--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘আইন সকলোৰে বাবে সমান’- বোলা কথাষাৰৰ সত্যতাৰ ওপৰতে পুনৰ প্ৰশ্ন উত্থাপন হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন দিয়াৰ পাছতে তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ক্ষুব্ধ কৃষকসকলে ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। চাৰিগৰাকী কৃষকক নিজৰ গাড়ীৰে মহটিয়াই নিয়া গোচৰত অভিযুক্ত আশিস মিশ্ৰই অনায়াসে জামিনলাভ কৰাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰত্যাহ্বান জনাই এতিয়া উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে কৃষক সংগঠনৰ প্ৰতিনিধি আৰু ভুক্তভোগীৰ পৰিয়ালৰ লোকে। অভিযুক্তই প্ৰমাণ নষ্ট কৰাৰ লগতে সাক্ষীক ভীতি প্ৰদৰ্শন কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সমগ্ৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে আবেদনকৰ্তাই। ‘এলাহাবাদ উচ্চ ন্যায়ালয়ে তুলনামূলক বিচাৰ আৰু কল্পিত ধাৰণাৰ আধাৰত অভিযুক্তক জামিন প্ৰদান কৰিছে। অভিযুক্ত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰাৰ ফলত তেওঁ প্ৰমাণ নষ্ট কৰা তথা সাক্ষীক প্ৰভাৱিত কৰাৰ আশংকা আছে।’ আৱেদনকৰ্তা কৃষক তথা ভুক্তভোগীৰ পৰিয়ালে সৰ্বোচ্চ ন্যায়ালয়ক আশিস মিশ্ৰৰ জামিন নাকচ কৰিবলৈ আবেদন জনাইছে। আৱেদনকৰ্তা অধিবক্তা শিৱ কুমাৰ ত্ৰিপাঠী আৰু চিএছ পাণ্ডাই বিশেষ তদন্তকাৰী গোটে সৰ্বোচ্চ ন্যায়ালয়ৰ আগত গোচৰটো সন্দৰ্ভত এটা প্ৰতিবেদন তাৎক্ষণিকভাৱে দাখিল কৰাৰো দাবী জনাইছে। তদুপৰি ভুক্তভোগীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনা জাৰিৰ বাবেও অধিবক্তা দুগৰাকীয়ে আৱেদন জনাইছে। উল্লেখ্য যে, মঙলবাৰে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। কাৰাগাৰৰ পিছফালৰ দুৱাৰেৰে তেওঁ এখন এছইউভি গাড়ীত উঠি কাৰাগাৰৰ পৰা ওলাই যায়। সাধাৰণ কয়েদীৰ দৰে কোনো নিয়ম তেওঁ পালন কৰিবলগীয়া হোৱা নাছিল। আশিস মিশ্ৰৰ অধিবক্তা অৱদেশ কুমাৰ সিঙে কয় যে, ন্যায়ালয়ে তিনি লাখ টকাৰ দুখন জামিন ব’ণ্ডৰ বিনিময়ত তেওঁক মুকলিৰ নিৰ্দেশ দিয়ে আৰু তেওঁক চহৰখন নেৰিবলৈ চৰ্ত বান্ধি দিয়া হৈছে। উল্লেখ্য যে, যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। এটা বিতৰ্কিত নিৰ্দেশত ন্যায়ালয়ে আৰক্ষীয়ে দাখিল কৰা তদন্তৰ ভালেমান দিশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। আশিস মিশ্ৰই কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলাবলৈ চালকক প্ৰৰোচিত কৰা বুলি আৰক্ষীয়ে অনা অভিযোগক সন্দৰ্ভতো আৰক্ষীক প্ৰশ্ন কৰে। আশিস মিশ্ৰক ন্যায়ালয়ে তদন্তকাৰী বিষয়াই বিচাৰিলেই তদন্ত প্ৰক্ৰিয়াত চামিল হ’বলৈ চৰ্ত বান্ধি দিছিল। কিন্তু এই ৰায়ক লৈ কৃষক সংগঠনসমূহে ব্যাপক প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু