--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘আইন সকলোৰে বাবে সমান’- বোলা কথাষাৰৰ সত্যতাৰ ওপৰতে পুনৰ প্ৰশ্ন উত্থাপন হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন দিয়াৰ পাছতে তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ক্ষুব্ধ কৃষকসকলে ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। চাৰিগৰাকী কৃষকক নিজৰ গাড়ীৰে মহটিয়াই নিয়া গোচৰত অভিযুক্ত আশিস মিশ্ৰই অনায়াসে জামিনলাভ কৰাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰত্যাহ্বান জনাই এতিয়া উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে কৃষক সংগঠনৰ প্ৰতিনিধি আৰু ভুক্তভোগীৰ পৰিয়ালৰ লোকে। অভিযুক্তই প্ৰমাণ নষ্ট কৰাৰ লগতে সাক্ষীক ভীতি প্ৰদৰ্শন কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সমগ্ৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে আবেদনকৰ্তাই। ‘এলাহাবাদ উচ্চ ন্যায়ালয়ে তুলনামূলক বিচাৰ আৰু কল্পিত ধাৰণাৰ আধাৰত অভিযুক্তক জামিন প্ৰদান কৰিছে। অভিযুক্ত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰাৰ ফলত তেওঁ প্ৰমাণ নষ্ট কৰা তথা সাক্ষীক প্ৰভাৱিত কৰাৰ আশংকা আছে।’ আৱেদনকৰ্তা কৃষক তথা ভুক্তভোগীৰ পৰিয়ালে সৰ্বোচ্চ ন্যায়ালয়ক আশিস মিশ্ৰৰ জামিন নাকচ কৰিবলৈ আবেদন জনাইছে। আৱেদনকৰ্তা অধিবক্তা শিৱ কুমাৰ ত্ৰিপাঠী আৰু চিএছ পাণ্ডাই বিশেষ তদন্তকাৰী গোটে সৰ্বোচ্চ ন্যায়ালয়ৰ আগত গোচৰটো সন্দৰ্ভত এটা প্ৰতিবেদন তাৎক্ষণিকভাৱে দাখিল কৰাৰো দাবী জনাইছে। তদুপৰি ভুক্তভোগীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনা জাৰিৰ বাবেও অধিবক্তা দুগৰাকীয়ে আৱেদন জনাইছে। উল্লেখ্য যে, মঙলবাৰে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। কাৰাগাৰৰ পিছফালৰ দুৱাৰেৰে তেওঁ এখন এছইউভি গাড়ীত উঠি কাৰাগাৰৰ পৰা ওলাই যায়। সাধাৰণ কয়েদীৰ দৰে কোনো নিয়ম তেওঁ পালন কৰিবলগীয়া হোৱা নাছিল। আশিস মিশ্ৰৰ অধিবক্তা অৱদেশ কুমাৰ সিঙে কয় যে, ন্যায়ালয়ে তিনি লাখ টকাৰ দুখন জামিন ব’ণ্ডৰ বিনিময়ত তেওঁক মুকলিৰ নিৰ্দেশ দিয়ে আৰু তেওঁক চহৰখন নেৰিবলৈ চৰ্ত বান্ধি দিয়া হৈছে। উল্লেখ্য যে, যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। এটা বিতৰ্কিত নিৰ্দেশত ন্যায়ালয়ে আৰক্ষীয়ে দাখিল কৰা তদন্তৰ ভালেমান দিশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। আশিস মিশ্ৰই কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলাবলৈ চালকক প্ৰৰোচিত কৰা বুলি আৰক্ষীয়ে অনা অভিযোগক সন্দৰ্ভতো আৰক্ষীক প্ৰশ্ন কৰে। আশিস মিশ্ৰক ন্যায়ালয়ে তদন্তকাৰী বিষয়াই বিচাৰিলেই তদন্ত প্ৰক্ৰিয়াত চামিল হ’বলৈ চৰ্ত বান্ধি দিছিল। কিন্তু এই ৰায়ক লৈ কৃষক সংগঠনসমূহে ব্যাপক প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু