--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি৷ইতিমধ্যে মণিপুৰৰ কেইবাগৰাকীও ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ উদ্দেশ্যে দিল্লী অভিমুখে ৰাওনা হৈছে৷ সাক্ষাতৰ উদ্দেশ্য-ৰাজ্যত চলি থকা হিংসাত্মক পৰিস্থিতিৰ সমাধান ক্ষিপ্ৰতাৰে কৰিবলৈ কেন্দ্ৰক হেঁচা।

যোৱা কেইদিনমানৰ পৰা ৰাজ্যখনত পুনৰ জাতিগত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে, যাৰ ফলত সাধাৰণ নাগৰিক আৰু সশস্ত্ৰ বাহিনীৰ জোৱান উভয়ৰে লোকৰ মৃত্যু হৈছে। বুধবাৰে ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ কাণ্ড দেখা গ’ল,য’ত  নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ কেডাৰ বুলি সন্দেহ কৰা অচিনাক্ত বন্দুকধাৰীয়ে মানুহক আক্ৰমণ কৰি বোমা নিক্ষেপ কৰে যাৰ ফলত কাংপকপিৰ সীমান্তৱৰ্তী পশ্চিম ইম্ফল জিলাৰ এখন গাঁৱত এদিন পূৰ্বে তিনিজন লোকৰ মৃত্যু হয়।

নতুন ঘটনাৰ পৰিপ্ৰেক্ষিতত বিধায়কসকলে কোনো পলম নকৰাকৈ সংকটৰ  উপযুক্ত সমাধানৰ বাবে দিল্লী গমন কৰিছে বুলি জানিব পৰা গৈছে। মণিপুৰৰ প্ৰায় ৩০জন বিধায়ক দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।চলিত সপ্তাহৰ আৰম্ভণিতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ ২৩ গৰাকী বিধায়কে এক প্ৰস্তাৱত স্বাক্ষৰ কৰিছিল, য’ত সংঘাতপূৰ্ণ ৰাজ্যখনৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

প্ৰস্তাৱটোত কোৱা হৈছে যে বিধানসভাৰ তলত স্বাক্ষৰিত সকলো সদস্যই সৰ্বসন্মতিক্ৰমে সংকল্প লৈছে যে আমি মণিপুৰ ৰাজ্যৰ ভূখণ্ডীয় অখণ্ডতাৰ পক্ষত থিয় দিম আৰু কোনো ধৰণৰ পৃথক প্ৰশাসনৰ ওপৰত আমাৰ সন্মতি দিয়া নহ’ব।বিধায়কসকলে শীঘ্ৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় নেতৃত্বক বুজাই দি বৰ্তমানৰ সংকটৰ সমাধান অতি সোনকালে আনিব বুলি উল্লেখ কৰিছিল। অৱশ্যে স্বাক্ষৰকাৰীসকলৰ ভিতৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিং নাই৷

উল্লেখ্য যে ইম্ফল উপত্যকাত বাস কৰা সংখ্যাগৰিষ্ঠ মেইটেই জনগোষ্ঠী আৰু চাৰিওফালৰ পাহাৰৰ পৰা অহা কুকি জনজাতীয় সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা জাতিগত সংঘৰ্ষত কমেও ১৬০ জন লোকে প্ৰাণ হেৰুৱাইছে, আৰু কেইবাশ লোক আহত হৈছে। মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰ পাছতে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক