--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিমান যে মৰ্মান্তিক! হয়, এয়া আছিল কেদাৰনাথৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পূৰ্বে এগৰাকী পাইলটৰ পত্নীৰ সৈতে হোৱা শেষ কথোপকথন। ১৮ অক্টোবৰত উত্তৰাখণ্ডৰ কেদাৰনাথত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত পাইলটসহ মুঠ ৭ জন লোকৰ মৃত্যু হয়। আৰু বৰ্তমান চৰ্চালৈ আহিছে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পাইলটগৰাকীৰ পৰিয়ালৰ সৈতে শেষবাৰৰ বাবে হোৱা কথা-বতৰাৰ তথ্য। মৃত্যুৰ এদিন পূৰ্বে যেতিয়া হেলিকপ্টাৰ পাইলট অনিল সিঙে পত্নীৰ সৈতে কথা পাতিছিল, তেতিয়া তেওঁ কন্যাৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। পাইলটগৰাকীৰ পত্নীয়ে আগবঢ়োৱা এই বিশেষ মন্তব্যত বৰ্তমান সকলো মৰ্মাহত হৈ পৰিছে।

হয়, দৰ্শনৰ বাবে উত্তৰাখণ্ডৰ কেদাৰনাথত উপস্থিত হয় হাজাৰ হাজাৰ ভক্ত। ইয়াৰে বহু লোক হেলিকপ্টাৰেৰে কেদাৰনাথলৈ যায়। ইয়াত ব্যক্তিগত কোম্পানীৰ হেলিকপ্টাৰে এই সেৱা আগবঢ়ায়। ১৮ অক্টোবৰ মঙলবাৰে কেদাৰনাথৰ গৰুদাচট্টিত ৬ জন লোকৰ সৈতে এখন ব্যক্তিগত কোম্পানীৰ হেলিকপ্টাৰে উৰা মাৰিছিল যদিও উৰণৰ কিছু সময়ৰ পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বিমানখনত থকা আটাইকেইজন লোকৰ থিতাতে মৃত্যু হয়।

এই হেলিকপ্টাৰৰ পাইলট হিচাপে থকা অনিল সিং মুম্বাইৰ আন্ধেৰী উপনগৰৰ এখন আৱাসিক সমাজত বাস কৰিছিল। ইহসংসাৰত এৰি থৈ যায় পত্নী শ্বিৰিন আনন্দিতাৰ লগতে কন্যা ফিৰোজা সিঙক। পেছাত চলচ্চিত্ৰ লেখিকা আনন্দিতাই কয় যে, 'শেষবাৰৰ বাবে কালি (সোমবাৰ) তেওঁৰ ফোন আহিছিল। মোৰ ছোৱালীজনী সুস্থ নহয়। সেয়ে তেওঁ মোক মোক কণমানিজনীৰ যত্ন ল'বলৈ কৈছিল।'

মূলতঃ পূব দিল্লীৰ শ্বাহদৰা অঞ্চলৰ বাসিন্দা সিং যোৱা ১৫ বছৰ ধৰি মুম্বাইত বাস কৰিছিল। ইফালে পত্নী আনন্দিতাই কয় যে তেওঁৰ কাৰো বিৰুদ্ধে কোনো অভিযোগ নাই কাৰণ সেয়া আছিল এক দুৰ্ঘটনা মাত্ৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু