্দুক জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা বিজেপিৰ বিধায়কজন ২০১৭ চনত হেংলেপ সমষ্টিৰ পৰা জয় লাভ কৰিছিল। পৰৱৰ্তী সময়ত ২০২০ চনত তেওঁ দলৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী